নামদাঙৰ শিলৰ সাঁকো
নামদাঙৰ শিলৰ সাঁকো (ইংৰাজী: Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।
নামদাঙৰ শিলৰ সাঁকো | |
---|---|
![]() নামদাঙৰ শিলৰ সাঁকোখন নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে | |
স্থানীয় | শিৱসাগৰ, অসম |
তদাৰক সংস্থা | অসম চৰকাৰ |
ডিজাইনাৰ | বংগদেশৰ কাৰিকৰ |
ডিজাইন | Arch bridge |
পদাৰ্থ | শিল |
মুঠ দৈৰ্ঘ্য | ৬০ মিটাৰ |
প্ৰস্থ | ৬.৫ মিটাৰ |
উচ্চতা | ১.৭ মিটাৰ |
নিৰ্মাণ শেষ হয় | ১৭০৩ |
ইতিহাসসম্পাদনা কৰক
এই দলংখন ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল। পিছত তাৰপৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল।
অৱস্থিতিসম্পাদনা কৰক
দলংখন শিৱসাগৰ জিলাৰ দিখৌনৈৰ উপনৈ নামদাঙৰ ওপৰত অৱস্থিত।
বিশেষত্বসম্পাদনা কৰক
দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল।[1][2] বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে। আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো উল্লেখযোগ্য।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Namdang Stone Bridge". Maps Of India. http://www.mapsofindia.com/assam/tourism/namdang-stone-bridge.html। আহৰণ কৰা হৈছে: 25 April 2010.
- ↑ Sajnani, Manohar. "Management Resources". Encyclopaedia of tourism resources in India. 1. পৃষ্ঠা. 20. http://books.google.co.in/books?id=vdMNBxOsvrUC&pg=PA20&dq=namdang+stone+bridge&cd=1#v=onepage&q=namdang%20stone%20bridge&f=false.