পঁচতি পঁচতি শব্দৰ সাধাৰণ অৰ্থ হ’ল - ল'ৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা জন্ম কৃত্য।[1] পিছে পঁচতি বুলিলে আমি সাধাৰণ শিশুৰ জন্মৰ পঞ্চম দিৱসৰ উৎসৱক নুবুজো-বুজো চিৰশিশু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাঁচদিনৰ পাছত উদ্যাপিত উৎসৱটোকহে।[2]জন্মাষ্টমীৰ পৰৱৰ্তী দিনটো নন্দোৎসৱৰূপে জনা যায়; কাৰণ সেইদিনা নন্দৰ পুৰীত উৎসৱৰ আয়োজন কৰা হৈছিল। পঁচতি নন্দোৎসৱৰ পৰৱৰ্তী উৎসৱ। সাধাৰণতে পঁচতি উৎসৱ জন্মাষ্টমীৰ পাঁচদিনত পাতিব লাগে কোনো কোনো ঠাইত নন্দোৎসৱ অথবা তাৰ পাছদিনাই এই উৎসৱ উদ্‌যাপন কৰা দেখা যায়। পঁচতি আইসকলৰ উৎসৱ। নাট-ভাওনাৰ ভালেখিনি লক্ষণ ইয়াত বিদ্যমান। ইয়াৰ নায়িকা যশোদা। গৰ্গমুনি, পুতনা, গোপ- গোপী আদি পাৰ্শ্ব চৰিত্ৰ। যশোদাৰ ভাও লোৱা তিৰোতাগৰাকী ব্ৰতত থকা প্ৰয়োজন। তেওঁ পুত্ৰৰ সৈতে ৰঙ্গমঞ্চৰ একাষত বহে। ছয়জনী সৰু ছোৱালীয়ে হাতত চাউল, আৰু লাড়ু লৈ ৰঙ্গমঞ্চলৈ আহি যশোদাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি তেওঁৰ মূৰত চাই ছটিয়ায়। নন্দ জায়াই এবাৰ প্ৰদক্ষিণৰ গোপী এজনীৰপৰা ফল এটি গ্ৰহণ কৰি সেই কৃষ্ণলৈ আগবঢ়ায়। হাতত পুথি-পাঁজি লৈ শ্ৰীকৃষ্ণৰ নামকৰণ উপলক্ষে গৰ্গমুনিয়ে প্ৰবেশ কৰাৰ লগে লগে তিৰোতাসকলে শ্ৰীকৃষ্ণৰ গালৈ হালধি পানী ছটিয়াবলৈ আৰম্ভ কৰে। তিৰোতাসকল হালধিৰ পানীত তিতি জুৰুলি জুপুৰি হয়। ইমানতে শেষ হয় আগ পঁচতি উৎসৱ। আবেলি আৰম্ভ হয় পিছ পঁচতিৰ। পুতনাবধ এই অংশৰ এই আকৰ্ষণ বিন্দু।[3]

পঁচতি
পালন কৰে অসমীয়া
প্ৰকাৰ জন্ম সম্পৰ্কীয় উৎসৱ, ভাৰতীয় উৎসৱ

পুৰণি অসমীয়া সাহিত্যত পঁচতিউৎসৱৰ আলমত দুখনি নাট পোৱা যায়। তাৰে। এখনৰ ৰচয়িতা হ’ল কামৰূপৰ ওপৰভাগ মৌজাৰ কঁহাৰজাৰ (ঝাৰ) গাঁৱৰ দ্বিজ ৰমাকান্ত। নাটখনিত আদ্য দশমৰপ্ৰভাৱ মচিব নোৱাৰা। দ্বিতীয়খনি পঁচতিৰ ৰচয়িতা হ'ল। মাধৱ দত্ত। নাটখনিৰ বিষয় বস্তুত আছে-শ্ৰীকৃষ্ণৰ জন্ম, দৈৱকী বসুদেৱৰ স্তুতি, জন্মোৎসৱ আৰু পুতনা বধ। ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, পঁচতি গোৱা দস্তুৰটো প্ৰাক শংকৰ যুগৰেপৰা চলি অহা। মহাপুৰুষ শংকৰদেৱে ইয়াত নতুন ৰহণ চৰায়। অসমৰ সত্ৰসমূহত এই পঁচতি উৎসৱ উলহ-মালহেৰে পালন কৰা হয়।[4]

ভগৱান শ্ৰীকৃষ্ণৰ নামকৰণৰ লগত জড়িত এই পঁচতি বা বোকা ভাওনা উপলক্ষে এটা গাঁত খান্দি তাত বোকা সৃষ্টি কৰি সৰু সৰু ল’ৰাবোৰে নাৰিকল দলিয়াই টনা-টনি কৰি আনন্দ কৰে। লগতে সৰু সৰু ল’ৰাবোৰে কৃষ্ণৰ ভাও লৈ নৃত্য প্ৰদৰ্শন কৰে। তদুপৰি থানৰ ভকতসকলে পুৰাণখ্যাত নন্দ, যশোদা আদি বিভিন্ন চৰিত্ৰৰ ভাও লয়।[5]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. মণ্টুৰাম দাস,দৈনিক অসম. "বৰপেটা সত্ৰৰ পচতি". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9f09aa9c799f9be-9b89a49cd9f09f0-9aa99a9a49bf. 
  2. অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৩৭৫,
  3. অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-৩৭৫
  4. অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-৩৭৫
  5. "সৰভোগৰ গৰখীয়া গোসাঁই থানত বোকা ভাওনা পালন". ৬ চেপ্টেম্বৰ, ২০১৮. https://janambhumi.in/VFdwUk0wMTZhejA9/%E0%A6%B8%E0%A7%B0%E0%A6%AD%E0%A7%8B%E0%A6%97%E0%A7%B0-%E0%A6%97%E0%A7%B0%E0%A6%96%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%87-%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A6%A4-%E0%A6%AC%E0%A7%8B%E0%A6%95%E0%A6%BE-%E0%A6%AD%E0%A6%BE%E0%A6%93%E0%A6%A8%E0%A6%BE-%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A8.html.