নীতিপাল চুতীয়া ৰাজবংশৰ শেষৰজন ৰজা আছিল।[1] পূৰ্বতে তেওঁৰ নাম নিতাই আছিল। নিতাই এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা আছিল।[1]

অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপালে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে ‘পাল শৱদিয়া মৈদাম’ৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব।[1] ৰজাই পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কম দিনৰ ভিতৰতে সয়ম্বৰৰ দিন ঘোষণা কৰিলে। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে কেৰ্কেটুৱাটো বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে।[1] পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধকনাৰায়ণৰো দায়িত্ব দি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে। ইয়াৰ পিছতে নিতাই ৰাজ সিংহাসনত আৰোহণ কৰে।

শাসনকাল সম্পাদনা কৰক

ৰাজ সিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়। তেওঁৰ কোনো শিক্ষা আৰু ৰাজনীতিৰ জ্ঞান সমূলি নাছিল। পুৰণা ৰাজ-বিষয়াসকলক খেদি দি তেওঁৰ নিজৰ লগৰীয়াবিলাকক ৰাজপদ দিয়ে। ফলত ৰাজ্যত নানা বিশৃংখলে দেখা দিয়ে।[1] গতিকে, ৰাজ্যত নানা তৰহৰ অন্যায় উপদ্ৰৱ আদি বাঢ়ি চাৰিওফালে হাহাকাৰ লাগি উঠিল। প্ৰজাবিলাকে পাচলৈ তেওঁক নীতিপালৰ সলনি অনীতিপাল নাম দি গৰিহণা দিবলৈ ধৰিলে। তেওঁৰ নীতিহীন শাসনত চুটিয়া ৰাজ্যৰ দুৰৱস্থাৰ সীমা নোহোৱাত পৰিল নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। খ্ৰীঃ ১৬১৯ চনত চুটিয়া ৰজাক আহোম ৰজাই যুদ্ধত ঘটাই তেওঁৰ ৰাজ্য আহোম ৰাজ্যৰ চামিল কৰি লয়; আৰু শদিয়াত শদিয়াখোৱা গোহাঞি’ খিতাপেৰে শাসনকৰ্তা এজন নিগাজীকৈ পাতি থৈ, চুটিয়াবিলাকক অসমৰ চাৰিওফলে সিঁচৰতিকৈ থিতাপিত কৰি সিবিলাকৰ পুনৰুত্থানৰ শক্তি নাশ কৰা হয়। এই ৰণত নীতিপালৰ মৃত্যু হয়। ফলত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অধীনলৈ যায়। এই যুদ্ধত নীতিপালৰ পত্নী সাধনী আৰু নাৰী সৈন্যসকলে লগত ধনু, কাঁড়, যাঠিলৈ যুদ্ধত নামি পৰিছিল। তেওঁলোকে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিছিল।[1]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). "চুতীয়া, কছাৰী আৰু জয়ন্তীয়া ৰাজ্য". সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২৯.