নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

ভাৰতীয় চিকিৎসা মহাবিদ্যালয়
(নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Nalbari Medical College and Hospital) অসমৰ নলবাৰী জিলানলবাৰীত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। মহাবিদ্যালয়খনে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।[3]

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
স্থাপিত ২০২৩
(১ বছৰ  আগতে)
 (2023)
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধ্যক্ষ ডাঃ যোগেশ শৰ্মা[1]
স্নাতক শিক্ষাৰ্থী ১০০
স্থান দক্ষিণগাঁও, নলবাৰী, অসম, ভাৰত
চৌহদ উপ-চহৰাঞ্চল
ভুক্তি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ৱেবছাইট www.nalbarimcassam.org

ইতিহাস সম্পাদনা কৰক

নলবাৰী জিলাৰ দক্ষিণ গাঁৱত ১৩২ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনৰ ২০১৯ ত তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চাংসাৰিত নিৰ্মিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী লগতে আন তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।[4][5] এই তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত নলবাৰী চিকিৎসা মহাবিদ্যালয় অন্যতম। ডাঃ যোগেশ শৰ্মা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।

পাঠ্যক্ৰম সম্পাদনা কৰক

২০২৩-২৪ শিক্ষাবৰ্ষত মহাবিদ্যালয়খনে ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ সৈতে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে।[6]

অৱস্থান সম্পাদনা কৰক

নলবাৰী চিকিৎসা মহাবিদ্যালয় অসমৰ নলবাৰী জিলাৰ নলবাৰী চহৰৰ দক্ষিণগাঁৱত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী নলবাৰী ৰেল ষ্টেচনৰ পৰা ই ১২ কিঃমিঃ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৬৯ কিঃমিঃ নিলগত অৱস্থিত। নলবাৰী চহৰৰ পৰা মহাবিদ্যালয়লৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্য উৎস সম্পাদনা কৰক

  1. "CM Himanta visits Nagaon and Nalbari Medical College and Hospitals" (en ভাষাত). The Sentinel. 3 February 2023. https://www.sentinelassam.com/north-east-india-news/assam-news/cm-himanta-visits-nagaon-and-nalbari-medical-college-and-hospitals-635899। আহৰণ কৰা হৈছে: 30 April 2023. 
  2. "Nalbari Medical College" (en ভাষাত). Nalbari Medical College. http://nalbarimcassam.org/। আহৰণ কৰা হৈছে: 30 April 2023. 
  3. "Academic activities at Nagaon, Nalbari, Kokrajhar medical colleges from October" (en ভাষাত). India Today. http://www.indiatodayne.in/assam/story/academic-activities-at-nagaon-nalbari-kokrajhar-medical-colleges-from-october-506739-2023-02-02। আহৰণ কৰা হৈছে: 30 April 2023. 
  4. "১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.com/assam/modi-will-inaugurate-medical-colleges-in-kokrajhar-nagaon-and-nalbari/. 
  5. "PM Modi Dedicates Northeast's 1st AIIMS, 3 New Medical Colleges In Assam" (en ভাষাত). NDTV. https://www.ndtv.com/india-news/pm-narendra-modi-dedicates-northeasts-1st-aiims-3-new-medical-colleges-in-assam-3947632। আহৰণ কৰা হৈছে: 30 April 2023. 
  6. "NMC Approves 100 MBBS Seats for Nalbari Medical College" (en ভাষাত). Pratidin Times. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/nmc-approves-100-mbbs-seats-for-nalbari-medical-college। আহৰণ কৰা হৈছে: 30 April 2023.