পদ্মশ্ৰী ৱাৰিৱৰ (ইংৰাজী: Padmasree Warrior, জন্মতে- য়েল্লেপেড়ি পদ্মশ্ৰী; তেলেগু: పద్మశ్రీ వారియర్) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান উদ্যোগী আৰু প্ৰযুক্তিবিদ্যাৰ কাৰ্যবাহী৷ ছিছকো ছিষ্টেমৰ দৰে প্ৰযুক্তিগত কোম্পানীৰ নেতৃত্ব প্ৰদান কৰি তেখেত চৰ্চালৈ আহিছে৷ এইটো কোম্পানীত তেখেতে মুখ্য কাৰিকৰী বিষয়া হিচাপে সাতবছৰৰ বাবে কৰ্মনিৰ্বাহ কৰে৷ একেটা পদতে ৱাৰিৱৰে মট'ৰ'লা কোম্পানীত পাঁচবছৰৰ বাবে কৰ্মদান কৰে৷ আমেৰিকাৰ এনআইঅ' নামৰ কোম্পানীটোত তেখেতে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে জড়িত হয়৷ "এনআইঅ'" হৈছে এটা বৈদ্যুতিক বাহন-নিৰ্মাণকাৰী কোম্পানী৷ বৰ্তমান তেখেত ‘ফেবল’ নামৰ মানসিক সুস্বাস্থ্যজনিত পঢ়ন-মঞ্চখন প্ৰতিষ্ঠা কৰি মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আছে৷[1] পদ্মশ্ৰী ৱাৰিৱৰ মাইক্ৰ'ছফ্ট [2]আৰু ‘স্পটিফাই’ৰ [3]পৰিষদীয় সভাৰ লগতো জড়িত৷

পদ্মশ্ৰী ৱাৰিৱৰ
Padmasree Warrior
పద్మశ్రీ వారియర్
জন্ম য়েল্লেপেড়ি পদ্মশ্ৰী
বিজয়ৱাড়া, অন্ধ্ৰপ্ৰদেশ, ভাৰত
শিক্ষা আইআইটি দিল্লী, (বিজ্ঞান স্নাতক,BS)
কৰ্ণেল বিশ্ববিদ্যালয় (বিজ্ঞানত স্নাতকোত্তৰ)
দাম্পত্যসঙ্গী মোহনদাস ৱাৰিৱৰ
সন্তান

২০১৪ চনত পদ্মশ্ৰী ৱাৰিৱৰক ‘ফৰ্বছ’ আলোচনীয়ে বিশ্বৰ এশগৰাকী শক্তিশালী নাৰীৰ তালিকাভুক্ত কৰে৷ [4] ২০১৮ চনত পদ্মশ্ৰী ৱাৰিৱৰৰ নামটো “আমেৰিকাৰ প্ৰযুক্তিত শীৰ্ষ ৫০গৰাকী নাৰী”ৰ তালিকাত অন্তৰ্ভুক্ত হয়৷[5]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

য়েল্লেপেড়ি পদ্মশ্ৰীৰ জন্ম হৈছিল অন্ধ্ৰপ্ৰদেশ, ভাৰতৰ বিজয়ৱাড়াস্থিত এটি তেলেগু পৰিয়ালত৷ [6]বিজয়ৱাড়াতে থকা ছিলড্ৰেন'ছ মণ্টেচ্ছৰী বিদ্যালয় আৰু মেৰিছ ষ্টেলা কলেজত পদ্মশ্ৰীয়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ ১৯৮২ চনত পদ্মশ্ৰী ৱাৰিৱৰে আইআইটি, দিল্লীৰ পৰা ৰসায়নিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷[7][8] পৰৱৰ্তী সময়ত পদ্মশ্ৰী ৱাৰিৱৰে একেটা বিষয়তে কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ [9]

কৰ্মজীৱন সম্পাদনা কৰক

ম'ট'ৰলা সম্পাদনা কৰক

১৯৮৪ চনত ৱাৰিৱৰে ম'ট'ৰ'লাত যোগদান কৰে৷[10] প্ৰায় তেইশ বছৰৰো অধিক সময় কোম্পানীত কাম কৰি পদ্মশ্ৰীয়ে ম'ট'ৰ'লাৰ এনাৰ্জি ছিষ্টেমছ গোটৰ ক'ৰ্পৰেট উপ-অধ্যক্ষ আৰু মহাপ্ৰবন্ধকৰ দায়িত্ব পালন কৰে৷ তেখেতে ফ্ৰিস্কেল ছেমিকণ্ডাক্টৰছ খণ্ডতো মুখ্য কাৰিকৰী বিষয়া আৰু কৰ্পোৰেট উপ-অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰে৷[10] ম'ট'ৰ'লাৰ মুখ্য কাৰিকৰী বিষয়া হোৱাৰ ঠিক আগে-আগে পদ্মশ্ৰীয়ে ম'ট'ৰ'লাৰে থটবিমত মহাপ্ৰবন্ধকৰ দায়িত্ব পালন কৰে৷ ২০০৩ চনৰ জানুৱাৰী মাহত তেখেত ম'ট'ৰ'লাৰ মুখ্য কাৰিকৰী বিষয়াৰ পদত অধিষ্ঠিত হয় আৰু কোম্পানীটোৰ জ্যেষ্ঠ উপ-অধ্যক্ষৰ আসনত বহে৷ ২০০৫ চনত তেখেত কাৰ্যবাহী উপ-অধ্যক্ষলৈ পদোন্নতি হয়৷[11][12]

চিছকো সম্পাদনা কৰক

২০০৭ চনৰ ৪ ডিচেম্বৰত, পদ্মশ্ৰী ৱাৰিৱৰে ম'ট'ৰলাৰ পৰা প্ৰস্থান কৰি চিছকো ছিষ্টেমছত যোগদান কৰে৷ চিছকোত তেখেত মুখ্য কাৰিকৰী বিষয়াৰ পদটো চম্ভালে৷[13] উক্ত পদত তেখেত ২০১৫ চনৰ জুন মাহ পৰ্যন্ত থাকে৷ [14]

এনআইঅ' সম্পাদনা কৰক

২০১৫ চনৰ ডিচেম্বৰ মাহত পদ্মশ্ৰীয়ে চীনা বৈদ্যুতিক কাৰ কোম্পানী "NIO"ত পৰিষদীয় সদস্য, মুখ্য কাৰ্যবাহী বিষয়া আৰু মুখ্য বিকাশ বিষয়া হিচাপে যোগদান কৰে৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত তেখেতে এই পদ ত্যাগ কৰে৷[15]

ফেবল সম্পাদনা কৰক

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ৱাৰিৱৰে ‘ফেবল’ নামৰ ষ্টাৰ্ট আপ এটা আৰম্ভ কৰে৷ কোম্পানীটোত তেখেতে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আছে৷[2] ২০২১ চনৰ জানুৱাৰীত ফেবলে এটা এপ উন্মোচন কৰে৷ এইটো এটা ছাবস্ক্ৰিপছন-ভিত্তিক কিতাপ-পৰামৰ্শৰ মঞ্চ আৰু ব্যক্তিগত ছ'ছিয়েল নেটৱৰ্ক৷[1] ৱাৰিৱৰে কৈছে যে-তেওঁলোকে মানুহৰ বোধগত সবলতা বিকাশৰ হকে কাম কৰিছে৷[16]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

পদ্মশ্ৰী ৱাৰিৱৰে মোহনদাস ৱাৰিৱৰৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে৷ [17][18]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Can former Cisco CTO Padmasree Warrior build a better social network for book lovers?". Fortune. 14 January 2021. https://fortune.com/2021/01/14/padmasree-warrior-cisco-cto-social-media-for-book-lovers-readers/. 
  2. 2.0 2.1 "Padmasree Warrior" (en ভাষাত). Microsoft. 2 December 2015. https://news.microsoft.com/exec/padmasree-warrior/। আহৰণ কৰা হৈছে: 2020-06-20. 
  3. rs.spotify.com/governance/board-of-directors/person-details/default.aspx?ItemId=9f7ee6d2-b628-4247-bbf4-f7717d58204a "Padmasree Warrior" (en ভাষাত). Spotify. https://investo rs.spotify.com/governance/board-of-directors/person-details/default.aspx?ItemId=9f7ee6d2-b628-4247-bbf4-f7717d58204a। আহৰণ কৰা হৈছে: 2020-06-20. [সংযোগবিহীন উৎস]
  4. "The World's 100 Most Powerful Women". Forbes. https://www.forbes.com/power-women/list/2/#tab:overall। আহৰণ কৰা হৈছে: 26 June 2014. 
  5. "Padmasree Warrior". Forbes. https://www.forbes.com/profile/padmasree-warrior/?list=top-tech-women-america. 
  6. "NextEV's Padmasree Warrior on Studio 1.0 - Bloomberg". https://www.youtube.com/watch?v=hlpEWErMjgY&feature=youtu.be&t=553. 
  7. "IIT-Delhi Award goes to Padmasree Warrior, CTO Motorola". The Economic Times (Bennett, Coleman & Co. Ltd). 23 August 2004. 
  8. "IIT alumni dominate global Indian tech influencers list". The Times of India (Bennett, Coleman & Co. Ltd). 18 February 2012. http://timesofindia.indiatimes.com/home/education/news/IIT-alumni-dominate-global-Indian-tech-influencers-list/articleshow/11937509.cms?. 
  9. Gilpin, Lyndsey. "Cisco CTO Padmasree Warrior: Engineer, Artist, Business Leader, Sage". ZDNetTechRepublic. http://www.techrepublic.com/article/cisco-cto-padmasree-warrior-engineer-artist-business-leader-sage/। আহৰণ কৰা হৈছে: 28 June 2014. 
  10. 10.0 10.1 "Padmasree Warrior". VideoLectures.Net. VideoLectures.Net. http://videolectures.net/padmasree_warrior/। আহৰণ কৰা হৈছে: 27 June 2012. 
  11. Padmasree Warrior Biography from Motorola Archived 8 July 2011 at the Wayback Machine
  12. WITI – Hall of Fame
  13. Savitz, Eric. "Cisco Names Padmasree Warrior Chief Technology Officer". Barron'sTech Trader Daily. http://blogs.barrons.com/techtraderdaily/2007/12/04/cisco-names-padmasree-warrior-chief-technology-officer/। আহৰণ কৰা হৈছে: 28 June 2014. 
  14. "Report: Cisco CTO Warrior is leaving the company". http://fortune.com/2015/06/02/report-cisco-cto-warrior-is-leaving-the-company/. 
  15. "Chinese Tesla competitor NIO loses its US chief executive, Padmasree Warrior". https://www.businessinsider.com/nio-us-ceo-padmasree-warrior-resigns-2018-11. 
  16. "Fable is working to improve cognitive fitness, says CEO Padmasree Warrior" (en ভাষাত). Business Insider. https://www.business-standard.com/article/technology/fable-is-working-to-improve-cognitive-fitness-says-ceo-padmasree-warrior-119111300028_1.html। আহৰণ কৰা হৈছে: 2020-06-20. 
  17. McAlone, Nathan. "12 spouses who are lucky to be married to the most powerful women in Silicon Valley". Business Insider. https://www.businessinsider.com/the-men-standing-behind-the-most-powerful-women-in-tech-2015-8?r=US&IR=T#mohandas-warrior-is-married-to-padmasree-warrior-former-cto-of-cisco-systems-and-former-cto-of-motorola-1110. 
  18. "5 things you didn't know about Cisco's Warrior". CNN. https://edition.cnn.com/2014/05/20/tech/5-things-you-didnt-warrior/index.html। আহৰণ কৰা হৈছে: 9 July 2019.