নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য। চাহ জনজাতিলোকৰ বিয়াত এই নাচ এক আকৰ্ষণীয় বিষয়। তদুপৰি আন আন সামাজিক উৎসৱতো এই নাচ অনুষ্ঠিত হয়।

বিৱৰণ সম্পাদনা কৰক

নাটুৱাজনে ভাওনাত ভাৱৰীয়াই পিন্ধা পোছাক পিন্ধে আৰু মূৰত মুকুট থাকে। ভৰিত 'ঘুংগুৰ' (জুনুকা) পিন্ধা নাটুৱাজন হাতত ঢাল আৰু তৰোৱাল লয় আৰু বাদ্য আৰু গীতৰ ছেৱে ছেৱে এক বিশেষ ভংগীৰ নৃত্য পৰিৱেশন কৰে। এই নৃত্যত বজোৱা বাদ্যবোৰ হ'ল-

  1. ভেঁড় (এক বিশেষ ধৰণৰ পেঁপাৰ দৰে বাদ্য, দীঘলে আঠ- দহ হাত)
  2. ঢাক ( এবিধ ডাঙৰ আৰু দীঘল মোৰ)
  3. চেহনাই (এবিধ পেঁপা; আগ অংশ পিতলেৰে তৈয়াৰী)
  4. কুৰুধাতু (শিঙাৰ দৰে এবিধ দীঘল বাদ্য)

সাধাৰণতে বৰযাত্ৰীৰ লগত আগে আগে নাটুৱাই নাচি নাচি গৈ থাকে। নাটুৱা কুৰিজন পৰ্যন্ত থাকিব পাৰে। কইনাঘৰীয়া বা আন লোকে বৰযাত্ৰীক আগছিলে নাটুৱাই নৃত্য পৰিৱেশন কৰি দেখুৱাব লাগে। কইনা ঘৰতো নাটুৱাৰ নাচ অনুষ্ঠিত হয়। এই নাচ বৰ্তমান মধ্যপ্ৰদেশ আৰু বিহাৰৰ কোনো কোনো ঠাইত প্ৰচলিত আছে। সেই ঠাইৰপৰা অসমলৈ প্ৰব্ৰজন কৰা উল্লিখিত জনজাতি লোকৰ মাজত এই নাচ প্ৰচলিত। অতীতত এই জাতিৰ লগত আন এটা জাতিৰ সঘনে যুদ্ধ- বিগ্ৰহ লাগিছিল। এটা জাতিয়ে যুদ্ধলৈ আগবাঢ়ি যাওঁতে নতুবা যুদ্ধজয় কৰি উভতি আহোঁতে যুঁজাৰু দলৰ আগত এনে নাটুৱা দল নিছিল। সেই পৰম্পৰা বৰ্তমান বৰযাত্ৰী আগবাঢ়ি যাওঁতে প্ৰচলিত থকা হৈ ৰʼল। হাতৰ ঢাল আৰু তৰোৱাল জৰিয়তে যুদ্ধ কৰাৰ অংগি- ভংগীয়েই এই নাচৰ বিশেষ মুদ্ৰা[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. অসমৰ সংস্কৃতি কোষ. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৩৬০,৩৬১. ISBN 978-93-81485-73-6.