নামদাং নদী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
নামদাং নদী হৈছে দিখৌ নদীৰ উপনদী। নামদাং নদীখন নগাপাহাৰৰ পাদদেশত উৎপত্তি হৈছে।
নামদাং নদী | |
দেশ | ভাৰত |
---|---|
প্ৰদেশ | অসম |
উৎস | নগাপাহাৰৰ পাদদেশ |
মোহনা | দিখৌ নদী |
- অৱস্থান | শিৱসাগৰ জিলা, অসম, ভাৰত |
গতিপথ
সম্পাদনা কৰকনগাপাহাৰৰ পাদদেশত উৎপত্তি হৈ নামদাং নদীখন ২ কি:মি: বৈ আহিছে। তাৰ পিছত শিৱসাগৰ জিলাৰ সীমাইদি ২.৫ কি:মি: বৈ গৈ নাগালেণ্ডৰ মোককচাং আৰু টুৱেনচাং জিলাৰ সীমাইদি ৰঙাগৰাৰ পৰা ৩ কি:মি: আহি মেকিপুৰ চাহ বাগিছা আৰু নাজিৰা গেলেকি পথ পাৰ হৈ পশ্ছিমমুৱা হয়। ইয়াৰ পৰা শলগুৰি গাঁও পাৰ হৈ কালুগাঁওৰ ৰূপজানৰ সৈতে লগ লাগি সৰ্পিল পথেৰে উত্তৰ পশ্ছিমমুৱা হয়। আকৌ তাৰ পৰা জেৰেঙা বিলৰ দক্ষিণেদি ৬ কি:মি: আহি চাৰিঙীয়া জানৰ লগ হৈ আকৌ উত্তৰমুৱা হৈ ৩০০ বছৰ পুৰনি নামদাঙৰ শিলৰ সাঁকোৰ তলেদি পাৰ হৈ সামান্য উত্তৰত দিখৌ নদীত পৰিছে।
নামদাঙৰ প্ৰধান উপনদী
সম্পাদনা কৰকটিফুক বা নামতি নদী
সম্পাদনা কৰকটিফুক বা নামতি নদী নদীখন গেলেকি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই উত্তৰমুৱা হৈ নামতি বঙালীগাঁও পায় ইয়াৰ পৰাই নামতি নদী নামেৰে দুলিয়াগাঁও পাৰ হৈ উত্তৰ-পশ্ছিমমুৱা হয় । ইয়াৰ পৰা ৰেলপথ আৰু কুকুৰাচোৱা পাৰ হৈ মাউত গাঁওত দিকচু নদী লগ হয় আৰু তেতিয়াৰ পৰা এই নদীক টিফুক নদী বোলা হয় । টিফুক নদী উত্তৰ-পশ্ছিম দিশত ২.৫ কি:মি: আহি পশ্ছিম চাৰিঙীয়া জানৰ লগ লাগে । তাৰ পৰা ৪ কি:মি: আহি মাহীগাঁওত নামদাঙত পৰে । নদী খনৰ দৈৰ্ঘ প্ৰায় ১৯ কি:মি:।