নামনি ছিয়াং জিলা
নামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ জনজাতিৰ৷
নামনি ছিয়াং জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২২ নৱেম্বৰ ২০১৭ |
সদৰ | লিকাবালি |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পশ্চিম, অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ২ টা (লিকাবালি, নাৰি-কয়ো) |
ইতিহাস
সম্পাদনা কৰক২০১৩ চনৰ ২১ মাৰ্চত সেইসময়ৰ মুখ্যমন্ত্ৰী নবাম টুকীৰ অধীনৰ অৰুণাচল প্ৰদেশ ৰাজ্যিক চৰকাৰে নামনি ছিয়াং জিলা সৃষ্টিৰ প্ৰস্তাৱটোত অনুমোদন জনায়৷[1] পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ এই নতুন জিলা সৃষ্টিৰ সিদ্ধান্ত লোৱা হয়৷[2]
জিলাখনৰ সদৰ ঠাইক লৈ কিছু মতবিৰোধ সৃস্টি হোৱাত এই সিদ্ধান্ত কাৰ্যকৰী কৰাত পলম হয়৷[3] অৱশেষত ২০১৭ চনৰ ২২ ছেপ্টেম্বৰত লিকাবালিক অস্থায়ী সদৰ হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে জিলাখন গঠনৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰে৷[4][5]
প্ৰশাসন
সম্পাদনা কৰকনামনি ছিয়াং জিলাখন লিকাবালি আৰু নাৰি-কয়ো (Nari-Koyu) বিধানসভা সমষ্টিৰে গঠিত৷
জনসংখ্যা
সম্পাদনা কৰক২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ৮০,৫৯৭ জন৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ (Galo) জনজাতিৰ৷
ভাষা
সম্পাদনা কৰকজিলাখনত ব্যৱহৃত মূল ভাষা হৈছে গাল’৷ এই ভাষাটো চীন-তিব্বতীয় মূলৰ৷[6]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Arunachal clears bill for four new districts". The Times of India. 22 March 2013. https://timesofindia.indiatimes.com/city/guwahati/Arunachal-clears-bill-for-four-new-districts/articleshow/19120040.cms.
- ↑ "Arunachal to get four new districts". timesofindia. 2013-01-16. Archived from the original on 2013-07-04. https://archive.today/20130704113703/http://articles.timesofindia.indiatimes.com/2013-01-16/guwahati/36373386_1_new-districts-changlang-west-siang। আহৰণ কৰা হৈছে: 2013-01-16.
- ↑ "New district". The Telegraph. 8 August 2014. http://www.telegraphindia.com/1140808/jsp/northeast/story_18696898.jsp#.VC6lWL7PYTM। আহৰণ কৰা হৈছে: 3 October 2014.
- ↑ Lepcha, Damien (23 September 2017). "Lower Siang starts functioning". The Telegraph India. https://www.telegraphindia.com/1170923/jsp/northeast/story_174524.jsp.
- ↑ "Khandu Cabinet approves Operation of Lower Siang District with HQ Likabali". Arunachal24.in. 22 September 2017. http://arunachal24.in/khandu-cabinet-approves-operation-of-lower-siang-district-with-hq-likabali/.
- ↑ M. Paul Lewis, ed. (2009). "Galo: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28.