নিউক্লীয় পদাৰ্থবিজ্ঞান

পদাৰ্থবিজ্ঞানৰ শাখা

নিউক্লীয় পদাৰ্থবিজ্ঞান (ইংৰাজী: Nuclear physics) পদাৰ্থবিজ্ঞানৰ এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি নিউক্লীয় পদাৰ্থৰ অন্য ৰূপসমূহো ইয়াত অধ্যয়ন কৰা হয়।[1] নিউক্লীয় পদাৰ্থবিজ্ঞান পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ সৈতে খেলিমেলি কৰাটো উচিত নহয় কিয়নো পাৰমাণৱিক পদাৰ্থবিজ্ঞানত পৰমাণু আৰু তাৰ ইলেকট্ৰন সম্বন্ধে বিষদভাৱে অধ্যয়ন কৰা হয়।

নিউক্লীয় পদাৰ্থবিজ্ঞানৰ আৱিষ্কাৰসমূহ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে, নিউক্লীয় শক্তি, নিউক্লীয় মাৰণাস্ত্ৰ, নিউক্লীয় চিকিৎসা তথা এম আৰ আই (MRI), ঔদ্যোগিক তথা কৃষি সম্বন্ধীয় আইছ'ট'প, পদাৰ্থ অভিযান্ত্ৰিকীত আয়ন সংৰোপণ আৰু ভূবিজ্ঞান তথা পুৰাতত্ত্বত ৰেডিঅ'কাৰ্বন ডেটিং। এই প্ৰয়োগসমূহ নিউক্লীয় অভিযান্ত্ৰিকী ক্ষেত্ৰত অধ্যয়ন কৰা হয়।

কণা পদাৰ্থবিজ্ঞান নিউক্লীয় পদাৰ্থবিজ্ঞানৰ পৰাই বিকশিত হৈছে আৰু এই দুয়ো ক্ষেত্ৰকে সাধাৰণতে ঘনিষ্ঠ সম্বন্ধত শিকোৱা হয়। নিউক্লীয় জ্যোতি পদাৰ্থবিজ্ঞান (জ্যোতি পদাৰ্থবিজ্ঞানত নিউক্লীয় পদাৰ্থবিজ্ঞানৰ প্ৰয়োগ) নক্ষত্ৰসমূহৰ অভ্যন্তৰীণ কাৰ্যপ্ৰণালী আৰু ৰাসায়নিক মৌলৰ উৎপত্তি ব্যাখ্যা কৰাত অতি গুৰুত্বপূৰ্ণ।

১৮৯৬ চনত হেনৰি বেকেৰেল নামৰ ফৰাচী পদাৰ্থবিদ এগৰাকীয়ে তেজস্ক্ৰিয়তা নামৰ এটা পৰিঘটনা আৱিষ্কাৰ কৰে। তেতিয়াই পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ পৰা পৃথক অধ্যয়নৰ ক্ষেত্ৰ হিচাপে নিউক্লীয় পদাৰ্থবিজ্ঞানৰ ইতিহাস আৰম্ভ হয়।[2] সেই সময়ছোৱাত বেকেৰেলে ইউৰিনিয়াম লৱণত সৃষ্টি হোৱা অনুপ্ৰভা আৰু প্ৰতিপ্ৰভাৰ বিষয়ে অধ্যয়ন কৰি আছিল।[3] জে. জে. থমছনে ইলেকট্ৰন আৱিষ্কাৰ কৰাৰ এবছৰ পাছত এই আৱিষ্কাৰে ইংগিত দিয়ে যে পৰমাণুৰ এক অভ্যন্তৰীণ গঠন আছে।[4] বিংশ শতিকাৰ আৰম্ভণিতে জে. জে. থমছনৰ পৰমাণু আৰ্হি, অৰ্থাৎ "প্লাম পুডিং" আৰ্হি গৃহীত হয়। প্লাম পুডিং আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক যাৰ মাজত ধনাত্মক আধানবোৰৰ লগতে ঋণাত্মকভাৱে আহিত ইলেকট্ৰনসমূহো সুষমভাৱে সিঁচৰতি হৈ থাকে।

ইয়াৰ পাছৰ বৰ্ষৰ পৰা তেজস্ক্ৰিয়তাৰ ওপৰত ব্যাপকভাৱে অনুসন্ধান চলোৱা হৈছিল। বিশেষকৈ মেৰী কুৰী, পীয়েৰ কুৰী, আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড আৰু আন বিজ্ঞানীসকলে এইক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। শতাব্দীৰ শেষলৈ পদাৰ্থবিদসকলে পৰমাণুৰ পৰা ওলোৱা তিনি ধৰণৰ বিকিৰণ আৱিষ্কাৰ কৰে। এই বিকিৰণ তিনিবিধক আলফা, বিটা আৰু গামা বিকিৰণ হিচাপে নামকৰণ কৰা হৈছে। ১৯১১ চনত অট্ট' হান আৰু ১৯১২ চনত জেমছ চাডৱিকৰ পৰীক্ষা-নিৰীক্ষাত আৱিষ্কাৰ হয় যে বিটা অৱক্ষয় বৰ্ণালী বিচ্ছিন্ন নহয়, বৰং ই অবিচ্ছিন্নহে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. European Science Foundation (2010). NuPECC Long Range Plan 2010: Perspectives of Nuclear Physics in Europe (Report). p. 6. Archived from the original on 2018-08-17. https://web.archive.org/web/20180817185846/http://www.nupecc.org/lrp2010/Documents/lrp2010_final_hires.pdf। আহৰণ কৰা হৈছে: 2020-03-23. ""Nuclear physics is the science of the atomic nucleus and of nuclear matter."" 
  2. B. R. Martin (2006). Nuclear and Particle Physics. John Wiley & Sons, Ltd.. ISBN 978-0-470-01999-3. 
  3. Henri Becquerel (1896). "Sur les radiations émises par phosphorescence". Comptes Rendus খণ্ড 122: 420–421. http://gallica.bnf.fr/ark:/12148/bpt6k30780/f422.chemindefer. 
  4. Thomson, Joseph John (1897). "Cathode Rays". Proceedings of the Royal Institution of Great Britain খণ্ড XV: 419–432. https://archive.org/stream/proceedings15roya#page/418/mode/2up. 

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক
  • General Chemistry by Linus Pauling (Dover 1970) আই.এচ.বি.এন. 0-486-65622-5
  • Introductory Nuclear Physics by Kenneth S. Krane (3rd edition, 1987) আই.এচ.বি.এন. 978-0471805533 [Undergraduate textbook]
  • Theoretical Nuclear And Subnuclear Physics by John D. Walecka (2nd edition, 2004) আই.এচ.বি.এন. 9812388982 [Graduate textbook]
  • Nuclear Physics in a Nutshell by Carlos A. Bertulani (Princeton Press 2007) আই.এচ.বি.এন. 978-0-691-12505-3