নাৰীবাদী মনোবিজ্ঞান

সামাজিক গাঁথনি আৰু লিংগক কেন্দ্ৰ কৰি গঢ়ি উঠা মনোবিজ্ঞানৰ এক প্ৰকাৰ

নাৰীবাদী মনোবিজ্ঞান (ইংৰাজী: Feminist Psychology) হৈছে সামাজিক গাঁথনি আৰু লিংগক কেন্দ্ৰ কৰি গঢ়ি উঠা মনোবিজ্ঞানৰ এক প্ৰকাৰ। নাৰীবাদী মনোবিজ্ঞানে পুৰুষৰ দৃষ্টিকোণৰ পৰা কৰা ঐতিহাসিক মানসিক গৱেষণাৰ সমালোচনা কৰে।[1] নাৰীবাদী মনোবিজ্ঞান নাৰীবাদৰ মূল্যবোধ আৰু নীতিৰ ওপৰত কেন্দ্ৰীভূত।

লিংগভিত্তিক বিষয়ক বহুতো ভাগত ভাগ কৰিব পাৰি আৰু ই যথেষ্ট বিতৰ্কিতও হ’ব পাৰে। ইয়াৰ ভিতৰত আছে: মানুহৰ নিজৰ লিংগ চিনাক্তকৰণৰ ধৰণ (যেনে: পুৰুষ, মহিলা, জেণ্ডাৰকুইয়াৰ; কিন্নৰ বা চিছজেণ্ডাৰ), লিংগৰ সৈতে জড়িত সমাজৰ গাঁথনিয়ে তেওঁলোকৰ ওপৰত পেলোৱা প্ৰভাৱ(লিংগ স্তৰ), ব্যক্তিৰ জীৱনত লিংগৰ ভূমিকা (যেনে:ষ্টেৰিঅ’টাইপিকেল লিংগ ভূমিকা হিচাপে) আৰু অন্যান্য যিকোনো লিংগ সম্পৰ্কীয় বিষয়।

এই অধ্যয়নৰ ক্ষেত্ৰখনৰ আঁৰৰ মূল উদ্দেশ্য হৈছে সমাজৰ বৃহত্তৰ সামাজিক আৰু ৰাজনৈতিক দিশৰ ভিতৰত ব্যক্তিক বুজা।[2] নাৰীবাদী মনোবিজ্ঞানে নাৰীৰ অধিকাৰৰ ওপৰত প্ৰবল গুৰুত্ব আৰোপ কৰে। মনোবিশ্লেষণে ক্লিনিকেল বা চিকিৎসা পদ্ধতি হিচাপৰ ৰূপ ল'লে আৰু নাৰীবাদ ৰাজনৈতিক কৌশল হিচাপে গঢ় লৈ উঠিল।[3]

নাৰীবাদী মনোবিজ্ঞান শব্দটো প্ৰথমে কেৰেন হৰ্ণীয়ে উদ্ভাৱন কৰিছিল। ১৯২২–১৯৩৭ চনলৈকে হৰ্ণীয়ে এই বিষয়ত লিখা প্ৰবন্ধৰ সংকলন গ্ৰন্থ ফেমিনাইন চাইক’লজীত নাৰী, সম্পৰ্ক আৰু নাৰী মনোবিজ্ঞানৰ ওপৰত সমাজৰ প্ৰভাৱৰ বিষয়ে পূৰ্বতে ৰখা বিশ্বাসসমূহৰ বিষয়ে উল্লেখ কৰিছে।

মনোবিজ্ঞানৰ গৱেষণাৰ আৰম্ভণিতে নাৰী মনোবিজ্ঞানৰ পথত অতি কম তথ্য উপস্থাপন কৰা হয়। বহু মহিলাই অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া নাছিল কাৰণ তেওঁলোকে প্ৰথমতে নিজকে নিপীড়িত হোৱাৰ কথা উপলব্ধি কৰা নাছিল।[4] আমেৰিকাত কাৰ্যকৰীতাবাদী আন্দোলন আৰম্ভ হোৱাৰ পিছত লিংগ পাৰ্থক্যৰ ওপৰত বিদ্যায়তনিক মনোবিজ্ঞানৰ অধ্যয়ন আৰু নাৰীৰ আৰ্হি মনোবিজ্ঞানৰ বিকাশ ঘটিছিল।

ফ্ৰয়েডৰ মানসিক স্বাস্থ্যৰ সংজ্ঞা (প্ৰেম আৰু কাম কৰাৰ ক্ষমতা)ৰ পৰা নাৰীক বাদ দিয়া হৈছিল কাৰণ মহিলাসকলে চাকৰি বিচৰাৰ কাৰণ পুৰুষত্বৰ জটিলতা বা পুৰুষৰ প্ৰতি ঈৰ্ষা বুলি কোৱা হৈছিল। ১৯৭০ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত আমেৰিকাত ঘৰৰ বাহিৰত কাম কৰা মহিলাৰ শতকৰা হাৰ ৪৩ৰ পৰা ৫১লৈ বৃদ্ধি পাইছিল। যদিও মহিলাসকলে মাতৃ আৰু প্ৰদানকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাত অসুবিধা পোৱা বুলি কয়, তেওঁলোকে সন্তান জন্ম দিয়াৰ পৰা শূন্যতা পূৰণ কৰাৰ উপায় বিচাৰি পাইছিল।[3] মনোবিজ্ঞানৰ পদবীত কৰ্মশক্তিৰ বৃহৎ শতাংশ মহিলা হৈয়েই আছে। ২০১৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোবিজ্ঞানী পদৰ ৬৮.৩ শতাংশ মহিলাৰ হাতত আছিল, আৰু ২০১৯ চনলৈকে ৭০ শতাংশ আছিল।[5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Crawford, M. & Unger, R. (2000). Women and Gender: A feminist psychology (3rd ed.). Boston, MA: McGraw-Hill Companies Inc.
  2. (Worell & Johnson, 1997)
  3. 3.0 3.1 Buhle, Mari Jo (2000). Feminism and Its Discontents: A Century of Struggle with Psychoanalysis. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 9780674004030. 
  4. Ruck, Nora (August 1, 2015). "Liberating minds: Consciousness-raising as a bridge between feminism and psychology in 1970s Canada". History of Psychology খণ্ড 18 (3): 297–311. doi:10.1037/a0039522. PMID 26375157. http://europepmc.org/article/MED/26375157. 
  5. "CWS Data Tool: Demographics of the U.S. Psychology Workforce". www.apa.org. https://www.apa.org/workforce/data-tools/demographics। আহৰণ কৰা হৈছে: 2021-11-20.