পয়েট্ৰী উইডাউট ফীয়েৰ অসমৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰকাশিত অসমীয়া ভাষা আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন দ্বিভাষিক তিনিমহীয়া কবিতা বিষয়ক ই-আলোচনী।[1] ২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়।[2] অসমীয়া কবিতা আৰু সামগ্ৰিকভাৱে কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে এই আলোচনীখন প্ৰকাশ কৰা হৈছে৷ আলোচনীখনত অসমীয়া কবিতাৰ ইংৰাজী অনুবাদত সৰ্বাধিক গুৰুত্ব দিয়া হয়৷ লগতে কবিতা বিষয়ক প্ৰবন্ধ, সাক্ষাৎকাৰ, কবিতা-সংকলন আৰু কবিতা বিষয়ক সমালোচনা আদি প্ৰকাশ কৰা হয়৷ আলোচনীখনৰ মুখ্য সম্পাদক আনন্দ বৰমুদৈ আৰু কাৰ্যবাহী সম্পাদক ক্ৰমে প্ৰকল্প ৰঞ্জন ভাগৱতী (প্ৰতিষ্ঠাপক) আৰু কল্যাণ ভূঞা৷[3]

পয়েট্ৰী উইডাউট ফীয়েৰ
soft2i
ইউ আৰ এল poetrywithoutfear.com
বাণিজ্যক অব্যৱসায়িক
প্ৰকাৰ তিনিমহীয়া অসমীয়া ই-আলোচনী।
ভাষা অসমীয়া, ইংৰাজী es-us
স্বত্বাধিকাৰী প্ৰকল্প ৰঞ্জন ভাগৱতী
সৃষ্টিকৰ্তা আনন্দ বৰমুদৈ
অৱস্থান অসম
মুকলি ৩০ এপ্ৰিল, ২০২২

২০২২ চনৰ ৩০ এপ্ৰিল তাৰিখে সাহিত্যিক নগেন শইকীয়াই গুগ’ল মীটৰ জৰিয়তে এই আলোচনীখনৰ প্ৰথম সংখ্যাটো উন্মোচন কৰে৷[4] অসমীয়া কাব্য সাহিত্যক অনুবাদৰ জৰিয়তে বহল পাঠক সমাজ এখনৰ মাজলৈ নিয়াৰ লগতে অসমীয়া ভাষাৰ কবিসকলৰ বাবে কাব্যচৰ্চাৰ ভয়-ভীতিহীন ক্ষেত্ৰ এখন প্ৰস্তুত কৰাটোৱেই আলোচনীখনৰ লক্ষ্য আৰু প্ৰকাশৰ প্ৰধান উদ্দেশ্য৷[5][6]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ৱেবচাইট-poetrywithoutfear.com/about-pwf
  2. অসম আদিত্য, ২ মে’, ২০২২, পৃষ্ঠা-৮
  3. The Assam Tribune, 21 Novembar, 2022
  4. অসমীয়া খবৰ, ১১ মে’, ২০২২, পৃষ্ঠা-৪
  5. অসম আদিত্য, ২৯ এ্ৰপ্ৰিল, ২০২২, পৃষ্ঠা-৬
  6. দৈনিক জনমভূমি, ২৮ এপ্ৰিল, ২০২২, পৃষ্ঠা-৭