পঞ্চী বৰা
পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।[1]
পঞ্চী বৰা | |
---|---|
Photo of Panchi Bora From The 3rd Boroplus Gold Awards | |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | মডেল, অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৪-বৰ্তমান |
কেৰিয়াৰ
সম্পাদনা কৰকপঞ্চী বৰাৰ ঘৰ অসমত যদিও আৰ্মি বিষয়া পিতৃয়ে অৱসৰৰ পিছত পুনেত বসবাস কৰিবলৈ লয়।[2] তেওঁ পুনেত আইন মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। সেই সময়তে দুৰদৰ্শনৰ বিভিন্ন বিজ্ঞাপনত পঞ্চী বৰাই অংশগ্ৰহণৰ সুযোগ পায়।[3][4]
বালাজী টেলিফিল্মৰ মুখ্য কাৰ্য্যবাহী একতা কাপুৰে এম টিভিৰ প্ৰথমখন ধাৰাবাহিক ‘কিতনী মস্ত হ্যে জিন্দেগী’ত অভিনয়ৰ বাবে পঞ্চী বৰাক সুযোগ দিয়ে।[4][2] তেওঁ ধাৰাবাহিকখনত ৰেডিঅ’ জ’কী অনন্যা পুৰীৰ ভূমিকাত অভিনয় কৰে। ইয়াৰ পিছতে পঞ্চী বৰাই আইন শিক্ষা বাদ দি পুনেৰ ফাৰ্গুছন মহাবিদ্যালয়ত স্নাতক মহলাত ভৰ্তি হয়।[5]
পৰৱৰ্ত্তীকালত একতা কাপুৰৰে অন্য এখন ধাৰাবাহিক ‘কয়ামত’ত পঞ্চী বৰাই প্ৰাচীৰ ভূমিকাত অভিনয় কৰে।[5][2] ইয়াত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ২০০৮ চনত ষ্টাৰ পৰিবাৰ এৱাৰ্ডছত দুটাকৈ নমিনেশ্যন লাভ কৰে।[6]
২০০৯ ৰ পৰা ২০১২ চনলৈ অভিনয়ৰ পৰা আঁতৰি থকাৰ পিছত পঞ্চী বৰাই ষ্টাৰ প্লাছৰ ‘Bid Aai’-ত ভূমুকি মাৰে। ২০১০ চনত তেওঁ ‘দ্য হিন্দু-দ্য ইণ্ডিয়ান’ নামৰ ৰাছিয়ান দুৰদৰ্শন ধাৰাবাহিক এখনত অভিনয়ৰ সুযোগ পায়।[7] ইয়াত তেওঁ এগৰাকী ভাৰতীয় মহিলা ‘মায়া’ ৰ ভূমিকাত অভিনয় কৰে।[7] ২০১২ চনত তেওঁ ‘গুমৰাহ: এণ্ড অব ইঞ্চেন্স’ ত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।[8]
২০১১ চনত পঞ্চী বৰাই তেলুগু চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ অভিনেত্ৰীৰূপে আত্মপ্ৰকাশ কৰে।[9] তেওঁ ইতিমধ্যে ভালেসংখ্যক তেলুগু ছবিত অভিনয় কৰিছে।[10][11]
অভিনয়
সম্পাদনা কৰকচলচ্চিত্ৰ
সম্পাদনা কৰকবছৰ | চলচ্চিত্ৰ | ভূমিকা | ভাষা |
---|---|---|---|
২০১১ | Akashame Haddu | আশিয়া | তেলুগু |
২০১২ | Uu Kodathara? Ulikki Padathara? | মিনা | তেলুগু |
২০১২ | Dhamarukam | কবিতা | তেলুগু |
২০১৩ | ইটছ মাই লাইফ | হিন্দী | |
২০১৪ | য়ামিনী চন্দ্ৰশেখৰ | য়ামিনী | তেলুগু |
২০১৪ | Prabhanjanam | প্ৰণিতা | তেলুগু |
দুৰদৰ্শন
সম্পাদনা কৰকবছৰ | ধাৰাবাহিক | ভূমিকা | চেনেল | মন্তব্য |
---|---|---|---|---|
২০০৪-২০০৫ | কিতনী মস্ত হ্যে জিন্দেগী | অনন্যা পুৰী | এম টি ভি ইণ্ডিয়া | |
২০০৭ | কহীঁ ত’ হোগা | প্ৰাচী | ষ্টাৰ প্লাছ | অতিথি ভূমিকা |
২০০৭-২০০৯ | কয়ামত | প্ৰাচী মিলিণ্ড মিশ্ৰ | ||
২০০৮ | চি আই ডি | নীলিমা | ছনী এণ্টাৰটেইনমেণ্ট | |
২০১০ | দ্য হিন্দু | মায়া | চেনেল ৱান ৰাছিয়া | ৰাছিয়ান ধাৰাবাহিক[12] |
২০১০ | কেশব পণ্ডিত | জি টিভি | ||
২০১২ | গুমৰাহ: এণ্ড অব ইনচেন্স | নীলম | চেনেল ভি ইণ্ডিয়া | খণ্ড ভূমিকা |
২০১৫-২০১৬ | গংগা | জাহ্নবী সাগৰ চতুৰ্বেদী | কিউ টি ভি |
তথ্য উৎস
সম্পাদনা কৰক- ↑ Nishant (2007-08-08). "Panchi, no time for love". The Times of India. http://timesofindia.indiatimes.com/city/Panchi-no-time-for-love/articleshow/2263012.cms। আহৰণ কৰা হৈছে: 2013-08-28.
- ↑ 2.0 2.1 2.2 "Metro Plus Visakhapatnam / Television : Twice lucky!". The Hindu. 2007-02-17. Archived from the original on 2007-02-22. https://web.archive.org/web/20070222230903/http://www.hindu.com/mp/2007/02/17/stories/2007021700640100.htm। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ "Panchi Bora is on cloud nine – Oneindia Entertainment". Entertainment.oneindia.in. 2008-11-25. Archived from the original on 2014-04-19. https://web.archive.org/web/20140419025516/http://entertainment.oneindia.in/television/news/2008/panchi-bora-cloud-nine-251108.html। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ 4.0 4.1 "rediff.com: When Ekta Kapoor tracked down Panchi Bora!". Rediff.com. http://specials.rediff.com/movies/2008/jun/09sli2.htm। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ 5.0 5.1 "rediff.com: When Ekta Kapoor tracked down Panchi Bora!". Rediff.com. http://specials.rediff.com/movies/2008/jun/09sli3.htm। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ "Star Parivaar Awards nominations out – Oneindia Entertainment". Entertainment.oneindia.in. 2008-04-23. Archived from the original on 2014-04-19. https://web.archive.org/web/20140419015910/http://entertainment.oneindia.in/television/news/2008/star-parivaar-awards-230408.html। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ 7.0 7.1 "Panchi flies to Moscow". Hindustan Times. 2010-01-12. Archived from the original on 2014-04-19. https://web.archive.org/web/20140419020035/http://www.hindustantimes.com/entertainment/television/panchi-flies-to-moscow/article1-496605.aspx। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ "Panchi Bora back with Gumrah – The Times of India". The Times of India. 2012-05-28. http://timesofindia.indiatimes.com/entertainment/hindi/tv/news-interviews/Panchi-Bora-back-with-Gumrah/articleshow/13592871.cms। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ Y. Sunita Chowdhary (2011-09-10). "Aakasame Haddu – Love guru weaves the magic". The Hindu. http://www.thehindu.com/features/cinema/aakasame-haddu-love-guru-weaves-the-magic/article2442150.ece। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ "Actress Panchi Bora | Lakshmi Manchu". CineGoer.com. 2011-12-04. http://www.cinegoer.net/telugu-cinema/news-archives/december-2011/panchi-bora-heaps-praises-on-balakrishna-041211.html। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ M. L. Narasimham (2014-02-08). "Yamini Chandrasekhar: The mystery deepens". The Hindu. http://www.thehindu.com/features/cinema/yamini-chandrasekhar-the-mystery-deepens/article5668066.ece। আহৰণ কৰা হৈছে: 2014-04-18.
- ↑ "Russian World Studios". Rwstudio.com. http://rwstudio.com/about/about/। আহৰণ কৰা হৈছে: 2014-04-18.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- পঞ্চী বৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।