নাও খেলৰ গীত
নাও খেলৰ গীত হৈছে বিবিধ বিষয়ক লোকগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো আমনিয়ে হেঁচি ধৰে আৰু সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয়। কিন্তু ইয়াক নাৱৰীয়াৰ গীত বুলি ক'লেহে আটাইখিনি গীত সামৰি লয়। মাছমৰা নাৱৰীয়া, দূৰদেশলৈ অহা-যোৱা সাউদৰ নাৱৰীয়া আদিয়ে ব'ঠাৰ চেৱে চেৱে গীত গায়।[1]
নাও খেলৰ গীত | |
---|---|
সাংস্কৃতিক উৎপত্তি | লোক সাহিত্য |
ৰাধ-কৃষ্ণৰ প্ৰণয়ৰ কাহিনীও নাও খেলৰ গীতৰ বিষয়বস্তু। ৰাধা গৈছিল মথুৰা হাটলৈ। কৃষ্ণক খটনি ধৰিলে নাৱেৰে পাৰ কৰিবলৈ। কৃষ্ণই পাৰেমানে পলম কৰিছে—[2]
(১) কানাই পাৰ কৰ ৰে, বেলিৰ দিকে চাৱা।
নষ্ট গৈল দুধেৰ ভাণ্ডাৰ ৰজাৰ গৈল বয়া।।
(২) নালাগে তোহাৰ কড়ি নকৰো মই পাৰ।
অন্য ঘাটে গৈয়া ৰাধা হৈয়ো তুমি পাৰ।।
বহল পানীত দীঘলীয়াকৈ নাও বাই যাওঁতে দীঘলীয়া সুৰৰ এবিধ গীত গোৱা হয়। দুই- এটি গীত আছে নাও- নাৱৰীয়াৰ লগত কোনো সম্পৰ্ক নাই। ইয়াৰ সুৰটোহে আচল বস্তু—[3]
ৰাতি পোৱাইলৰে কুৰুৱাই দিলে ৰাৱ৷
বালিত বাগৰি কান্দে দুটি বাঘৰ চাৱ।।
সাহিত্যিক দৃষ্টিৰে চালে এই গীতফাকিৰ কাব্য-চিত্ৰ মনোৰম। তলৰ গীতফাকিৰ কাব্যিক সৌন্দৰ্যও বিশেষ উল্লেখযোগ্য—[4]
আবেলি বেলিকা বানে বৰষুণে
সাতো সাগৰৰে ৰেৱা;
পাৰোনে নোৱাৰো ক'বকে নোৱাৰোঁ
দিলোঁ সাগৰতে খেৱা।।
বহল সাগৰৰ বুকুলৈ আবেলি বেলিকা নাও মেলি দিয়া নাৱৰীয়াৰ মনোধৰ্মী আৱেগ ইয়াত ফুটি ওলাইছে। নাও খেলৰ গীতৰ পৰিমাণ সৰহীয়া নহ'লেও বিষয়বস্তু আৰু উদ্দেশ্যৰ পিনৰ পৰা নাও খেলৰ গীতৰ মূল্য বহুত ওপৰত।