পহু শিঙীয়া ঢেঁকীয়া
পহু শিঙীয়া ঢেঁকীয়া (বৈজ্ঞানিক নাম: Platycerium bifurcatum, the elkhorn fern or common staghorn fern)[1] হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷[2]
Platycerium bifurcatum | |
---|---|
P. bifurcatum, Kuranda, Queensland, Australia | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Platycerium |
প্ৰজাতি: | P. bifurcatum |
দ্বৈৰাশিক নামকৰণ | |
Platycerium bifurcatum (Cav.) C.Chr. |
বিৱৰণ
সম্পাদনা কৰকপহু শিঙীয়া ঢেঁকীয়াৰ উচ্চতা প্ৰায় ৯০ ছেমি আৰু প্ৰস্থ ৮০ ছেমি পৰ্য্যন্ত হ’ব পাৰে৷ [1].[3]
বিস্তৃতি
সম্পাদনা কৰকপহু শিঙীয়া ঢেঁকীয়া জাভা, নিউ গিনি, অষ্ট্ৰেলিয়া আদি দেশৰ থলুৱা উদ্ভিদ৷
ব্যৱহাৰ
সম্পাদনা কৰকপহু শিঙীয়া ঢেঁকীয়া বিশেষকৈ ফুলনি শুৱনি কৰিবৰ বাবে (ornamental plant) ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি ঘৰৰ ভিতৰচ’ৰাতো টাবত এই ঢেঁকীয়া ৰোৱা দেখা যায়৷[1] এই উদ্ভিদে ৰয়েল হৰ্টিকালচাৰেল ছ’ছাইটি (Royal Horticultural Society) ৰ Garden Merit বঁটা লাভ কৰিছে৷[4][5]
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 RHS A-Z encyclopedia of garden plants. প্ৰকাশক United Kingdom: Dorling Kindersley. 2008. পৃষ্ঠা. 1136. ISBN 1405332964.
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ http://www.anbg.gov.au/gnp/interns-2004/platycerium-bifurcatum.html
- ↑ "RHS Plant Selector - Platycerium bifurcatum". http://apps.rhs.org.uk/plantselector/plant?plantid=1488। আহৰণ কৰা হৈছে: 27 May 2013.[সংযোগবিহীন উৎস]
- ↑ "AGM Plants - Ornamental". Royal Horticultural Society. July 2017. পৃষ্ঠা: 79. https://www.rhs.org.uk/plants/pdfs/agm-lists/agm-ornamentals.pdf। আহৰণ কৰা হৈছে: 2 May 2018.
ৱিকিমিডিয়া কমন্সত Platycerium bifurcatum সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- NSW Flora Online http://plantnet.rbgsyd.nsw.gov.au/cgi-bin/NSWfl.pl?page=nswfl&lvl=sp&name=Platycerium~bifurcatum retrieved 3 September 2009