পাউলিৰ নিষেধ নীতি (ইংৰাজী: Pauli's exclusion principle) কোৱাণ্টাম বলবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ নীতি। এই নীতিমতে কোনো এটা কোৱাণ্টাম প্ৰণালীত দুটা বা তাতকৈ অধিক একে ফাৰ্মিয়ন (অৰ্দ্ধ-অখণ্ড স্পিন বিশিষ্ট কণা) একেটা কোৱাণ্টাম অৱস্থাত যুগপৎভাৱে থাকিব নোৱাৰে। ১৯২৫ চনত অষ্ট্ৰিয়ান পদাৰ্থ বিজ্ঞানী ৱুল্ফগাং পাউলিয়ে ইলেক্ট্ৰনৰ বাবে আৰু পাছলৈ সকলো ফাৰ্মিয়নৰ বাবে এই নীতি সূত্ৰবদ্ধ কৰিছিল।

পৰমাণুৰ ইলেক্ট্ৰনৰ ক্ষেত্ৰত এই নীতি এইদৰে ক'ব পাৰি: কোনো এটা পৰমাণুত থকা দুটা ইলেক্ট্ৰনৰ চাৰিওটা কোৱাণ্টাম সংখ্যা n (মুখ্য কোৱাণ্টাম সংখ্যা), (এযিমুথেল কোৱাণ্টাম সংখ্যা), m (চুম্বকীয় কোৱাণ্টাম সংখ্যা) আৰু ms (স্পিন কোৱাণ্টাম সংখ্যা) কেতিয়াও একে হ'ব নোৱাৰে। ইয়াৰ অৰ্থ এয়ে যে যদি কোনো এটা পৰমাণুত থকা দুটা ইলেক্ট্ৰনৰ বাবে প্ৰথম তিনিটা কোৱাণ্টাম সংখ্যাৰ মান একে হয়, তেন্তে ইলেক্ট্ৰন দুটাৰ বাবে চতুৰ্থ কোৱাণ্টাম সংখ্যাটো নিঃসন্দেহে বেলেগ হ'ব। উদাহৰণস্বৰূপে যদি কোনো এটা পৰমাণুৰ দুটা ইলেক্ট্ৰনৰ বাবে n = 2, = 1 আৰু m = -1 হয়, তেন্তে ইলেক্ট্ৰন দুটাৰ এটাৰ বাবে ms = +1/2 আৰু আনটোৰ বাবে ms = -1/2 হ'ব। দুয়োটা ইলেক্ট্ৰনৰ বাবে ms ৰ মান একে হ'ব নোৱাৰে।[1]

পাৰমাণৱিক বৰ্ণালীৰ অধ্যয়নৰ দ্বাৰা পাউলিয়ে নিষেধ নীতিৰ সম্ভেদ পাইছিল। এটা পৰমাণুৰ বিভিন্ন অৱস্থা এই পাৰমাণৱিক বৰ্ণালীৰ পৰাই নিৰ্ণয় কৰিব পাৰি।[2]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. S. N. Ghoshal (2016). ATOMIC PHYSICS. S. CHAND. ISBN 978-81-219-1095-8. 
  2. Arthur Beiser; S. Mahajan, S. Rai Choudhury (2016). Concepts of Modern Physics, 7e (SIE). McGraw Hill Education (India). ISBN 978-93-5134-185-7.