নাক (ইংৰাজী: nose) হৈছে মেৰুদণ্ডীৰ দেহত থকা একপ্ৰকাৰৰ সংবেদক অংগ। নাকৰ ন্যাসৰন্ধ্ৰইদি শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। নাকৰ পাছফালে অলফেক্টৰি মিউকছা আৰু ছাইনাছ থাকে। নাসিকা গহ্বৰৰ পৰা বায়ু ফেৰিংছৰ মাজেৰে হাঁওফাঁওত প্ৰৱেশ কৰে।

নাক

কুকুৰৰ নাক অতি সংবেদনশীল
সবিশেষ
চিনাক্তকাৰক
লেটিন নেছাছ (Nasus)
MeSH D009666
TA98 A06.1.01.001
A01.1.00.009
TA2 117
দেহতাত্ত্বিক পৰিভাষা

বায়ু সৰবৰাহ সম্পাদনা কৰক

নাক হৈছে শ্বাস তন্ত্ৰৰ এটা অংশ। ই বায়ুৰ পৰা অক্সিজেন গ্ৰহন কৰা আৰু কাৰ্বন ডাই অক্সাইড নিস্কাসন কৰাৰ পথ হিচাপে কাৰ্য কৰে। বাহ্যিক পৃথিৱী আৰু দেহৰ মাজৰ সমন্বয় ৰক্ষাকাৰী হিচাপে ই আৰু ইয়াৰ সংলগ্ন গঠনসমূহে বায়ুৰ সৈতে জড়িত অন্য কিছুমান কামো কৰে; যেনে- গন্ধ লোৱা, দেহলৈ প্ৰৱেশ কৰা বায়ু গৰম কৰা/সেমেকা কৰা আদি। যিকোনো অবাঞ্চিত কণা হাঁওফাঁওত প্ৰৱেশ কৰাত বাধা দিবৰ বাবে নাকৰ ভিতৰফালে অসংখ্য নোম থাকে।

দিক্ নিৰ্ণয় সম্পাদনা কৰক

কুকুৰৰ সেমেকা নাক দিক নিৰ্ণয়ৰ বাবেও উপযোগী। চালত থকা সংবেদনশীল সংগ্ৰাহকে কোনো এটা গন্ধ কোন দিশৰ পৰা আহিছে, সেইটো নিৰ্ণয় কৰিব পাৰে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Dijkgraaf S.;Vergelijkende dierfysiologie;Bohn, Scheltema en Holkema, 1978, ISBN 90-313-0322-4