চ্যু-হ্যুণ-মু'ঙ

(দিহিঙীয়া ৰজাৰ পৰা পুনঃনিৰ্দেশিত)

চাওফা চ্যুপিমফাৰ (১৪৯৩-১৪৯৭ খ্ৰীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুধৰ্মৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেও উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ বকতাত ৰাজধানী পাতিছিল। [1][2][3][4]

চাওফা চ্যু-হুন-মুং
চুহুংমুং
দিহিঙীয়া ৰজা
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৪৯৩-১৪৯৭
সম্পূৰ্ণ নাম
চাওফা চ্যু-হুন-মুং
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

শাসনকাল সম্পাদনা কৰক

আহোম ৰাজবংশ
 
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যাদাৰে বৰপাত্ৰগোহাঁ‌ই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে শদিয়া আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।[4][2]

এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।[2] ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী মূলাগাভৰুও ৰণত পৰে। পিছত সেই ঠাইতে কনচেং বৰপাত্ৰগোঁহাইৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই কৰতোৱা নদী দুই ৰাজ্যৰ সীমা হয়।

চুহুন্মুঙৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোৱা দ'ল, কৰতোৱা পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।[2][3]

১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰে।[4]

এইজনা স্বৰ্গদেৱৰ দিনৰ পৰাই অসমত শকাব্দ বা 'শঁকাদিত্যৰ শঁক'ৰ প্ৰচলন হয়।[5]

মৃত্যু সম্পাদনা কৰক

১৪৯৭ খ্ৰীঃত বৰকোঁৱৰ চুক্লেণমুঙৰ ষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্ৰাণ হেৰুৱায়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্ৰবন্ধ পেৰাগ্ৰাফ ২; ৭০, ৭১ প্ৰ: পে: ৬) - ড॰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগৰদ্বাৰা প্ৰকাশিত)
  2. 2.0 2.1 2.2 2.3 2.4 অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্ৰ:পে: ১; ১৯৮, ২০৪, ২০৫ প্ৰ:পে: ৩) - ড॰ লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্ৰকাশিত। পঞ্চম প্ৰকাশ ১৯৮৭)
  3. 3.0 3.1 টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্ৰ:পে: ৪) - ড॰ লীলা গগৈ (১৯৮৫ চনত ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত। চতুৰ্থ সংস্কৰণ ১৯৯৪)
  4. 4.0 4.1 4.2 ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্ৰ:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আৰ্য বিদ্যাপীঠ কলেজ), হৰি প্ৰসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্ৰকাশিত, মে' ১৯৮৬)
  5. বৰবৰুৱা, হিতেশ্বৰ (১৯৮১) আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, ২য় প্ৰকাশ-১৯৯৭, পৃষ্ঠা- ৪৬