পদ্মাপ্ৰিয়া
পদ্মাপ্ৰিয়া বা পদ্মাপ্ৰিয়া আই(ইংৰাজী: Padmapriya Aai) মাধবদেৱৰ শিষ্য ভবানীপুৰীয়া গোপাল আতাৰ কন্যা আৰু সেই সময়ৰ এগৰাকী ধৰ্মানুৰাগী নাৰী৷ তেওঁৰ জন্ম আনুমানিক ১৫৭৪-৭৫ চন৷[1] জন্মস্থান বৰপেটা জিলাৰ ভবানীপুৰ সত্ৰত৷ মাকৰ নাম বৃন্দাৱতী৷ পদ্মাপ্ৰিয়াৰ দুজন ভাতৃৰ নাম ক্ৰমে দামোদৰ আৰু কমললোচন৷[2]
পদ্মাপ্ৰিয়া | |
---|---|
অন্য নাম | পদ্মাপ্ৰিয়া |
জনা যায় | ভবানীপুৰীয়া গোপাল আতাৰ কন্যা |
ধৰ্ম | হিন্দু ধৰ্ম |
পিতৃ-মাতৃ | গোপাল আতা, বৃন্দাৱতী |
গোপাল আতাই দুগৰাকী ভাৰ্যা বিবাহ কৰাইছিল৷ এগৰাকী বৃন্দাৱতী, বৰপেটাৰ হৰিৰাম কায়স্থ ওৰফে হাৰিয়া কায়স্থৰ কন্যা আৰু আনগৰাকী ভবানীপুৰৰ পৰ্হিয়া মাধৱ বা পৰ্হিয়া আতাৰ কন্যা সুভাগী৷[3] তেওঁলোক দুইগৰাকী পত্নীৰে তিনিটি সন্তান জন্ম হৈছিল৷ চৰিত পুথিত আছে,
এহিমতে সুখে যেৱে গোপাল আছন্ত।
তেৱে তান দুইজন সন্ততি ভৈলন্ত॥
কমললোচন নাম বৰ ঠাকুৰৰ।
থৈলা দামোদৰ নাম কনিষ্ঠ জনৰ॥
দুইহন্তৰ ৰূপে গুণে কেহো নোহে সম।
ভৈল একজন আৰো দুহিতা উত্তম॥
তান গুণে সমস্তৰে মন সন্তোষিলা।
অতি দয়াতৰে পদ্মাপ্ৰিয়া নাম থৈলা॥
পদ্মাপ্ৰিয়া ৰূপে-গুণে অতুলনীয়া আছিল৷ গোপালদেৱৰ নাতি হৰিবল্লভৰ চৰিত পুথিত পদ্মাপ্ৰিয়াৰ ৰূপৰ বৰ্ণনা আছে এনেদৰে,
“পদ্মাপ্ৰিয়া নামে ভৈলা তাহাৰ নন্দিনী
অতি ৰূপৱতী গুণৱতী যশস্বিনী৷’’[1]
তেওঁৰ কণ্ঠ বৰ সুললিত আছিল৷ সেইসময়ৰ প্ৰচলিত গীত-মাত বৰ সুললিত স্বৰে গাব পাৰিছিল৷ এবাৰ ভাত দিওঁতে পলম কৰাত পিতৃয়ে মাকৰ ওচৰত অভিমান কৰি ভাত নাখাওঁ বুলি শুই থকাত পদ্মাপ্ৰিয়াই সুললিত কণ্ঠে গীত গাই পিতৃৰ অভিমান ভাঙিছিল৷ চৰিত পুথিত আছে,
“এফাঁকি গীতকো গাইবে নতু পান্তে
পৰম প্ৰসন্ন ভৈলা৷
বোলন্ত পিৰিয়া আৰু নামাতিবা
আপুনি উঠি আসিলা৷[1]
গোপাল আতাই পদ্মাপ্ৰিয়া বিবাহ উপযুক্ত হোৱাত তেওঁৰেই শিষ্য যদুমণিক বিয়াৰ প্ৰস্তাৱ দিছিল৷ কিন্তু গুৰুকন্যাক তেওঁ বিবাহ কৰাবলৈ অমান্তি হৈ “মাতৃ জ্ঞান’’ কৰা বুলি মত ব্যক্ত কৰাৰ পিছত পদ্মাপ্ৰিয়াই আগলৈ বিয়াত নবহাৰ সিদ্ধান্ত লয়৷ দুই এখন চৰিত পুথিত অৱশ্যে কোনো শাক্তধৰ্মী লোকৰ লগত বিয়া হৈ তেওঁৰ ধৰ্মমতত চলিব নোৱাৰি প্ৰথম বছৰতে পিতৃগৃহলৈ উভতি আহে বুলি কোৱা হৈছে৷[1]
পদ্মাপ্ৰিয়াই পিতৃৰ আদৰ্শৰে নানা গীত-পদ ৰচনা কৰাৰ উপৰি গোপাল আতাৰ চৰিত পুথি ৰচনা কৰিছিল৷ এই চৰিতখনৰ পৰা গোপাল আতাৰ পূৰ্বপুৰুষৰ বিষয়ে সঠিকভাবে জানিব পাৰি৷
নামে ৰুদ্ৰেশ্বৰ, পুত্ৰ খন্তেশ্বৰ, তান পুত্ৰ গোপেশ্বৰ৷
তাহান নন্দন, নামে বিৰোচন, তান সূত চৈতন্যবৰ৷
তানে গৃহজাত, নৰেশ্বৰ খ্যাত, তান পুত্ৰ কামেশ্বৰ৷
কামেশ্বৰ লাল, শ্ৰীমন্ত গোপাল, কৃষ্ণ অংশে অৱতাৰ৷[3]
আই পদ্মাপ্ৰিয়াক শংকৰোত্তৰ যুগৰ মহিলা কবি বা প্ৰথম অসমীয়া মহিলা লেখিকা বুলি কোৱা হয়৷[1]
পিতৃ গোপালদেৱৰ তত্ত্বাৱধানত পৰিয়ালৰ মাজত থাকি আহৰণ কৰা শিক্ষাই পদ্মপ্ৰিয়াৰ শিক্ষাৰ মূল ভেটি আছিল। সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শৰে ডাঙৰ-দীঘল হোৱা পদ্মপ্ৰিয়াই নম্ৰতা গুণৰ ফলত কালিন্দী আই আৰু মাধবদেৱৰ প্ৰশংসা লাভ কৰিছিল৷ এবাৰ পিতৃৰ সৈতে মাধবদেৱ গুৰুক দৰ্শন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাত পিতৃয়ে কৈছিল, নিম, যদিহে তালৈ গৈ গুৰুঠাই সৰা-মচা কৰা দাসীক সেৱা কৰি তেওঁৰ চৰণধূলি ল’ব পাৰ তেতিয়াহে গুৰুক সাক্ষাৎ কৰাম৷ পদ্মাপ্ৰিয়াই তৎক্ষণাৎ মান্তি হৈ গৈ তাকেই কৰিছিল৷ এই কাৰ্য দেখি গুৰু মাধবদেৱে সজবুদ্ধিৰ কন্যা বুলি প্ৰশংসা কৰিছিল৷[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 গুৰুং, ড° নমিতা দাস (২২ নৱেম্বৰ ২০১৮). "অসমৰ প্ৰথম মহিলা কবি-গীতিকাৰ আই পদ্মাপ্ৰিয়া". মুৰুলী (৯১ সংখ্যক হাউলী ৰাস মহোৎসৱ): ৯০.
- ↑ 2.0 2.1 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩২৯, ২৩০.
- ↑ 3.0 3.1 দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ২১৪.