নিৰ্বাচনী চিয়াঁহী
নিৰ্বাচনী চিয়াঁহী, মচিব নোৱাৰা চিয়াঁহী বা নিৰ্বাচনী দাগ, নিৰ্বাচনৰ সময়ত ভোটাৰৰ তৰ্জনী আঙুলিত (সাধাৰণতে) প্ৰয়োগ কৰা অৰ্ধস্থায়ী চিয়াঁহী বা ৰং। যিবোৰ দেশত নাগৰিকৰ বাবে চিনাক্তকৰণৰ নথিপত্ৰ সদায় প্ৰামাণিক বা প্ৰতিষ্ঠানিক নহয়, সেইবোৰ দেশৰ বাবে ই এক ফলপ্ৰসূ পদ্ধতি। নিৰ্বাচনী চিয়াঁহীৰ এটা অতি সাধাৰণ গঠন চিলভাৰ নাইট্ৰেটক মূল হিচাপে লৈ তৈয়াৰ কৰা হয়, যিয়ে কেইবা সপ্তাহলৈকে দাগ ধৰি ৰাখিব পাৰে। ১৯৬২ চনত ভাৰতত অনুষ্ঠিত হোৱা ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত ইয়াক প্ৰথম ব্যৱহাৰ কৰা হৈছিল। এই চিয়াঁহী কাউন্সিল অৱ ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ-নেচনেল ফিজিকেল লেবৰেটৰী অৱ ইণ্ডিয়াই প্ৰস্তুত কৰিছিল আৰু মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্ লিমিটেড কোম্পানীয়ে নিৰ্মাণ কৰিছিল।[1] ইয়াক ৩০ খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰা হয়।[2]
প্ৰয়োগ
সম্পাদনা কৰকনিৰ্বাচনত দুবাৰ ভোটদান ৰোধ কৰিবলৈ “নিৰ্বাচনী দাগ’’ এক ব্যৱহাৰিক নিৰাপত্তাজনিত সম্পদ। সাধাৰণতে বাওঁহাতৰ তৰ্জনী আঙুলিত, বিশেষকৈ নখৰ সৈতে পাবটোত চিয়াঁহী প্ৰয়োগ কৰা হয়, য’ৰ পৰা ইয়াক সোনকালে আঁতৰোৱাটো প্ৰায় অসম্ভৱ। পৰিস্থিতি আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে চিয়াঁহী প্ৰয়োগ কৰিব পাৰি। আটাইতকৈ সাধাৰণ পদ্ধতিসমূহ হ’ল স্পঞ্জ ইনছাৰ্টৰ সৈতে বটল ডুবাই দিয়া, ব্ৰাছ এপ্লিকেটৰযুক্ত বটল, স্প্ৰে বটল, মাৰ্কাৰ পেন আদি।
গঠন
সম্পাদনা কৰকনিৰ্বাচনী দাগ বা চিয়াঁহী সাধাৰণতে তৎক্ষণাত চিনাক্তকৰণৰ বাবে এটা ৰঞ্জক পদাৰ্থ থাকে, চিলভাৰ নাইট্ৰেট, অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালত দাগ পেলায়, যাৰ ফলত এনে এটা চিন থাকে, যিটো ধুই পেলোৱাটো অসম্ভৱ আৰু বাহ্যিক ছালৰ কোষ সলনি হ’লেহে ই আঁতৰ হয়। প্ৰস্তুতকৰ্তা উদ্যোগৰ মানদণ্ড অনুসৰি নিৰ্বাচনী চিয়াঁহীত ১০%, ১৪% বা ১৮% চিলভাৰ নাইট্ৰেটৰ দ্ৰৱ থাকে, সেয়া নিৰ্ভৰ কৰে চিহ্নটো কেতিয়া দেখা যাব লাগিব। যদিও সাধাৰণতে পানী ভিত্তিক, নিৰ্বাচনী দাগবোৰত মাজে মাজে এলক’হলৰ দৰে দ্ৰাৱক থাকে যাতে দ্ৰুতভাৱে শুকুৱাব পাৰে; মূলতঃ ডিপিং বটলৰ সৈতে ব্যৱহাৰ কৰাৰ সময়ত, য’ত ভোটাৰৰ পৰা ভোটাৰলৈ বেক্টেৰিয়া সংক্ৰমিত নোহোৱাটো নিশ্চিত কৰিবলৈ বায়’চাইড থাকিব পাৰে। হাইড্ৰ’ক্সাইডে চিলভাৰ ক্লৰাইড সহজে আঁতৰাই পেলাব পাৰে। সেয়েহে অন্যান্য আলোক সংবেদনশীল ৰং যোগ কৰাটো প্ৰয়োজন। চিলভাৰ নাইট্ৰেটৰ ফলত আৰ্গিৰিয়া নামৰ অৱস্থা হ’ব পাৰে যদিও ইয়াৰ বাবে সঘনাই বা অতিমাত্ৰা সংস্পৰ্শলৈ অহাৰ প্ৰয়োজন হয়।
স্থায়িত্ব
সম্পাদনা কৰকনিৰ্বাচনৰ দাগ সাধাৰণতে ছালত ৭২–৯৬ ঘণ্টা থাকে, আঙুলিৰ নখ আৰু ছালৰ অংশত ২ৰ পৰা ৪ সপ্তাহলৈকে থাকে। ব্যৱহৃত নিৰ্বাচনী চিয়াঁহীয়ে কুটিল অংশত স্থায়ী চিন ৰাখে, যিটো নতুন নখ বৃদ্ধিৰ লগে লগেহে নোহোৱা হৈ যায়। দাগটো সম্পূৰ্ণৰূপে সলনি হ’বলৈ নতুন নখৰ বৃদ্ধি হ’বলৈ ৪ মাহ পৰ্যন্ত সময় লাগিব পাৰে। ১৮%তকৈ অধিক চিলভাৰ নাইট্ৰেটৰ ঘনত্ব থকা দাগবোৰে দাগৰ দীৰ্ঘ-স্থায়িত্বৰ ওপৰত কোনো অতিৰিক্ত প্ৰভাৱ পেলোৱা নাই; কিয়নো চিলভাৰ নাইট্ৰেটৰ জীৱিত ছালৰ কোষৰ সৈতে আলোক সংবেদনশীল বিক্ৰিয়া নহয়। অৰ্থাৎ নতুন ছাল বৃদ্ধি হোৱাৰ লগে লগে দাগটো ম্লান হৈ যায়।[3] চিলভাৰ নাইট্ৰেট এক উত্তেজক আৰু ইয়াক ২৫% বা তাতকৈ অধিক ঘনত্বত দাহ্য পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়।[4]
ৰং
সম্পাদনা কৰকআলোক সংবেদনশীল উপাদানটোৱে ক’লা বা বাদামী ৰঙৰ চিন সৃষ্টি কৰে, কিন্তু লগাওতে নিৰ্বাচনী দাগ পৰম্পৰাগতভাৱে বেঙুনীয়া ৰঙৰ হয়। কিন্তু ২০০৫ চনৰ চুৰিনামৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰৰ আঙুলিত চিহ্নিত কৰাৰ বাবে বেঙুনীয়া ৰঙৰ ঠাইত কমলা ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। ই ঠিক সমান দিনলৈ টিকি থকা আৰু ভোটাৰৰ বাবে অধিক আকৰ্ষণীয় হোৱা দেখা গৈছিল, কিয়নো ই জাতীয় ৰঙৰ সৈতে মিল খাইছিল।
বিতৰ্ক
সম্পাদনা কৰকপেৰুৰ সশস্ত্ৰ গেৰিলা শ্বাইনিং পাথে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ অমলিন চিয়াঁহীৰ দাগ থকা লোকসকলক হত্যা কৰাৰ ভাবুকি দিছিল৷[5][6]
২০০৪ চনৰ আফগান ৰাষ্ট্ৰপতি নিৰ্বাচনত অমলিন চিয়াঁহীৰ দাগ ব্যৱহাৰৰ আশে-পাশে নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছিল, যিবোৰৰ বহুতে দাবী কৰিছিল যে ই সহজেই ধুই পেলাব পৰা আছিল।[7] নিৰ্বাচনী বিষয়াসকলে অধিক কাৰ্যক্ষম মাৰ্কাৰ পেন বিকল্প ব্যৱহাৰ কৰিবলৈ বাছি লৈছিল; কিন্তু ভোট কেন্দ্ৰলৈ নিয়মীয়া মাৰ্কাৰ পেনো পঠিওৱা হৈছিল, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু কিছুমান লোকক কম স্থায়িত্বৰ চিয়াঁহীৰে দাগ দিয়া হৈছিল।[8]
2008 চনৰ মালয়েছিয়াৰ সাধাৰণ নিৰ্বাচনত ভোটাৰসকলে ভোট দিবলৈ যোৱাৰ এসপ্তাহ আগতে নিৰ্বাচন কৰ্তৃপক্ষই নিৰ্বাচনী দাগ ব্যৱহাৰ কৰাটো বাতিল কৰিছিল,[9] আৰু কৈছিল যে, ইতিমধ্যে আঙুলিত দাগ পৰিছে যদিও মানুহক ভোটদান কৰাত বাধা দিয়াটো অসাংবিধানিক হ’ব। তদুপৰি, তেওঁলোকে ভোটদানৰ সুযোগ পোৱাৰ আগতেই ভোটাৰৰ আঙুলিত দাগ দিবলৈ চুবুৰীয়া দেশ থাইলেণ্ডৰ পৰা চিয়াঁহী চোৰাংভাৱে অনাৰ বাতৰিৰ উদাহৰণ দিছিল,[10] যাৰ ফলত তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল।
২০০৮ চনৰ জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত খবৰ ওলাইছিল যে, যিসকলে ভোট নিদিবলৈ মন বান্ধি লৈছিল তেওঁলোকক চৰকাৰী পৃষ্ঠপোষকতাত আক্ৰমণ আৰু প্ৰহাৰ কৰা হৈছিল। আঙুলিত চিয়াঁহী নথকা লোকসকলক আক্ৰমণ কৰিছিল গোটটোৱে।[11]
২০১০ চনৰ আফগান সংসদীয় নিৰ্বাচনৰ সময়ত তালিবানে কৃষ্ণ-পত্ৰ প্ৰেৰণ কৰিছিল, য'ত যাৰ আঙুলিত অমলিন চিয়াঁহীৰ দাগ থাকিব, তাৰ আঙুলি কাটি পেলোৱাৰ ভাবুকি দিয়া হৈছিল৷[12]
২০১৩ চনৰ মালয়েছিয়াৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী দাগ কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত ভোটাৰসকলে ৰিপ'ৰ্ট কৰিছিল যে, চিয়াঁহীখিনি সহজেই বৈ যায় আৰু পানীৰে ধুই পেলাব পাৰি, যদিও মালয়েছিয়াৰ নিৰ্বাচন আয়োগে ইয়াৰ বিপৰীত আশ্বাস দিছিল।[13]
আন্তৰ্জাতিক ব্যৱহাৰ
সম্পাদনা কৰককিছুমান দেশে নিৰ্বাচনী চিয়াঁহী সেই দেশৰ নিৰ্বাচনত ব্যৱহাৰ কৰে:-
- আফগানিস্তান[14]
- আলবেনিয়া[15]
- আলজেৰিয়া[16]
- বাহামা[17]
- কম্বোডিয়া[18][19][20]
- চিলি (২০১২ চনলৈকে)[21]
- ডমিনিকা
- ইজিপ্ত[22]
- গুয়াতেমালা[17]
- হণ্ডুৰাছ
- ভাৰত[23]
- ইণ্ডোনেছিয়া[24]
- ইৰাক[25]
- কেনিয়া
- লেবানন[26]
- লিবিয়া
- মালয়েছিয়া[27][28]
- মালদ্বীপ[17]
- মেক্সিকো
- ম্যানমাৰ[29]
- নেপাল[30]
- নিকাৰাগুয়া[31]
- নাইজেৰিয়া
- পাকিস্তান[32]
- পেৰু (২০১১ চনলৈকে)[33][34]
- ফিলিপাইনছ[35]
- চেন্ট কিটছ আৰু নেভিছ[36]
- ছলমন দ্বীপপুঞ্জ[37]
- দক্ষিণ আফ্ৰিকা[38]
- শ্ৰীলংকা[39]
- চুডান[40]
- ছিৰিয়া[41]
- ট্ৰিনিদাদ আৰু ট’বাগো
- টিউনিছিয়া[42]
- তুৰস্ক (২০০৯ চনলৈকে)[43]
- ভেনিজুৱেলা[44] (২০১৭ চনলৈকে)[45]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ "Lok Sabha elections 2024: Sole supplier of indelible ink says 70% production complete" (en ভাষাত). Hindustan Times. 2024-03-06. https://www.hindustantimes.com/india-news/lok-sabha-elections-2024-sole-supplier-of-indelible-ink-says-70-production-complete-101709704290159.html। আহৰণ কৰা হৈছে: 2024-04-03.
- ↑ Dhillon, Amrit (2019-03-28). "The ink with a 'secret formula' that powers the world's biggest democratic exercise" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2019/mar/28/india-the-ink-with-a-secret-formula-that-powers-the-worlds-biggest-democratic-exercise.
- ↑ "Chemical Safety Database". Ptcl.chem.ox.ac.uk. Archived from the original on 2008-10-11. https://web.archive.org/web/20081011045435/http://ptcl.chem.ox.ac.uk/~hmc/hsci/chemicals/silver_nitrate.html। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ "Silver Nitrate and Wound Care: The Use of Chemical Cauterization" (en ভাষাত). WoundSource. 2021-03-10. http://www.woundsource.com/blog/silver-nitrate-and-wound-care-use-chemical-cauterization। আহৰণ কৰা হৈছে: 2021-11-01.
- ↑ Toledo-Leyva, Camilo (2021-05-25). "Ataque de Sendero Luminoso en Perú polariza aún más las elecciones" (es-ES ভাষাত). Deutsche Welle. https://www.dw.com/es/ataque-de-sendero-luminoso-en-per%C3%BA-polariza-a%C3%BAn-m%C3%A1s-las-elecciones/a-57663096. ""En temas electorales, Sendero Luminoso siempre ha estado presente desde 1980. En 1985, por ejemplo, sembraban un mayor terror y convocaban a paros armados. Incluso esperaban en los caminos, y a aquel que tuviera el dedo con la tinta indeleble de haber sufragado, les cortaban el dedo”, asegura Yaranga."
- ↑ "Sendero Luminoso irrumpe con una bomba en las elecciones presidenciales de Perú" (es-ES ভাষাত). Hoy. 9 April 2006. https://www.hoy.es/pg060409/actualidad/internacional/200604/09/elecciones-peru.html. "Incluso algunos pasajeros aseguraron haber recibido amenazas de muerte si los encuentran con tinta indeleble en el dedo anular."[সংযোগবিহীন উৎস]
- ↑ Baldauf, Scott (12 October 2004). "An Afghan 'Hanging chad' Dispute". Christian Science Monitor (Csmonitor.com). http://www.csmonitor.com/2004/1012/p06s01-wosc.html। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ Raman, Sunil (2004-10-12). "India link to Afghan ink stink". BBC News. http://news.bbc.co.uk/1/hi/world/south_asia/3736590.stm। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ "MSN News article". News.my.msn.com. Archived from the original on 2008-05-13. https://web.archive.org/web/20080513080647/http://news.my.msn.com/regional/article.aspx?cp-documentid=1274414। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ Wong, Raphael (2008-03-05). "Ink Washout - The Star". Thestar.com.my. http://thestar.com.my/election/story.asp?file=/2008/3/5/election2008/20540844&sec=Election2008&focus=1। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ "World | Africa | Tsvangirai rejects 'sham' ballot". BBC News. 2008-06-27. http://news.bbc.co.uk/1/hi/world/africa/7478399.stm। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ Najafizada, Eltaf; Rupert, James (20 October 2010). "New Candidates May Win Half of Afghan Parliament Seats Amid Ballot Fraud". Bloomberg. https://www.bloomberg.com/news/2010-09-16/taliban-plans-attacks-to-disrupt-afghan-vote-intended-to-promote-stability.html.
- ↑ "Election ink under scrutiny in Malaysia - Asia-Pacific". Al Jazeera English. http://www.aljazeera.com/news/asia-pacific/2013/05/20135112390608902.html। আহৰণ কৰা হৈছে: 2014-04-30.
- ↑ Boone, Jon (20 August 2009). "Afghanistan election ink safeguard fails detergent test". the Guardian. https://www.theguardian.com/world/2009/aug/20/afghanistan-election-ink.
- ↑ "Skopje interested on the indedible ink used by Albania in the elections". www.balkaneu.com. http://www.balkaneu.com/skopje-interested-indedible-ink-albania-elections/.
- ↑ "An Algerian man, with ink applied on his forefinger, prepares to vote a polling station in the Chanot Park on April 12, 2014 in Marseille, southern France". http://www.gettyimages.no/detail/news-photo/an-algerian-man-with-ink-applied-on-his-forefinger-prepares-news-photo/484355839.
- ↑ 17.0 17.1 17.2 Anne-Sofie Holm Gerhard, Melika Atic, Panto Letic and Peter Erben (2019). "Indelible Ink in Elections". International Foundation for Electoral Systems. পৃষ্ঠাসমূহ: 20–22. Archived from the original on 2019-11-08. https://web.archive.org/web/20191108205514/https://www.ifes.org/sites/default/files/ifes_gerhard_atic_letic_erben_white_paper_indelible_ink_in_elections_may_2019.pdf। আহৰণ কৰা হৈছে: 2024-04-19.
- ↑ Khmer Times. (2023, July 7). The Ink To Prevent Double Voting. https://www.khmertimeskh.com/501320642/video-the-ink-to-prevent-double-voting/
- ↑ Khmer Times. (2023, July 6). Gov't Spends Nearly $1m On Indelible Ink for National Elections. https://www.khmertimeskh.com/501320035/govt-spends-nearly-1m-on-indelible-ink-for-national-elections/
- ↑ Carmichael, R. (2013, July 27). Cambodia Poll Monitors Report Problem With Indelible Ink. https://www.voanews.com/a/cambodia-poll-monitors-report-problem-with-indelible-ink/1711199.html
https://web.archive.org/web/20230326221328/https://www.voanews.com/a/cambodia-poll-monitors-report-problem-with-indelible-ink/1711199.html - ↑ "Municipales 2016: ¿Por qué ya no se entinta el dedo a la hora de votar?" (es ভাষাত). T13. 23 October 2016. https://www.t13.cl/noticia/politica/municipales-2016-ya-no-se-entinta-dedo-hora-votar। আহৰণ কৰা হৈছে: 26 June 2023.
- ↑ "Egypt elections in pictures". 24 May 2012. https://www.telegraph.co.uk/news/picturegalleries/worldnews/9287835/Egypt-elections-in-pictures.html?frame=2229191.
- ↑ Anand, Anu (17 April 2014). "Indian elections: voters united by anti-fraud ink mark". the Guardian. https://www.theguardian.com/world/2014/apr/17/indian-elections-ink-mark-voters-symbol-democratic-privilege.
- ↑ "Key facts: the Indonesian Legislative Election". 8 April 2014. http://indonesiaatmelbourne.unimelb.edu.au/key-facts-the-indonesian-legislative-election/.
- ↑ "As Iraq moves on with vote, Falluja trapped by sins of the past" (en-US ভাষাত). The Indian Express. 2018-05-13. http://indianexpress.com/article/world/as-iraq-moves-on-with-vote-falluja-trapped-by-sins-of-the-past-5174869/.
- ↑ Perry, Tom (30 May 2016). "Sunni hawk wins Lebanon vote, risking new tensions". Reuters. https://www.reuters.com/article/us-lebanon-politics-idUSKCN0YL1VI.
- ↑ "Remove Election Ink From Finger After Voting". www.miricitysharing.com. 7 May 2016. http://www.miricitysharing.com/remove-election-ink-from-finger-after-voting/.
- ↑ "Ahead of GE14, EC orders 100,000 bottles of indelible ink from India - Malay Mail". www.malaymail.com. https://www.malaymail.com/s/1583687/ahead-of-ge14-ec-orders-100000-bottles-of-indelible-ink-from-india.
- ↑ "UNDP Provided Indelible Ink in Myanmar Elections: A Powerful Integrity Tool". UNDP in Myanmar. Archived from the original on 2019-03-30. https://web.archive.org/web/20190330125121/http://www.mm.undp.org/content/myanmar/en/home/presscenter/pressreleases/2015/11/25/undp-provided-indelible-ink-in-myanmar-elections-a-powerful-integrity-tool-.html। আহৰণ কৰা হৈছে: 2016-06-23.
- ↑ "Observing Nepal's 2013 Constituent Assembly Election - Election Standards at The Carter Center". electionstandards.cartercenter.org. 26 December 2014. http://electionstandards.cartercenter.org/observing-nepals-2013-constituent-assembly-election/.
- ↑ "Nicaragua election observers report problems - CBC News". http://www.cbc.ca/news/world/nicaragua-election-observers-report-problems-1.1076155.
- ↑ "Election fraud: The curious case of magnetic ink - The Express Tribune". 10 October 2013. http://tribune.com.pk/story/616058/election-fraud-the-curious-case-of-magnetic-ink/.
- ↑ "Living in Peru » News » Congress eliminates use of ink in Peruvian elections". Archived from the original on 2016-08-16. https://web.archive.org/web/20160816071944/http://archive.peruthisweek.com/news-14726-politics-congress-eliminates-use-ink-peruvian-elections। আহৰণ কৰা হৈছে: 2016-06-23.
- ↑ Agencia Andina de Noticias (2 July 2011). "Tinta indeleble se utilizará por última vez en elecciones municipales complementarias de mañana" (es ভাষাত). andina.pe. https://andina.pe/agencia/noticia-tinta-indeleble-se-utilizara-ultima-vez-elecciones-municipales-complementarias-manana-366869.aspx। আহৰণ কৰা হৈছে: 2021-03-20.
- ↑ "Hardliner claims Philippine election win". BBC News. 9 May 2016. https://www.bbc.com/news/world-asia-36244456.
- ↑ "Final report of the OAS electoral observation mission". Secretariat for Political Affairs. http://www.oas.org/sap/docs/DECO/2010/SAINT_KITTS_NEVIS_JAN_25_2010.pdf। আহৰণ কৰা হৈছে: 2023-02-16.
- ↑ ""Solomon Islands Electoral Act 2018". http://www.paclii.org/sb/legis/num%20act/ea2018103.pdf.[সংযোগবিহীন উৎস]
- ↑ "A South African woman gets ink on her fi". http://www.gettyimages.co.uk/pictures/south-african-woman-gets-ink-on-her-finger-after-she-voted-news-photo-86148930.
- ↑ "Sri Lankan Voters Go To The Polls". http://www.gettyimages.no/detail/news-photo/sri-lankan-election-official-marks-a-voters-finger-with-news-photo/3193980.
- ↑ "Sudan voting extended; ink washing off voters' fingers | Radio Tamazuj". Archived from the original on 2016-06-02. https://web.archive.org/web/20160602205553/https://radiotamazuj.org/en/article/sudan-voting-extended-ink-washing-voters-fingers। আহৰণ কৰা হৈছে: 2016-05-11.
- ↑ "Syria holds parliamentary polls in regime-held areas". The Times of Israel. http://www.timesofisrael.com/syria-holds-parliamentary-polls-in-regime-held-areas/.
- ↑ "Tunisia veteran claims election win". BBC News. 22 December 2014. https://www.bbc.com/news/world-africa-30569318.
- ↑ "The brief history of elections in Turkey". Daily Sabah. 30 October 2015. http://www.dailysabah.com/feature/2015/10/30/the-brief-history-of-elections-in-turkey.
- ↑ "Venezuela's Socialists trounced in vote". BBC News. 7 December 2015. https://www.bbc.com/news/world-latin-america-35019111.
- ↑ "CNE anunció que no usará tinta indeleble para la elección de la ANC". El Nacional. 10 July 2017. http://www.el-nacional.com/noticias/politica/cne-anuncio-que-usara-tinta-indeleble-para-eleccion-anc_192284.