কৃষ্ণকান্ত সন্দিকৈ
কৃষ্ণকান্ত সন্দিকৈ (ইংৰাজী: Krishna Kanta Handique; ১৮৯৮-১৯৮২) অসমৰ এজন লেখক, সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ আছিল। সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখেতে বিৰল পাণ্ডিত্যৰ পৰিচয় দিছিল। শ্ৰীহৰ্ষৰ 'নৈষধ চৰিত', সোমদেৱৰ 'যশস্তিলক' আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰে। ন বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকা পালন কৰা সন্দিকৈ মাত্ৰ ৩৯ বছৰ বয়সত ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতিও নিৰ্বাচিত হৈছিল।
কৃষ্ণকান্ত সন্দিকৈ | |
---|---|
জন্ম | জুলাই ২০, ১৮৯৮ যোৰহাট, অসম |
মৃত্যু | জুন ৭, ১৯৮২ |
পেচা | অধ্যাপক, উপাচাৰ্য |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জন্ম
সম্পাদনা কৰককৃষ্ণকান্ত সন্দিকৈৰ জন্ম ২০ জুলাই, ১৮৯৮ চনত অসমৰ যোৰহাট জিলাৰ সাতঘৰীয়া আহোম পৰিয়ালত হৈছিল। তেখেতৰ পিতৃ চাহ খেতিয়ক ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈ। অসমৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নতিকল্পে মুক্তহস্তে দান-বৰঙণি আগবঢ়োৱা হেতুকে জনসাধাৰণে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াক "দানবীৰ" উপাধিৰে বিভূষিত কৰিছিল। দানবীৰ ৰাধাকান্ত সন্দিকৈৰ চাৰিজন পুতেকৰ ভিতৰত কৃষ্ণকান্ত সন্দিকৈ আছিল আটাইতকৈ ডাঙৰ।[1][2] তেওঁৰ মাক নাৰায়ণী আইদেউ অসমৰ আন এগৰাকী পণ্ডিত লোক পদ্মনাথ গোহাঞি বৰুৱাৰ ভগ্নী আছিল৷[3]
শিক্ষা
সম্পাদনা কৰককৃষ্ণকান্ত সন্দিকৈয়ে প্ৰাথমিক শিক্ষা নিজা গৃহতে গ্ৰহণ কৰিছিল। তাৰ পিছত দেউতাকে যোৰহাটৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে। ইংৰাজী ১৯১৩ চনত পোন্ধৰ বছৰ বয়সত কৃষ্ণকান্তই যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সন্দিকৈয়ে কটন মহাবিদ্যালয়ৰ ১৯১৫ চনত আই এ পৰীক্ষাতো সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নাম ভৰ্তি কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯১৭ চনত তেওঁ সংস্কৃতত প্ৰথম শ্ৰেণীৰ অনাৰ্চসহ বি এ পাছ কৰে আৰু “প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ণ পদক’’ লাভ কৰে৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ৷[4] ১৯১৯ চনত সংস্কৃতৰ 'বেদ শাখা'ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে।[5] উল্লেখযোগ্য যে, স্নাতকোত্তৰ শ্ৰেণী ’বেদ শাখা’ত তেঁৱেই সেইবৰ্ষৰ একমাত্ৰ শিক্ষাৰ্থী আছিল আৰু তেওঁৰ গুৰু আছিল, মহামহোপাধ্যায় সীতাৰাম শাস্ত্ৰী৷[6] তদুপৰি সন্দিকৈয়ে ১৯২০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জীত স্নাতকোত্তৰ সন্মান লাভ কৰাৰ উপৰিও পেৰিছ আৰু বাৰ্লিন বিশ্ববিদ্যালয়ৰ অধীনত জাৰ্মান, ফৰাচী, ৰুছ , গ্ৰীক, লেটিন, ইটালিয়ান, স্পেনিছ আদি কেইবাটাও ভাষা শিকি আয়ত্ত কৰিবলৈ সমৰ্থ হৈছিল।[7] তেওঁ মুঠ ১৩টা ভাষা আয়ত্ত কৰিছিল, তাৰে ৮টা ইউৰোপীয়ান ভাষা আৰু ৫টা ভাৰতীয় ভাষা।[5] ১৯২৩ চনৰপৰা ১৯২৭ চনলৈকে তেখেতে ইউৰোপৰ নানা ভাষা-সাহিত্য অধ্যয়ন কৰে।
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯২৭ চনত বিদেশৰ পৰা তেওঁ অধ্যয়নৰ বাবে নিজা ধনেৰে ক্ৰয় কৰা বিপুল সংখ্যক কিতাপেৰে সৈতে স্বদেশলৈ উভতি আহে৷ স্বদেশলৈ আহি তেওঁ নগাঁৱৰ ইউ এন বুঢ়াগোহাঞিৰ জ্যেষ্ঠ কন্যা হেমলতা আইদেউক বিয়া কৰায়৷ তেওঁলোকৰ এটি ল’ৰা (বিজয়কৃষ্ণ সন্দিকৈ) আৰু দুজনী ছোৱালী (প্ৰমিলা আৰু অহল্যা) আছিল৷[8] ব্যক্তিগত জীৱনত তেওঁ সদায় সময়ানুৱৰ্তী আছিল৷ সময়ক তেওঁ অমূল্য ধন হিচাপে জুখি জুখি খৰচ কৰিছিল৷ কেতিয়াবা সময় অবাবতে যাব পাৰে বুলি তেখেতে নিজৰ ঘড়ীটোৰ কাঁটা দুঘণ্টা আগবঢ়াই ৰাখিছিল৷ অতি সাধাৰণ অনাড়ম্বৰ জীৱন কটোৱা সন্দিকৈয়ে সামৰ্থ্য থকা স্বত্বেও তেওঁ নিজৰ সন্তানক আন বিখ্যাত শিক্ষানুষ্ঠানলৈ নপঠিয়াই নিজে শিক্ষকতা কৰা জগন্নাথ বৰুৱা কলেজতে পঢ়ুৱাইছিল৷[9]
বৃত্তি আৰু সমাজ সেৱা
সম্পাদনা কৰককৃষ্ণকান্ত সন্দিকৈয়ে নিজে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰি ১৯৩০ চনত সেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰি কৰ্ম জীৱনৰ পাতনি মেলে। ১৯৩০ ৰ পৰা ১৯৪৮ চনলৈ তেখেতে অবৈতনিক ভাবে নিয়োজিত হৈ আছিল। "হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট" সেই সময়তেই প্ৰতিষ্ঠা কৰিছিল। সম্পূৰ্ণ ১৮ বছৰ অধ্যক্ষৰ পদত কাৰ্যনিবাহ কৰাৰ পাছত সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে ১৯৪৮ চনত নিযুক্তি লাভ কৰে। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৯ বছৰৰ বাবে (১৯৪৮-৫৭) উপাচাৰ্যৰ আসনত আছিল। ১৯৩৭ চনত মাত্ৰ ৩৯ বছৰ বয়সত অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত সন্দিকৈয়ে সভাপতিত্ব কৰিছিল। তেখেত ১৯৫১ চনত লক্ষ্ণৌত অনুষ্ঠিত নিখিল ভাৰত প্ৰাচ্য সন্মিলনৰ প্ৰাচীন সংস্কৃত শাখাৰ সভাপতি আছিল। ১৯৯২ চনত মাদ্ৰাজত অনুষ্ঠিত উপাচাৰ্য সন্মিলন আৰু ৱাল্টাৰত অনুষ্ঠিত বিশ্ববিদ্যালয় সন্মিলনৰো সভাপতি হৈছিল। তেখেতে ১৯৬৭ চনত নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যলয়ক দান দিয়ে য’ত ১০ হেজাৰ অমূ্ল্য গ্ৰন্থ আছিল।[5]
আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে জ্ঞান আৰু শিক্ষা বিস্তাৰৰ বাবে অহৰহ চেষ্টা চলাইছিল। তেখেতে জগন্নাথ বৰুৱা কলেজৰ বিজ্ঞান শাখাৰ বাবে নগদ ধনৰ টোপোলা আগবঢ়াইছিল, 'চন্দ্ৰকান্ত অভিধান'ৰ ২য় সংস্কৰণ প্ৰকাশ কৰাৰ যাৱতীয় খৰচ নিজে বহন কৰিছিল আৰু নিজৰ সহ-ধৰ্মিনী হেমলতা সন্দিকৈৰ স্মৃতি ৰক্ষাৰ্থে আঢ়ৈ লাখ টকা খৰচ কৰি হেমলতা সন্দিকৈ মেম'ৰিয়েল ইন্ষ্টিটিউট স্থাপন কৰিছিল।[10] ১৯৪০ চনত অসম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা নিজৰ মুখপত্ৰ মিলনৰ বাবে কাগজৰ সম্পূৰ্ণ দাম সন্দিকৈয়ে স্বেচ্ছাই দিবলৈ গাত লৈছিল। সাহিত্যচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাৰ 'গগণাৰ সুৰ' আৰু 'স্মৃতিৰ পাপৰি' নামৰ দুখন কিতাপ প্ৰকাশৰ বাবে নগদ এহেজাৰ টকা আৰু তেওঁৰ জীৱনী লেখক আব্দুছ ছাত্তাৰৰ 'প্ৰসংগ কোষ'ৰ তৃতীয় সংস্কৰণৰ প্ৰকাশৰ বাবেও নগদ এহেজাৰ টকা তেওঁ দান হিচাপে আগবঢ়াইছিল। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় (যোৰহাটত থকা চন্দ্ৰকান্ত সন্দিকৈ ভৱন) সন্দিকৈ পৰিয়ালৰে দান। চন্দ্ৰকান্ত ভৱনৰ সকলো ধৰণৰ মেৰামতিৰ দায়িত্ব কৃষ্ণকান্ত সন্দিকৈয়ে নিজেই বহন কৰিছিল।
বঁটা আৰু সন্মান
সম্পাদনা কৰকইংৰাজী ১৯৩৭ চনত ডিচেম্বৰ মাহত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশন অনুষ্ঠিত হয়। এই অধিবেশনত সভাপতিত্ব কৰিবলৈ কৃষ্ণকান্ত সন্দিকৈক নিৰ্বাচিত কৰা হয়।[11] গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ এই অধিৱেশনত অসমীয়া জাতিক উদ্দেশ্যি তেওঁ কৈছিল, “ব্যক্তিগত প্ৰতিভা আৰু ক্ষমতাৰ বাহিৰেও পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত সাহিত্যৰ বিকাশ অনেক পৰিমানে নিৰ্ভৰ কৰে৷ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ লগত সাহিত্যৰ অতি ঘনিষ্ঠ সম্বন্ধ৷ অভিজ্ঞতাৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্য নহ’লে সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে৷ বাস্তৱতে সাহিত্য এটা বিৰাট অভিজ্ঞতা৷ ব্যক্তিগত আৰু সামাজিক সকলো প্ৰকাৰৰ অভিজ্ঞতাৰ প্ৰকাশৰ থল হৈছে সাহিত্য’’৷[12]
ইংৰাজী ১৯৪৯ চনত মাদ্ৰাছত উপাচাৰ্য সন্মিলন আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ বছৰেকীয়া অধিবেশন অনুষ্ঠিত হয়। সন্দিকৈয়ে এই দুয়োখন অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰে। ইংৰাজী ১৯২১ চনত অসম ছাত্ৰ সন্মিলনৰ অধিবেশনতো সন্দিকৈদেৱে সভাপতিত্ব কৰিছিল।
সন্দিকৈক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি লিট সন্মান যাচিছিল[10]। ১৯৭৮ চনত অসম সাহিত্য সভাই সদস্য মহীয়ান সন্মানেৰে বিভূষিত কৰা সন্দিকৈক তেখেতৰ ৰচনাসম্ভাৰ (১৯৮৪)ৰ বাবে মৰণোত্তৰভাৱে ১৯৮৫ চনত সাহিত্য অকাডেমি বঁটা[13] লাভ কৰিছিল।[5]
অসম সাহিত্য সভাই তেখেতক 'সদস্য মহীয়ান' ৰূপে অভিহিত কৰিছে আৰু অসমৰ গুৱাহাটী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডি-লিট উপাধিৰে বিভূষিত কৰিছে[10]।
সাহিত্য কৰ্ম
সম্পাদনা কৰক- গ্ৰন্থ সংকলন[10]
- শ্ৰীহৰ্ষৰ 'নৈষধ চৰিত'ৰ ইংৰাজী অনুবাদ 'Noishadh-Charit'(১৯৩৪)
- যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (১৯৪৯)
- সেতু বন্ধ (১৯৭৬)
- কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ
- প্ৰবন্ধ সংকলন[10]
- প্ৰাচীন বেবিলনৰ বেদ,
- ভাৰতীয় চিন্তা,
- সাংখ্য দৰ্শন,
- গ্ৰীক ভাষা,
- গ্ৰীক নাটকৰ গান,
- অনুবাদৰ কথা,
- ৰুছ অভিনয়,
- সৰস্বতীৰ বৰ
- মোগল ৰাজকণ্যাৰ কবিত্ব প্ৰতিভা
- ইউৰোপৰ ভাষা আৰু সাহিত্য,
- জাপানীৰ বীৰ নোগী
- স্পেনীয় সাহিত্যত ৰোমিঅ জুলিয়েট,
- জাৰ্মান সাহিত্যৰ সপোন নাটক
- আত্মবিচাৰ
- অমৰ প্ৰকাশ,
- জাৰ্মানীৰ জ্ঞান সাধনা
- সাগৰৰ মাজৰ দুৰ্গ
- প্ৰাচীন মিচৰৰ উপাখ্যান
- চক্ৰেটিছৰ মতে কবিৰ প্ৰকৃতি
মৃত্যু
সম্পাদনা কৰক১৯৮২ চনৰ ৭ জুন তাৰিখে ১০:১০ বজাত ; ৮৪ বছৰ বয়সত ডিব্ৰুগড়ৰ জি. এম. চিকিৎসালয়ত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয়। [5] পাৰ্থিৱ খ্যাতি তেওঁ নিবিচাৰিছিল৷ সেয়ে, সন্দিকৈৰ জীৱনকালতে আব্দুল চাত্তাৰে লিখা “কৃষ্ণকান্ত সন্দিকৈ’’ নামৰ তেখেতৰ জীৱনীখনত ’পণ্ডিতপ্ৰৱৰ’ বিশেষণটো যোগ কৰিবলৈ নিদিলে৷ সন্দিকৈৰ জীৱনত প্ৰভাৱিত কৰা এটি বাক্য হ’ল, ইবচেনৰ নাটকৰ “Innocence is the source of all joy and happiness’’৷[14]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2022-06-26.
- ↑ জিলিকালে লুইতৰে পাৰ, এম. আব্দুল মজিদ খান, পৃ:নং; ১১, প্ৰকাশক: প্ৰদ্যুত হাজৰিকা, বনলতা, ২০০২
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2022-06-26.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2022-06-26.
- ↑ 5.0 5.1 5.2 5.3 5.4 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ৬০, ৬১.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2022-06-26.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2022-06-26.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2023-08-25. https://web.archive.org/web/20230825081741/http://kkhsou.in/web_new/handiqui.php। আহৰণ কৰা হৈছে: 2022-06-26.
- ↑ জিলিকালে লুইতৰে পাৰ, এম. আব্দুল মজিদ খান, পৃ:নং; ১১, প্ৰকাশক: প্ৰদ্যুত হাজৰিকা, বনলতা, ২০০২
- ↑ 10.0 10.1 10.2 10.3 10.4 এম. আব্দুল মজিদ খান. জিলিকালে লুইতৰ পাৰ. বনলতা প্ৰকাশন, নতুন বজাৰ, ডিব্ৰুগড়-১. পৃষ্ঠা. ১১–১৮. ISBN নাই.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ কৃষ্ণকান্ত সন্দিকৈ, বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ৬৫, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ জীৱন আৰু সাহিত্য, বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য, পৃ:নং;৩৭, কামধেনু প্ৰকাশন, ২০২১