পাখাংবা (মেইটেই: নিৱাচ, পুৰণি মণিপুৰী: ৱিন ৱান) হৈছে এজন আদিম দেৱতা। মেইটেই পৌৰাণিক কাহিনী আৰু ধৰ্মত প্ৰায়ে ড্ৰেগনৰ ৰূপত এই দেৱতাক প্ৰতিনিধিত্ব কৰা হয়।[1] মণিপুৰৰ হেৰাল্ডত তেওঁক চিত্ৰিত কৰা আছে। এই দেৱতাৰ উৎপত্তি পাফলত হৈছিল।[2] মেইটেইসকলৰ মাজত প্ৰচলিত বিশ্বাস অনুসৰি এটা বংশৰ পূৰ্বপুৰুষে নিজকে পাখাংবা হিচাপে প্ৰকাশ কৰিছিল।[3][4][5]

পাখাংবা
আদিম ঈশ্বৰীয় সত্তা
মেইটেই ড্ৰেগন-ৰ সদস্য

ইম্ফলকংলা দুৰ্গ পাখাংবা মন্দিৰৰ ভিতৰত ৰখা ঈশ্বৰ পাখাংবা আৰু তেওঁৰ ঐশ্বৰিক পত্নীৰ পবিত্ৰ মূৰ্তি।
অন্য নাম পাখাংপা
সম্পৰ্ক মেইটেই পৌৰাণিক কাহিনী (মণিপুৰী পৌৰাণিক কাহিনী) আৰু মেইইটেই ধৰ্ম (সনামাহী ধৰ্ম)
মুখ্য উপাসনাস্থল ইপুথৌ পাখাংবা লাইছাং
নিবাস স্বৰ্গ আৰু মত্য
সঙ্গী নংথাং লেইমা
সহোদৰ সনামাহী আৰু নংছাবা
সন্তান মাংগাং, লুৱাং, খুমান, আৰু অন্যান্য (বা ছালাই তাৰেট আপকপা
পাঠ্য * Wakoklon Heelel Thilel Salai Amailon Pukok Puya
গ্ৰীক সমাৰ্থক টাইফুন
অঞ্চল প্ৰাচীন কংগলেইপাক, প্ৰাচীন মণিপুৰ
Ethnic group মেইটেই জাতি
উৎসৱ লাই হাৰাওবা

এইজন দেৱতাক প্ৰায়ে নিংথৌজা বংশৰ প্ৰথম শাসক নংডা লাইৰেন পাখাংবা বুলি বিশ্বাস কৰা হয়।[6][7] মণিপুৰৰ ইতিহাসৰ পৰা আন আন ৰজাইও পাখাংবা উপাধি ব্যৱহাৰ কৰিছিল বুলি জনা যায়।[8][9]

হেৰাল্ড্ৰিত

সম্পাদনা কৰক

মণিপুৰৰ পূৰ্বৰ সকলো ৰাজপতাকা আৰু জাতীয় পতাকাত হেৰাল্ডিক ড্ৰেগন হিচাপে পাখাংবাক চিত্ৰিত কৰা হৈছিল। সকলোবোৰৰ মাজত পাখাংবা ড্ৰেগনৰ বৈশিষ্ট্যৰ আছিল যদিও পিছৰ সময়চোৱাত এয়া কিছু পৰিমাণে লোপ পালে।[10]

পাখাংবাক পৰম ঈশ্বৰ বুলি কোৱা হয়। তেওঁ নিজৰ শৰীৰক যিকোনো ৰূপলৈ সলনি কৰিব পাৰে। তেওঁ এজন শক্তিশালী ঈশ্বৰ। ইম্ফলৰ কংলা প্ৰাসাদৰ দুৰ্গত থকা কংলা-ছা নামেৰে জনাজাত কিছুমান ভাস্কৰ্য্যত চুটি শৰীৰেৰে প্ৰতিনিধিত্ব কৰা ইয়াৰ আনুষংগিক ধৰণৰ জীৱ আছে। এই ভাস্কৰ্য্যবোৰ ডাঙৰ আৰু ইটাৰ দ্বাৰা নিৰ্মিত, উত্তৰ ফালৰ গেটৰ প্ৰতিটো দিশত এইসমূহ থিয় হৈ আছে। এইবোৰৰ মূৰটো দেখাত একেই আৰু ভৰি দুখন মজবুত যদিও ইহঁতৰ শৰীৰটো চুটি আৰু সিংহৰ সৈতে অধিক সাদৃশ্য বহন কৰে।

১৮৯১ চনত এংলো-মণিপুৰ যুদ্ধৰ সময়ত এই দুই কংলা-ছাৰ তলত মণিপুৰী সৈন্যই পাঁচজন বৃটিছ বিষয়াক ফাঁচী দিছিল। ব্ৰিটিছ ক্ষমতা দুৰ্বল কৰাৰ উদ্দেশ্যে বগা বিষয়াসকলৰ তেজক খাদ্য হিচাপে খুৱাই থকা বুলি দেখা গৈছিল। এই কাৰ্য্যৰ বাবে যুদ্ধৰ পিছত নিযুক্তি পোৱা ৰাজনৈতিক এজেণ্ট মেজৰ মেক্সৱেলে মণিপুৰ বিজয়ৰ পিছত বাৰুদেৰে কাংলা-ছা দুটা ধ্বংস কৰিছিল।[11]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Bahadur, Mutua; Santabai, Y. (1989). "Tribal Art of Manipur". https://books.google.com/books?id=9DqBAAAAMAAJ&q=pakhangba+serpent. 
  2. Samiti, Kāmarūpa Anusandhāna (2007). "Journal of the Assam Research Society". https://books.google.com/books?id=qo0MAQAAMAAJ&q=pakhangba. 
  3. "Proceedings of North East India History Association". 2001. https://books.google.com/books?id=izhuAAAAMAAJ&q=pakhangba+universal. 
  4. Bahadur, Mutua; Santabai, Y. (1989). "Tribal Art of Manipur". https://books.google.com/books?id=9DqBAAAAMAAJ&q=pakhangba+serpent. 
  5. Hastings Encyclopedia of Religion and Ethics, Volume 11
  6. Nayar, V. K. (2005). Crossing the Frontiers of Conflict in the North East and Jammu and Kashmir: From Real Politik to Ideal Politik. ISBN 9788175412187. https://books.google.com/books?id=hzduAAAAMAAJ&q=nongda+lairen+pakhangba. 
  7. Jain, Jyotindra (1998). "Other Masters: Five Contemporary Folk and Tribal Artists of India". https://books.google.com/books?id=wPjqAAAAMAAJ&q=nongda+lairen+pakhangba. 
  8. Samiti, Kāmarūpa Anusandhāna (2007). "Journal of the Assam Research Society". https://books.google.com/books?id=qo0MAQAAMAAJ&q=nongda+lairen+pakhangba. 
  9. A Brief history of the Meeteis of Manipur - The Manipur Page[সংযোগবিহীন উৎস]
  10. FOTW - Manipur, Indian Princely State
  11. "KanglaSha : The story behind the Legend". Archived from the original on 2016-02-16. https://web.archive.org/web/20160216064616/http://manipurtalks.com/index.php?threads/kanglasha-the-story-behind-the-legend.5906/page-4। আহৰণ কৰা হৈছে: 2023-06-01.