কালিন্দী আই

শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়া পত্নী

কালিন্দী আই বা কালিন্দ্ৰী আই (ইংৰাজী: Kalindi Aai/Kalindri Aai) (১৪৮৮ - ১৬২৮) শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়া পত্নী আছিল। পিতৃ আছিল ৰাম ভূঞা। ১৫ বছৰ বয়সত শংকৰদেৱৰ লগত বিয়াত সোমায়। শংকৰদেৱৰ মৃত্যুৰ পাছত ধৰ্মৰ গুৰি ধৰিছিল। এখেতৰ কথা মতে মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰে। নাতিবোৱাৰী কনকলতাক বৰদোৱা থান পুনৰুদ্ধাৰ কৰাৰ বাবে নিৰ্দেশ দিছিল।[1]

পাটবাউসী সত্ৰত সংৰক্ষিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পত্নী কালিন্দী আয়ে ব্যৱহাৰ কৰা চালপীৰা।

শংকৰদেৱ প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত বুঢ়ীমাক খেৰশুতীয়ে শংকৰদেৱক কৈছিল, “বাপু, তুমি মোৰ বংশধৰ নাতি; আগলৈ সতি সন্ততি নাই, কন্যা এটি জোৰো৷’’[2] শংকৰদেৱে আগতে সূৰ্যৱতী নামে এক কন্যা বিবাহ কৰাইছিল আৰু মনু নামে এটি কন্যাসন্তান জন্ম দি তেওঁৰ মৃত্যু হৈছিল৷ সেয়ে, শংকৰদেৱে পুনৰ সংসাৰ বন্ধনত সোমাবৰ ইচ্ছা নকৰি কৈছিল, “মাতৃ বিবাহ কৰালো গুচিল কৃষ্ণৰ কৃপাহে সি জঞ্জাল নাপাতো আৰু৷’’[2] কিন্তু পিছত বংশৰ বৃদ্ধ লোকসকল, ভূঞা ৰামখা, ৰূপখা, গাৰ্ভূখা, কেতাই খা আদিক মাতি আনি বুঢ়ীআয়ে কথাটো কোৱাত আৰু সকলোৱে বিবাহত জোৰ দিয়াত শংকৰদেৱ মান্তি হৈ দুকুৰি চৌদ্ধ বছৰ বয়সত পোন্ধৰ বছৰীয়া ’আই’ক বিয়া কৰায়৷[2]

সতি-সন্ততি

সম্পাদনা কৰক

কালিন্দী আইৰ তিনিটি পুত্ৰ আৰু এটি কন্যা জন্ম হয়৷ তেওঁলোকৰ নাম, ৰামানন্দ, হৰিচৰণ, কমললোচন আৰু বিষ্ণুপ্ৰিয়া৷ প্ৰথম পুত্ৰ ৰামানন্দৰ জন্মৰ সময়ত শংকৰদেৱ কোমৰাকটাত আছিল আৰু পুত্ৰ জন্মা খবৰ পাই তেওঁ “পাৱে পৰিহৰি কৰোঁহো কাতৰি’’ শীৰ্ষক বৰগীতটো ৰচনা কৰিছিল৷[2]

কালিন্দী আয়ে গাৰ্হস্থ্য ধৰ্ম সমাজৰ প্ৰচলিত লোকাচাৰ মানি পালন কৰি আছিল৷ আয়ে ঘৰৰ এচুকত ঘটত আমৰ পাত থৈ ঘৰৰ সুখ-শান্তিৰ বাবে ঘৰ-জেউতিৰ পূজা কৰিছিল৷ মাধবদেৱে এয়া দেখিবলৈ পাই সকলো ভাঙি-চিঙি কলাকটা নৈত উটুৱাই দি সুখ-শান্তি আৰু ঘৰৰ শ্ৰীবৃদ্ধিৰ বাবে কৃষ্ণৰ কৃপাই সকলো৷ তেওঁকহে একান্তমনে পূজিব লাগে৷ আকৌ, মাধবদেৱৰ বুজনিতেই আয়ে শংকৰদেৱক গুৰু মানি শৰণ লৈ “বৈকুণ্ঠৰ বস্তু আমাৰ গোঁসাই’’ বুলি মাতিবলৈ লৈছিল৷[2][3]

ধৰ্ম প্ৰচাৰ

সম্পাদনা কৰক
 
কালিন্দী আইৰ গৃহ

কালিন্দী আয়ে শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত নেতৃত্ব দিছিল৷ তেওঁ নাতি-বোৱাৰী কনকলতা আইক বৰদোৱাৰ কথা কৈ বৰদোৱা পুনৰুদ্ধাৰৰ বাবে উৎসাহিত কৰিছিল৷[3] শংকৰদেৱৰ মৃত্যুৰ এবছৰমান পিছত বৰপুত্ৰ ৰামানন্দৰো মৃত্যু হোৱাত কালিন্দী আইৰ কিছু আলাই-আথানি হৈছিল৷ তেতিয়া তেওঁ পাটবাউসী সত্ৰতে আছিল৷ মাধবদেৱ আছিল গণককুছি সত্ৰত৷ পিছত আইৰ কথামতে মাধবদেৱে সুন্দৰীদিয়াত সত্ৰ পাতি থাকিবলৈ লয়৷[4] তাৰেপৰাই তেওঁ গুৰুপত্নীৰ খা-খবৰ ৰাখিছিল৷ কিন্তু, তাতো অসুবিধা দেখা দিয়াত কালিন্দী আইক সুন্দৰীদিয়ালৈ নি মাধব মৰলৰ মাটিতে ঘৰ সজাই থাকিবলৈ দিয়ে৷ জীৱনৰ শেষ কালছোৱা কালিন্দী আই সুন্দৰীদিয়া সত্ৰতে আছিল৷ সাতকুৰি বছৰ(১৪০) বয়সত আঘোন মাহৰ শুক্লা একাদশী তিথিত আইৰ মৃত্যু হয়৷[5][6]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫০
  2. 2.0 2.1 2.2 2.3 2.4 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ২৯, ৩৮, ৩৯. 
  3. 3.0 3.1 দাস, জ্যোতিকামণি (২০২২). "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মত নাৰীৰ ভূমিকা: ভক্তপ্ৰাণ পাঁচগৰাকী আই মাতৃ". কল্পতৰু. 
  4. তালুকদাৰ, গোবিন্দ (১৯৯৬). সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত. দিপান্বিতা তালুকদাৰ. পৃষ্ঠা. ৪. 
  5. পাঠক, ৰাতুল (২০০৮). সচিত্ৰ সুন্দৰীদিয়া সত্ৰ. সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি. পৃষ্ঠা. ৯. 
  6. সুন্দৰীদিয়া সত্ৰ আৰু ঐতিহ্য : এটি বিহঙ্গম দৃষ্টি. সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি. ২০১৭.