নাগাৰা হৈছে সৰু দবা আকৃতিৰ এবিধ থলুৱা অনৱদ্ধ বা আনব্ধ বাদ্য। অঞ্চলভেদে নাগাৰাক নেগেৰা বুলিও কোৱা হয়। অনৱদ্ধ বা আনব্ধ বাদ্য এইবোৰ বাদ্যযন্ত্ৰক কোৱা হয়, যিবোৰ মাটি, কাঠ, বাঁহ অথবা ধাতুৰ খোলা সাজি সেই খোলাটোৰ এমুখ বা দুইমুখ জন্তুৰ ছালেৰে বন্ধ কৰি বাদন কৰা হয়। নাগাৰাও এনে এবিধ বাদ্য। নাগাৰাৰ খোলাটো সাধাৰণতে মাটিৰে তৈয়াৰ কৰা হয় যদিও কাঠৰ খোলাও ব্যৱহাৰ কৰা হয়। সাধাৰণতে কঁঠাল কাঠ এই খোলাৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। আজিকালি লোৰ খোলাতো নাগাৰা চাৱনি কৰি বজোৱা দেখা গৈছে। দৰং জিলাৰ হেমকান্ত ডেকা নামৰ লোকজনে ১৯৯৮ চনতে তেখেতৰ নিজা চিন্তা আৰু পৰিকল্পনাৰে এটি লোৰ নাগাৰা ইঞ্জীনিয়াৰিং কাৰখানাৰ স্বত্ত্বাধিকাৰ বিনয় ডেকাৰ সহযোগত তৈয়াৰ কৰিছিল।[1]

নাগাৰা
নাগাৰা

ভাষাবিদসকলৰ মতে নাগাৰা শব্দটো ফাৰ্ছী ভাষাৰ শব্দ 'নক্কৰা' শব্দৰ পৰা আহিছে।[উদ্ধৃতিৰ প্ৰয়োজন] দবা যেনেদৰে দুডাল মাৰিৰ সহায়ত বজোৱা হয়, ঠিক তেনেদৰে নাগাৰাও দুডাল মাৰিৰে কোবাই শব্দ বাহিৰ কৰা হয়। অসমত দুবিধ নাগাৰা দেখা যায়। উজনি অসমৰ বিভিন্ন প্ৰান্তত যিবিধ নাগাৰাৰ ব্যৱহাৰ দেখা যায় সেইবিধ নাগাৰাৰ আকাৰ নামনি অসমত ব্যৱহাৰ কৰা নাগৰাৰ তুলনাত সৰু। উজনিত ব্যৱহাৰ কৰা নাগাৰাবিধক সেয়ে সৰু নাগাৰা আৰু নামনিত ব্যৱহাৰ কৰা নাগাৰাবিধক বৰ নাগাৰা বুলি কোৱা হয়। নামনি অসমত নাগাৰা এটাৰ খোলা এটা সাধাৰণতে ৬০ ছেণ্টিমিটাৰমান হয়। এই খোলাটো গৰুৰ পাতল ছালেৰে চাৱনি কৰা হয়। মুচিয়াৰসকলে খোলাৰ মুখখন পাতল ছালেৰে চাই বৰতিৰে ভালদৰে আঁটি আঁটি বান্ধে। উজনি অসমৰ নাগাৰাৰ আকাৰ ২০-২২ ছেণ্টিমিটাৰমান হয়। এযোৰ নাগাৰাৰ এটা নাগাৰা কিছু ডাঙৰ আৰু আনটো সৰুকৈ সজা হয়। এনেদৰে সাজি লোৱা নাগৰাযোৰ সমানকৈ আগত ৰাখি বাঁহৰ মাৰিৰে বজোৱা হয়। অৱশ্যে দুটাতকৈ অধিক নাগাৰাও পাৰদৰ্শিতা থকা লোকে বজোৱা দেখা যায়। সৰু নাগাৰা আৰু বৰ নাগাৰাৰ উপৰি আন এবিধ নাগাৰাৰ কথাও উজনি অসমত প্ৰচলিত ঢুলীয়া ওজাৰ মালিতাত উল্লেখ থকাৰ কথা জনা যায়। এইবিষয়ে মালিতাত এনেদৰে গায়—

"শংকৰে নাগাৰা বজায় পাৰ্বতী নাচয়।

সিকাৰণে তাৰ নাম নাচ নাগাৰা হয়।।"

নাম প্ৰসংগ কৰোঁতে নাগাৰাৰ লগত ভোৰতাল বজোৱাটো সাধাৰণ নিয়ম। দিহানাম, থিয়নাম আদি পৰিবেশন কৰাৰ সময়তো নাগাৰা বজোৱা হয়। নামৰ চেঁৱে চেঁৱে এই বাদ্য বজোৱা হয়। নামনি অসমৰ নাগাৰা নাম এক বিশিষ্ট লোক পৰিবেশ্য কলা হিচাপে পৰিচিত।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমৰ সংস্কৃিত কোষ' — ড° নাৰায়ণ দাস (মুখ্য সম্পাদক), ড° পৰমানন্দ ৰাজবংশী (সম্পাদক), প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন, পাবজাৰ, গুৱাহাটী-১, প্ৰথম প্ৰকাশ : মাৰ্চ, ২০০৯, পৃষ্ঠা, ৩৩৬