চুখ্ৰংফা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
চাওফা চুখ্ৰংফা বা চ্যু-খ্ৰুং-ফা (আহোম: 𑜋𑜧𑜨 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜁𑜪𑜤 𑜂𑜫 𑜇𑜡, ইংৰাজী: Siu-Khrung-Pha) বা ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) আহোম ৰাজ্যৰ (মু'ঙ দ'ন চ'ন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) ত্ৰিশতম স্বৰ্গদেউ(চাওফা,𑜋𑜧𑜨 𑜇𑜡) আছিল।[1] তেওঁ অসমত ১৬৯৬ চনৰ পৰা ১৭১৪ চনলৈকে মুঠ ১৮ বছৰ শাসন কৰিছিল।[2] তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ চাওফা চ্যু-পাত-ফা আৰু জয়মতীৰ বৰ পুতেক আছিল।[3] তেওঁৰ জন্মসূত্ৰে নাম আছিল লাই। তেওঁৰ শাসন কালতেই আহোম সাম্ৰাজ্য শক্তি আৰু খ্যাতিৰে ভৰি পৰিছিল। এই নিৰক্ষৰ ৰজাজন তেওঁৰ পাকৈত শাসন আৰু মোগল সৈন্যক নিজৰ সেনানীৰে পৰাভূত কৰাৰ বাবে বিখ্যাত আৰু জনপ্ৰিয় আছিল।
চুখ্ৰংফা 𑜋𑜧𑜨 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜁𑜪𑜤 𑜂𑜫 𑜇𑜡 | |
---|---|
চাওফা | |
১৬৯৬-১৭১৪ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-খ্ৰুং-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
মাতৃ | জয়মতী |
পিতৃ | চ্যু-পাত-ফা |
ধৰ্ম | হিন্দু ধৰ্ম, ফুৰালুং |
তেওঁৰ পিতৃ গদাধৰ সিংহ তেওঁৰ আগৰ স্বৰ্গদেউ ল’ৰা ৰজা চ্যু-লিক-ফাৰ পৰা এসময়ত পলাই থাকিব লগা হৈছিল, এই সময়তে তেওঁৰ মাতৃ জয়মতীৰ চ্যু-লিক-ফাৰ চাওদাঙৰ হাতত মৃত্যু হয়। পাছত তেওঁৰ পিতৃয়ে চ্যু-লিক-ফাক বধি ৰাজ্য দখল কৰে। পিতৃৰ পাছত চ্যু-খ্ৰুং-ফা ৰজা হৈ ৰংপুৰত তেওঁৰ ৰাজধানী পাতিছিল।
ৰাজত্ব
সম্পাদনা কৰকৰাজনৈতিক কাম
সম্পাদনা কৰক
|
নিৰক্ষৰ হোৱাৰ স্বত্ত্বেও চ্যু-খ্ৰুং-ফা ৰাজনীতিত বিচক্ষণ আছিল বুলি জনা যায়। চ্যু-খ্ৰুং-ফাই ১৭০৬ চনত কছাৰী ৰাজ্য আৰু পাছত জয়ন্তীয়া ৰাজ্য নিজৰ বশ কৰে। তেওঁ সেইসময়ৰ কামৰূপ পশ্চিম সীমা কৰতোৱা নদীলৈকে ৰাজ্য বিস্তাৰ কৰাৰ সপোন দেখিছিল। তেওঁ কামৰূপৰ আন আন ক্ষুদ্ৰ ৰাজ্য বোৰৰে সৈতে ৰাজনৈতিক মিত্ৰতা স্থাপন ৰাজ্য বিস্তাৰৰ কাম সমাধা কৰি গৈছিল। তেওঁ গুৱাহাটীত অৱস্থান কৰি মিত্ৰশক্তিৰ বিশাল সৈন্যবাহিনী (ডিমাচা-কছাৰী ১৪,০০০, জয়ন্তীয়া ১০,০০০ আৰু ডফলা ৬০০) লৈ ৰাজ্য বিস্তাৰৰ আয়োজন কৰিছিল। এই সময়তে তেওঁৰ মৃত্যু হোৱাত এই অভিযান স্তব্ধ হয়।
অন্যান্য
সম্পাদনা কৰকচ্যু-খ্ৰুং-ফাই পাঁচবিধ খেল - কাকতি, কটকী, বৈৰাগী, খাউণ্ড আৰু দলৈ সৃষ্টি কৰিছিল। কাকতিসকলে ৰজা ঘৰৰ ধনৰ জমা-খৰচ, পাইক আৰু মাটিৰ হিচাপ ৰাখিছিল। আনহাতে, কটকীসকলে এঠাইৰ পৰা আন ঠাইলৈ চিঠি-পত্ৰৰ আদান প্ৰদান কৰিছিল। কটকীৰ ভিতৰত বৰকটকীসকলেহে দুখন ৰাজ্যৰ ৰজাৰ মাজত চিঠিৰ আদান প্ৰদান কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
চ্যু-খ্ৰুং-ফাই ব্ৰাহ্মণসকলৰ ল'ৰাই পঢ়িবৰ বাবে বহুতো টোল স্থাপন কৰিছিল। মেধাবী ব্ৰাহ্মণ ছাত্ৰক অসমৰ বাহিৰত শিক্ষা লাভৰ সুযোগ দিছিল। এনে বহুতো ছাত্ৰই বিশেষকৈ বংগদেশলৈ গৈ নামকৰা শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ৰাজসভা শুৱনি কৰা প্ৰখ্যাত পণ্ডিতসকলৰ ভিতৰত অন্যতম আছিল 'শংখচূড় বধ' নাটক আৰু 'দুয্যন্ত চৰিত্ৰমালা'ৰ ৰচক কবিৰাজ চক্ৰবৰ্তী। কবিৰাজে 'ব্ৰহ্ম বৈবৰ্ত' পুৰাণৰ অসমীয়া ভাঙনি কৰিছিল। (অৱশ্যে এই পৃথি তিনিখন শিবসিংহৰ দিনতহে লিখা হৈছিল। চ্যু-খ্ৰুং-ফাৰ ৰাজসভাৰ কবি হিচাপে থকাৰ কালত কবিৰাজ চক্ৰবৰ্তীয়ে 'গীত গোবিন্দ'ৰ ভাঙনি কৰিছিল। ) বিভিন্ন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য মতে ৰুদ্ৰসিংহ নিৰক্ষৰ আছিল। কিন্তু ৰাজ্যখনত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ অহোপুৰাষাৰ্থ কৰিছিল। চ্যু-খ্ৰুং-ফাই বহুতো শিল্পী কাৰিকৰ বংগদেশৰ পৰা আনি অসমত সংস্থাপিত কৰিছিল। মোগল বাদছাহৰ দৰে তেবোঁ জোতা আৰু পাগুৰি ব্যৱহাৰ কৰিছিল। স্থানীয় কলা-কৃষ্টিৰ তেওঁ আছিল এজন উৎসাহী পৃষ্ঠপোষক। তেওঁৰ দিনত সপ্তাহজোৰা বিহু উৎসব পালন কৰা হৈছিল। নৃত্য-গীতৰ উৎকৰ্ষ সাধনৰ বাবে তেওঁ গায়ন বৰুৱা পদৰ সৃষ্টি কৰিছিল। চ্যু-খ্ৰুং-ফাই নিজেও গীত ৰচনা কৰিছিল আৰু গাইছিল। ৰুদ্ৰসিংহই শেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা আদি পদৰো সৃষ্টিকাৰক আছিল। মাতৃ জয়মতীৰ স্মৃতিত তেওঁ জয়সাগৰ পুখুৰী খান্দিছিল আৰু জয়দ'ল সাজিছিল। কোচবিহাৰৰ পৰা নিপুণ কাৰিকৰ আনি তেওঁ মেটেকাত ৰংপুৰ নামৰ নগৰ পাতিছিল। কাঠ আৰু বাঁহেৰে তেওঁ এটা প্ৰকাণ্ড ৰংঘৰো সাজিছিল। তদুপৰি ফাকুৱা দ'ল, বংনাথৰ দ'ল, নামডাঙৰ শিলৰ সাঁকো, ডিমৌৰ শিলৰ সাঁকো, খৰিকটীয়া ডুবৰিজান, মেটেকাৰ আলি আদিয়ে এইজন ৰজাৰ সজকামৰ নিদৰ্শন দাঙি ধৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
চ্যু-খ্ৰুং-ফাৰ দিনত অসমৰ বেহা-বেপাৰেও ঠন ধৰি উঠিছিল। দেশৰ বিভিন্ন স্থানৰ সৈতে যোগাযোগ স্থাপন কৰাৰ উপৰি চুবুৰীয়া তিব্বত আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো এইজন ৰজাৰ দিনত অসমৰ এক ৰমৰমীয়া বেহা-বেপাৰ চলিছিল। বংগ আৰু মধ্যভাৰতৰ বিভিন্ন স্থানলৈ হাতীৰ দাঁত, মজাঠি, মেজাংকৰি, মুগা, এড়ীকাপোৰ আদি ৰপ্তানি কৰা হৈছিল। এইবোৰ ঠাইৰ পৰা অনা ব্যয়বস্তুৰ ভিতৰত বিভিন্ন সাজ-পোছাক, কাপোৰ, আ-অলংকাৰ, মণি-মুক্তা আদি আছিল উল্লেখযোগ্য সামগ্ৰী। অসমৰ বিভিন্ন শিল্পক উৎসাহ দি এইজন ৰজাই অসমক অৰ্থনৈতিকভাবে উন্নত কৰাৰ ক্ষেত্ৰত অৱদান যোগাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
ড° সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁক 'পূব ভাৰতৰ শিবাজী' (Shivaji Of The East) আখ্যা দিছে। ড° সূৰ্যকুমাৰ ভূঞাই তেওঁক 'মহান ৰুদ্ৰসিংহ' বুলি অভিহিত কৰিছে। আনহাতেদি কোনো কোনো ক্ষেত্ৰত ঐতিহাসিকসকলে এইজন ৰজাৰ কেতবোৰ দোষ-ত্ৰুটি সম্বন্ধেও আঙুলিয়াই দিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ (বৰুৱা ১৯৩০:২৭৩)
- ↑ (ফুকন,বৰুৱা ১৯৬৪:১৩৯)
- ↑ (বৰুৱা ১৯৩০:২৭৩)
উৎস প্ৰসংগ
সম্পাদনা কৰক- বৰুৱা (১৯৩০) (টাই-আহোম ভাষা, ইংৰাজী ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
- ফুকন,বৰুৱা (১৯৬৪) (টাই-আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ