নাৰায়ণী সন্দিকৈৰ জন্ম উত্তৰ লক্ষীমপুৰত। এখেতৰ পিতৃ ঘিণাৰাম গোহাঞিবৰুৱা আৰু মাতৃ লম্ভী দেৱী। পদ্মনাথ গোহাঞিবৰুৱাৰ ভনীয়েক। ১৯২৯ চনত গোলাঘাটত বহা অসম মহিলা সমিতিৰ অধিবেশন, উত্তৰ লক্ষীমপুৰ মহিলা সভা, শিৱসাগৰ জয়মতী উৎসৱ আদিৰ সভাপতি আছিল। ১৮৯৭ চনত ৰাধাকান্ত সন্দিকৈৰ লগত বিবাহপাশত আৱদ্ধ হয়। কৃষ্ণকান্ত সন্দিকৈ এখেতসকলৰ জ্যেষ্ঠ পুত্ৰ। ১৯৩৮ চনৰ ২০ ডিচেম্বৰত এইগৰাকী বিশিষ্ট সমাজসেৱিকা নাৰায়ণী সন্দিকৈৰ জীৱনাসন ঘটে। [1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ১৪৫