নলবাৰী নগৰ

ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ

নলবাৰী (উচ্চাৰণ: nɔ:lˈbɑ:rɪ) ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ এখন চহৰ।

নলবাৰী
—  চহৰ  —
Sunset at Nalbari.jpgনলবাৰীত সূৰ্যাস্ত
নলবাৰী is located in Assam
নলবাৰী
অসমত নলবাৰীৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°26′42″N 91°26′24″E / 26.445°N 91.440°E / 26.445; 91.440স্থানাংক: 26°26′42″N 91°26′24″E / 26.445°N 91.440°E / 26.445; 91.440
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল পশ্চিম অসম
জিলা নলবাৰী
উচ্চতা ৪২ মিটাৰ (১৩৭.৮০ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১১,৪৮,৮২৪ জন
ভাষা
 - আনুষ্ঠানিক অসমীয়া
সময় অঞ্চল আই-এচ-টি (গ্ৰী.মা.স.+5:30)
PIN ৭৮১৩৩৫
টেলিফোন কোড ০৩৬২৪
যানবাহনৰ নম্বৰ AS-14-XXXX

নামকৰণ সম্পাদনা কৰক

নলবাৰী 'নল' আৰু 'বাৰী'ৰ পৰা অহা। নল এবিধ উদ্ভিদ আৰু বাৰী মানে উদ্যান।

বুৰঞ্জী সম্পাদনা কৰক

প্ৰাচীন কালত পশ্চিম অসমক কামৰূপ বোলা হৈছিল, যাৰ মধ্য অসম দেৱকৰ সৈতে ভাল সম্পৰ্ক আছিল। কামৰূপ ৰাজ্য কিছুমান পীঠত বিভক্ত আছিল; নলবাৰী আছিল কামপীঠত। ঔপনিৱেশিক কাললৈকে অঞ্চলটোক কামৰূপেই বোলা হৈছিল। ১৯৮৫ চনত নলবাৰী জিলা সৃষ্টি হোৱাৰ আগলৈকে কামপীঠৰ কাষৰীয়া অঞ্চল অবিভক্ত কামৰূপ আছিল।

বিকাশ সম্পাদনা কৰক

২০ৰ দশকৰ আগৰফালে নলবাৰীত এটি ৰেলৱে ষ্টেচন নিৰ্মিত হ'ল। ৰেল চলাৰ পিছত ৰাজ্যৰ বাহিৰৰ বহু ব্যৱসায়ীয়ে থলুৱা লোকক লগ কৰাৰ সুযোগ পালে। ৰেল ষ্টেচন পথত বাণিজ্য আৰম্ভ হ'ল। তেতিয়ালৈ নলবাৰী মাধ্যমিক ইংৰাজী বিদ্যালয় স্থাপন হ'ল, যাক ১৯১৭ত গৰ্ডন হাইস্কুললৈ উন্নীত কৰা হ'ল। দুয়ো ঘটনাই এই নতুন ৰূপে সজাই লোৱা ঠাইলৈ মানুহক আকৰ্ষিত কৰিলে। ই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে এক শক্তিশালী বাণিজ্য কেন্দ্ৰ হ'লগৈ। ঠাইটোলৈ প্ৰব্ৰজন তীব্ৰতৰ হ'ল। জনসংখ্যা বাঢ়িল, কেইবাটাও প্ৰশাসনিক ভৱন স্থাপিত হ'ল আৰু ১৯৩১লৈ ই এক চহৰৰ ৰূপ ল'লে। ১৯৪১ত ইয়াক এটি নগৰ সমিতি আৰু ৩৫৭৮ৰ জনসংখ্যাৰ সৈতে কামৰূপ জিলাৰ এক নগৰ হিচাপে স্থান দিয়া হ'ল। ১৯৪৫ত নলবাৰী মহাবিদ্যালয় এক অস্থায়ী গৃহত স্থাপিত হ'ল আৰু ১৯৫০ত ইয়াক বৰ্তমানৰ ঠাইলৈ লৈ যোৱা হ'ল যাৰ বাবে বিদ্যাপুৰ-শান্তিপুৰ অঞ্চলৰ জনসংখ্যা ব্যাপকভাৱে বৃদ্ধি পালে। পাল্লা পথত জন কল্যাণ বিভাগৰ কাৰ্যালয় স্থাপন হ'ল, যিয়ে গোপালবজাৰ এলেকাটোৰ বিকাশত সহায় কৰিলে। ১৯৬৮ত নলবাৰীক এক মহকুমালৈ উন্নিত কৰা হ'ল, আৰু ১৯৮৪ত নলবাৰী জিলাৰ সদৰ ঠাইৰ মৰ্যাদা দিয়া হ'ল।[1]

জলবায়ু সম্পাদনা কৰক

নলবাৰীৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.8
(83.8)
32.2
(90.0)
38.4
(101.1)
39.0
(102.2)
37.0
(98.6)
38.3
(100.9)
36.5
(97.7)
36.2
(97.2)
35.8
(96.4)
34.3
(93.7)
31.0
(87.8)
28.1
(82.6)
গড় উষ্ণতা - উচ্চ °C (°F) 23.6 26.2 30.0 31.2
(88.2)
31.2
(88.2)
31.7
(89.1)
31.9
(89.4)
32.2
(90.0)
31.7
(89.1)
30.3
(86.5)
27.6
(81.7)
24.7
(76.5)
29.36
(84.84)
গড় উষ্ণতা - নিম্ন °C (°F) 10.3
(50.5)
12.0
(53.6)
15.9
(60.6)
20.0
(68.0)
22.7
(72.9)
24.9
(76.8)
25.6
(78.1)
25.6
(78.1)
24.7
(76.5)
21.9
(71.4)
16.7
(62.1)
11.8
(53.2)
19.34
(66.82)
সৰ্বনিম্ন উষ্ণতা °C (°F) 4.7
(40.5)
5.1
(41.2)
8.3
(46.9)
13.0
(55.4)
16.2
(61.2)
20.4
(68.7)
21.4
(70.5)
22.1
(71.8)
19.7
(67.5)
13.6
(56.5)
10.3
(50.5)
6.0
(42.8)
সাঁচ:Min/12
বৰ্ষাপাত mm (ইঞ্চি) 11.9
(0.469)
18.3
(0.72)
55.8
(2.197)
147.9
(5.823)
244.2
(9.614)
316.4
(12.457)
345.4
(13.598)
264.3
(10.406)
185.9
(7.319)
91.2
(3.591)
18.7
(0.736)
7.1
(0.28)
1,717.7
(67.626)
% আৰ্দ্ৰতা 79 65 57 68 75 81 83 82 83 82 82 82 76.6
Avg. rainy days 1.8 2.9 5.8 13.1 17.0 19.6 22.3 18.5 15.2 7.4 2.8 1.3 127.7
সূৰ্যোদয়ৰ সময় 226.3 214.7 220.1 201.0 192.2 132.0 124.0 161.2 138.0 204.6 231.0 232.5 2,277.6
উৎস: World Meteorological Organization

শিক্ষা সম্পাদনা কৰক

নলবাৰীত শিক্ষাৰ সুযোগ উচ্চ মানৰ। নলবাৰী সংস্কৃত শিক্ষাৰ বাবে জনা যায়, আৰু সেই কাৰণেই নলবাৰীক 'নৱদীপ' বুলিও কোৱা হয়।

নলবাৰীত ১৮৮৭ত প্ৰথম বিদ্যালয় স্থাপন হ'ল যাক পিছলৈ নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় (Nalbari Govt. Gurdon HS School) নাম দিয়া হ'ল। নলবাৰী মহাবিদ্যালয়, নলবাৰী সংস্কৃত মহাবিদ্যালয়, নলবাৰী বাণিজ্য মহাবিদ্যালয়, এম এন চি বালিকা মহাবিদ্যালয় আদি নলবাৰী চহৰৰ প্ৰধান মহাবিদ্যালয়। ২৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৪৫ খন উচ্চ ইংৰাজী বিদ্যালয়, ২৭৬ খন মধ্য ইংৰাজী আৰু এম-ভি স্কুলৰ সৈতে, নলবাৰী জিলাৰ শিক্ষাৰ আন্তঃগাঁথনি ভাল।

ইয়াৰ উপৰিও নলবাৰী চহৰত প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত "কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুুুুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়" স্থাপন কৰা হয় আৰু সৰিয়হতলিৰ "তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ" ইয়াৰ লগতে যোগ হয়।[2]

ৰাজনীতি সম্পাদনা কৰক

নলবাৰী মঙ্গলদৈ (লোকসভা সমষ্টি)ৰ অন্তৰ্গত[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Ganguly, J. B.. Urbanization and Development in North-east India: Trends and Policy Implications. Deep and Deep Publications. পৃষ্ঠা. 191. 
  2. "Planetarium and the Science Centre". newslivetv.com. http://www.newslivetv.com/news/index.php?aID=26740&s=b187a88c284ac334c3124473fc5fc281&cat=1&newsType=2। আহৰণ কৰা হৈছে: 2012-05-23. 
  3. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 

লগতে চাওক সম্পাদনা কৰক