পাইক প্ৰথা

মধ্যযুগীয় অসমৰ শ্ৰম ব্যৱস্থা


পাইক প্ৰথা (ইংৰাজী: Paik System) আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত এক প্ৰথা আছিল। বিশ্বাস কৰা হয় যে, এই প্ৰথাটো দক্ষিণ-পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোকে ১৬০৯ খ্ৰীষ্টাব্দত মোমাই তামূলী বৰবৰুৱাই কিছু সাল-সলনি কৰি নতুনকৈ প্ৰচলন কৰে। বিজ্ঞসকলে মত প্ৰকাশ কৰে যে, এই পাইক প্ৰথাই আহোমসকলৰ পতনৰ মূল কাৰণ আছিল।

আহোম ৰাজ্যৰ ৰাজবংশীয় লোক, পুৰোহিত, উচ্চ বৰ্গৰ জাতি অথবা দাস সকলক বাদ দি পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সীয়া সকলো পুৰুষকেই পাইক বোলা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত প্ৰায় ১৭১৪ খ্ৰীষ্টাব্দত মুঠ জনসংখ্যাৰ প্ৰায় ৯০% শতাংশ লোক এই শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। এই পাইকসকলে আহোম ৰজ্যখনৰ উন্নতিৰ বাবে সেৱা আগবঢ়াইছিল। ৰাজ্যখনৰ আলি পদূলি বন্ধা,মঠ-মন্দিৰ নিৰ্মাণ,পুখুৰী খন্দা আদি কামবোৰো তেওঁলোকৰ দ্বাৰা কৰোৱা হৈছিল। আনহাতে প্ৰত্যেক পাইকেই আছিল এজন সৈনিক। গতিকে তেওঁলোকে সামৰিক শিক্ষা ল'ব লাগিছিল আৰু নিজৰ বিভাগীয় বিষয়াৰ তলত কাড়ীসকলৰ যুদ্ধৰ আখৰা কৰি থাকিবলৈ পৰামৰ্শ দিছিল। গতিকে প্ৰতিজন কৰ্মঠ পুৰুষেই বিদ্যাৰ শিক্ষা ল'ব লাগিছিল আৰু প্ৰয়োজন সাপেক্ষে দেশ ৰক্ষাৰ বাবে হাঁহি মুখে ওলাই আহিছিল। আহোম সৈন্যবাহিনীৰ যুদ্ধক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা শত্ৰু শিবিৰেও অকপটে ভূয়সী প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল।

পাইক প্ৰথা

সম্পাদনা কৰক

পাইক প্ৰথাৰ নিয়ম অনুসৰি আহোম ৰাজ্যৰ ৰাজবংশীয় লোক, পুৰোহিত, ডা-ডাঙৰীয়া আৰু তেওঁলোকৰ লগুৱা-লিকচৌক বাদ দি পোন্ধৰৰপৰা পঞ্চাশ বছৰ বয়সৰ সকলো পুৰুষে ৰণুৱা আৰু বনুৱা ৰূপত কাম কৰাতো বাধ্যতামূলক আছিল। এই কাম কৰা লোকসকলেই পাইক ৰূপে পৰিচিত আছিল। চাৰিজন পাইকেৰে একোটা গোট সম্পূৰ্ণ হৈছিল। সাধাৰণতে এটা গোটৰ এজন পাইকে বছৰেকত তিনিমাহকৈ ৰাজাঘৰীয়া কামত বিনা পাৰিশ্ৰমিকেৰে শ্ৰমদান দিব লাগিছিল। প্ৰথমজনৰ সময় শেষ হলে দ্বিতীয়জনে গৈ প্ৰথমজনৰ সলনি খাটি দিব লাগিছিল। পৰৱৰ্তী তৃতীয় আৰু চতুৰ্থজনেও ৰজাঘৰত খাটি দিব লাগিছিল। এনেদৰে খাটি দিয়াৰ বাবদ প্ৰতিজন পাইকে ৰজাঘৰৰপৰা দুপূৰাকৈ মাটি বিনা খাজনাই ভোগ কৰিবলৈ পাইছিল। কিন্তু পাইকসকলে মাটিৰ মালিকিস্বত্ব পোৱা নাছিল। তেওঁলোকে পোৱা সেই দুপূৰা মাটি তেওঁলোকৰ খেলৰ নামতহে মঞ্জুৰী দিয়া হৈছিল। যিকোনো এজন পাইক অক্ষম হোৱাৰ পাছত তেওঁৰ মাটি নিজৰ খেলক গতাই দিয়াৰ নিয়ম আছিল যদিও বাপেকৰ পাছত পুতেকেই সেই মাটি লাভ কৰিছিল। আনহাতে পাইকসকলৰ পৰিচালনা কৰাৰ বাবে চাৰিজন পাইকৰ ওপৰত এজন বৰা, এশজন পাইকৰ ওপৰত এজন শইকীয়া, এহেজাৰ পাইকৰ ওপৰত এজন হাজৰিকা আৰু ছহেজাৰ পাইকৰ ওপৰত ফুকন নিয়োগ কৰা হৈছিল। পাইকৰ দুটা ভাগ আছিল – কাঁড়ী আৰু চমুৱা। চমুৱাসকলে বাধ্যতামূলক গা-খাটনিৰপৰা অব্যাহতি পাবলৈ ৰজাঘৰত কিছু কৰ আদায় দিছিল। চমুৱাসকলৰ মাজৰপৰাই বৰা, শইকীয়া, হাজৰিকা আদি বিষয়াসকলক নিযুক্তি দিয়া হৈছিল। অসমৰ প্ৰাপ্তবয়স্ক মানুহবিলাকক কিছুমান খেলত বিভক্ত কৰা হৈছিল। প্ৰতি খেলৰে নাও তৈয়াৰ কৰা, নাও সজা, গৃহ নিৰ্মাণ কৰা, ৰচদ যোগান ধৰা, আলি-পদূলি নিৰ্মাণ কৰা, ৰাজহ তোলা, হাতী ধৰা, শেন চোৱা, হাবি-বন পৰিদৰ্শন কৰা আদি বিভিন্ন কৰ্ম আছিল। খেলবিলাকৰ ওপৰত ফুকন, বৰুৱা, ৰাজখোৱা প্ৰভৃতি বিষয়া আছিল।

লগতে পঢ়ক

সম্পাদনা কৰক
  • Baruah, S. L. (1993), Last Days of Ahom Monarchy, Munshiram Manoharlal Publishers Pvt Ltd, New Delhi 
  • Guha, Amalendu (1991), Medieval and Early Colonial Assam: Society, Polity and Economy, South Asia Books 
  • Kakoty, Sanjeeb (2003), Technology, Production and Social Formation in the Evolution of the Ahom State, Regency Publication 

তথ্য সংগ্ৰহ

সম্পাদনা কৰক