মূল মেনু খোলক

দিখৌ নদী (ইংৰাজী: Dikhow River, টাই ভাষা:খে-নাম ছে) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীখন দৈৰ্ঘ্য প্ৰায় ২০০ কি:মি: আৰু ইয়াৰ অৱবাহিকা ৪৩৭২ বৰ্গ কি:মি: আগুৰি আছে।

দিখৌ নদী
নাজিৰাৰ কাষত দুখৌ নদীত মানুহে সাঁতোৰাৰ দৃশ্য
দেশ  ভাৰত
প্ৰদেশ অসম
উৎস খোমি
 - অৱস্থান নাগালেণ্ড, ভাৰত
 - উচ্চতা 1,823 m (5,981 ft)
মোহনা ব্ৰহ্মপুত্ৰ
 - অৱস্থান দেওঘৰীয়া, শিৱসাগৰ জিলা, অসম, ভাৰত
দৈৰ্ঘ্য 200 কিমি ( মাইল)

উৎপত্তিসম্পাদনা কৰক

উত্তৰ-পূব ভাৰতনাগালেণ্ড ৰাজ্যৰ ১৮২৩ মি: উচ্চতাৰ খোমি নামৰ ঠাইৰ পৰা দিখৌ নদীখনৰ উৎপত্তি হৈছে। ই লংগা নামেৰে তাৰ পৰা বৈ আহিছে।

গতিপথসম্পাদনা কৰক

প্ৰথমতে লংগা নামেৰে উত্তৰ-পশ্চিম দিশত এই নদীখন ২০ কি:মি: আহি উত্তৰ-পূবমুৱা হৈ বৈ আহিছে। এই দৰে ২৫ কি:মি: আহি চিমংচি নৈ লগ লাগি নতুন নাম লয় তেজলা বা নংগা বা দিখৌ। তাৰ পৰা এটা গিৰিখাটেদি ৩৫ কি:মি: আহি প্ৰধান উপনৈ য়াংমুনৰ সৈতে লগ লাগে। ইয়াৰ পৰা নৈখে টুৱেনচাং আৰু মন জিলাৰ উত্তৰ দিশেদি ১৮ কি:মি: আহি নাগালেণ্ডৰ নাগিনীমৰা পৰা ২ কি:মি: দক্ষিণত ছেতাপ নৈ লগ লাগি শিৱসাগৰ জিলাত সোমাই। নাগিনীমৰাৰ পৰা দিখৌ নৈ খনে ২কি:মি: আহি বামুনি পুখুৰী চাহ বাগিছা পায়। এই বাগিছাৰ পৰা ৩ কি:মি: বৈ আহি চন্টকত চন্টক নৈ লগ হয়। চন্টকৰ পৰা দিখৌ নদীখন উত্তৰ-পশ্চিমমুৱা হৈ নাগিনীমৰা-শিমলুগুৰি ৰেলপথৰ কাষেদি ১৬ কি:মি: নাজিৰা নগৰৰ পূবেদি এটা পাকমাৰি ধোদৰ আলি পাৰ হৈ ২ কি:মি: আহি গড়গাঁও পায়। গড়গাঁৱৰ পৰা ৮ কি:মি: ভটিয়াই নৈ খন চেৰেকা পাৰ পায়হি । চেৰেকাপাৰৰ পৰা নৈখন সৰ্ম্পূণকৈ পশ্ছিমমুৱা হৈ পানীচকী আৰু মেটেকাঘাত পাৰ হৈ ৪ কি:মি: আহি শিৱসাগৰ নগৰ পায়। শিৱসাগৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৪ কি: মি: আহি ৰূপহীমুখ পায়। ৰূপহীমুখৰ পৰা দিখৌ নদীখন পশ্ছিমমুৱা হৈ ৩ কি:মি: আহি নামদাং নদীৰ সৈতে লগ লাগে । তাৰ পাছত দিখৌখন আকৌ উত্তৰ পশ্ছিমমুৱা হয়। এই দৰে ১ কি:মি: আহি নৈ খন গৌৰীসাগৰ পায়। ইয়াৰ পৰা নৈখন ৯ কি:মি: ভটিয়াই দিখৌমুখৰ পৰা ৪ কি:মি: পূবত দেওঘৰীয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰে।

উপনৈসম্পাদনা কৰক

দিখৌ নদীখনৰ প্ৰধান উপনদী খনৰ নাম হৈছে নামদাং নদী

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক