পচোৱা [1] শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত ৰঙালী বিহু উদ্‌যাপনৰ বাৰ্ষিক উৎসৱ। সাধাৰণতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বসন্তৰ আগমনৰ প্ৰাকক্ষণতে এই অনুষ্ঠান উদ্‌যাপন কৰা হয় । অসমীয়া সমাজত বʼহাগ মাহত বলা বতাহজাকক পচোৱা বতাহ হিচাপে জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] এদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱটিত বিভিন্ন ধৰণৰ খেল-ধেমালি,চিত্ৰাংকন প্ৰতিযোগিতা,হুঁচৰি প্ৰতিযোগিতা,আধুনিক নৃত্য প্ৰতিযোগিতা, আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ২০১২ চনত কেইজনমান ছাত্ৰ আৰু প্ৰবক্তাৰ সহযোগিতাত প্ৰথমবাৰৰ বাবে পচোৱা উদ্‌যাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰত্যেক বছৰে সকলোৱে মিলি এই অনুষ্ঠানটি সফল কৰি আহিছে। তদুপৰি বিহুৰ লগত সংগতি ৰাখি বৰ্হমথুৰি নামেৰে এখন আলোচনীও প্ৰকাশ কৰা হয়।[2]

পচোৱা

ফুলাম গামোচা এখনৰ সোমাজত পচোৱা বুলি ইংৰাজীত লিখা থকা পচোৱাৰ ল'গ'
Type ছাত্ৰই আয়োজন কৰা ৰঙালী বিহু উদ্‌যাপনৰ বাৰ্ষিক উৎসৱ
Genre সাংস্কৃতিক
Founded ২০১২
Place শিলচৰ,অসম, ভাৰতবৰ্ষ
Institute ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
২০১৩ চনৰ পচোৱাত ৰঞ্জিত গগৈৰ অনুষ্ঠান
২০১৪ চনৰ পচোৱাত সীমান্ত শেখৰৰ অনুষ্ঠান
বিহু হুচঁৰি,২০১৪ চন
চিত্ৰাংকন প্ৰতিযোগিতা, ২০১৪ চন

ইতিহাস সম্পাদনা কৰক

সম্পূৰ্ণৰূপে আৱাসিক এই প্ৰতিষ্ঠান খনত অধ্যয়নৰত আৰু শিক্ষকতা কৰি থকা অসমীয়া ছাত্ৰ আৰু অধ্যাপক সকলে শিক্ষায়তনিক বাধ্যবাধকতাৰ বাবে ৰঙালী বিহুৰ সময়ত নিজৰ পৰিয়ালৰ সৈতে উপভোগ কৰিবলৈ সাধাৰণতে আঁহৰি নাপায়। সেয়ে ২০১২ চনত কিছু ছাত্ৰ আৰু অধ্যাপকৰ প্ৰচেষ্টাত পচোৱাৰ জন্ম হয়। বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ভাষা আৰু সংস্কৃতিৰ দিশৰে ভালেখিনি পৃথক। অসমৰ ভৌগোলিক অৱস্থানৰ ভিতৰতে যদিও এই অঞ্চলত বিহু জাতীয় উৎসৱ হিচাপে পালন কৰা নহয়।[উদ্ধৃতিৰ প্ৰয়োজন] সেয়ে বৰাক উপত্যকাবাসী অসমীয়াসকলক একত্ৰিত কৰা আৰু আন অন্য প্ৰদেশ আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সকলৰ জৰিয়তে অসমীয়া সভ্যতা-সংস্কৃতি জগতবাসীক পৰিচয় কৰাই দিয়া ইয়াৰ জন্মলগ্নৰে উদ্দেশ্য আছিল। ইতিমধ্যে তৃতীয় সংস্কৰণ পাৰ কৰা পচোৱা এই দিশত ভালেখিনি সফল হ'বলৈ সক্ষম হৈছে।

তথ্যসূত্ৰ সম্পাদনা কৰক