নিৰ্মল চাইনী

ভাৰতীয় ভলীবল খেলুৱৈ

নিৰ্মল চাইনী (ইংৰাজী: Nirmal Saini; ১০ অক্টোবৰ ১৯৩৮ – ১৩ জুন ২০২১, জন্ম নাম: নিৰ্মল কৌৰ[1]) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ আৰু ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক আছিল।[2][1] তেওঁ ১৯৬০ চনত দিল্লীৰ লেডী আৰৱিন কলেজত শাৰীৰিক শিক্ষা বিভাগৰ উপ-প্ৰশিক্ষক ৰূপে কাৰ্যনিবাহ কৰিছিল।[1] পিছলৈ তেওঁ পঞ্জাব ক্ৰীড়া সংস্থাৰ সহকাৰী সঞ্চালকৰ পদত অধিষ্ঠিত হৈছিল। মিলখা সিং আছিল এই সংস্থাৰ ডেপুটি ডিৰেক্টৰ। ১৯৬৩ চনৰপৰা ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰালৈকে তেওঁলোক এই পদত নিয়োজিত অছিল।[3] নিৰ্মল চাইনী কিংবদন্তি ভাৰতীয় দৌৰবিদ মিলখা সিংৰ পত্নী আছিল।[1] মিলখা সিং সেৱা সংস্থাৰ নিৰ্মল সহযোগী আছিল, যি অভাৱী খেলুৱৈ আৰু শিশুৰ হকে সহায়ৰ হাত আগবঢ়াইছিল। তেওঁৰ এক ৰাজনৈতিক দৃষ্টিভংগী আছিল আৰু জীয়ৰী ডা° মনা সিঙৰ সৈতে ২০১৪ চনত আম আদমী পাৰ্টিত যোগদান কৰিছিল। অৱশ্যে পিছত তেওঁ দলত্যাগ কৰে।[3]

নিৰ্মল চাইনী
জন্ম নিৰ্মল কৌৰ চাইনী
১০ অক্টোবৰ, ১৯৩৮
শেইখুপুৰা, পঞ্জাব, ব্ৰিটিছ ৰাজ (বৰ্তমান পঞ্জাব, পাকিস্তান)
মৃত্যু ১৩ জুন, ২০২১ (৮২ বছৰ)
মোহালী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম নিৰ্মল চাইনী কৌৰ মিলখা সিং
পেচা ভলীবল খেলুৱৈ,
মহিলা ক্ৰীড়া পৰিচালক
দাম্পত্যসঙ্গী মিলখা সিং
সন্তান জীৱ মিলখা সিং

সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

১৯৩৮ চনৰ ১০ অক্টোবৰত পঞ্জাবৰ শেইখুপুৰা (বৰ্তমান পাকিস্তানৰ অংশ) -ত তেওঁৰ জন্ম হৈছিল। দেউতাক মেহৰ চন্দ চাইনী পঞ্জাবৰ পাঠানকোটৰ ক্ষেত্ৰী পৰিয়ালৰ লোক অছিল।[3] তেওঁ ৰাজ্যিক বিভাগৰ মহিলা ক্ৰীড়া সঞ্চালক আছিল। ১৯৫৮ চনত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

নিৰ্মল চাইনীৰ “দ্য ফ্লাইং শিখ” মিলখা সিঙৰ সৈতে প্ৰেম বিবাহ হৈছিল।[4]১৯৫৬ চনত শ্ৰীলংকাত মিলখা আৰু নিৰ্মলৰ প্ৰথম দেখাদেখি হয়, য'ত নিৰ্মল ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক হিচাপে শ্ৰীলংকাত খেলিবলৈ গৈছিল আৰু মিলখাও এখন প্ৰতিযোগিতাত ভাগ ল'বলৈ বুলি তালৈ গৈছিল। এই প্ৰথম সাক্ষাতেই প্ৰেমলৈ পৰিৱৰ্তিত হয় আৰু পৰিয়াল তথা সমাজকেন্দ্ৰিক অলেখ প্ৰতিবন্ধকতাৰ পাছতো, ১৯৬৩ চনৰ ৫ মে'[3]তাৰিখে নিৰ্মল আৰু মিলখা বিবাহপাশত আৱদ্ধ হয়[1] আৰু প্ৰায় ছয় দশকজোৰা এটি সুখী দাম্পত্য জীৱন অতিবাহিত কৰে।[3] নিৰ্মল গল্ফ খেলুৱৈ জীৱ মিলখা সিঙৰ মাতৃ আৰু তেওঁ চণ্ডীগড়ত বাস কৰিছিল।[5][6][7]

২০২১ চনৰ ১৩ জুনত তেওঁ মোহালীত ক'ভিড-১৯ বৈশ্বিক মহামাৰীত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।[8][2]মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।[3] নিৰ্মলৰ মৃত্যুৰ কিছুদিনৰ পিছতে ২০২১ চনৰ ১৮ জুন তাৰিখে তেওঁৰ স্বামী মিলখা সিঙৰো ক'ভিড সংক্ৰান্তিয় জটিলতাত মৃত্যু হয়।[9]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 Swapnajit Kundu (Jun 19 2021). "Milkha Singh and Nirmal Kaur: The race of a lifetime". https://www.deccanherald.com. https://www.deccanherald.com/sports/milkha-singh-and-nirmal-kaur-the-race-of-a-lifetime-999201.html। আহৰণ কৰা হৈছে: 20 June 2021. 
  2. 2.0 2.1 "Legendary sprinter Milkha Singh's wife Nirmal dies due to COVID-19 complications | Off the field News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/off-the-field/legendary-sprinter-milkha-singhs-wife-nirmal-dies-due-to-covid-19-complications/articleshow/83487179.cms। আহৰণ কৰা হৈছে: 13 June 2021. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Nitin Sharma (June 14, 2021). "Nirmal Milkha Singh dies of Covid: ‘She has been the biggest trophy for me’". https://indianexpress.com. https://indianexpress.com/article/sports/sport-others/nirmal-kaur-milkha-singh-wife-covid-19-death-7357415/। আহৰণ কৰা হৈছে: 20 June 2021. 
  4. "The Tribune - Magazine section - Saturday Extra". Tribuneindia.com. 4 November 2006. http://www.tribuneindia.com/2006/20061104/saturday/main1.htm। আহৰণ কৰা হৈছে: 20 September 2009. 
  5. Papnai, Chitra (22 February 2009). "Swinging star". The Telegraph (India). https://www.telegraphindia.com/1090222/jsp/graphiti/story_10570835.jsp। আহৰণ কৰা হৈছে: 20 March 2018. 
  6. "Jeev Milkha Singh," the south-asian.com June 2002.
  7. "Carry on, Jeev," The Telegraph (Calcutta, India), 4 November 2006.
  8. "Nirmal Kaur, Milkha Singh's wife, dies after fighting Covid-19 for 3 weeks" (en ভাষাত). Hindustan Times. 13 June 2021. https://www.hindustantimes.com/india-news/nirmal-kaur-milkha-singh-s-wife-dies-after-fighting-covid-19-for-3-weeks-101623599387780.html। আহৰণ কৰা হৈছে: 13 June 2021. 
  9. Nitin Sharma (18 June 2021). "Milkha Singh no more; passes away aged 91 due to COVID-19 complications". The Indian Express. https://indianexpress.com/article/sports/sport-others/milkha-singh-dead-7365490/। আহৰণ কৰা হৈছে: 18 June 2021.