পাথৰিঘাট

ভাৰতৰ এখন গাওঁ

পাথৰিঘাট (পূৰ্বতে পথৰুঘাট), অসমদৰং জিলাৰ অন্তৰ্গত এখন ৰাজহ চক্ৰ। এই ঠাই মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ১৮৯৪ চনত হোৱা ওতিহাসিক কৃষক বিদ্ৰোহ "পথৰুঘাটৰ ৰণ"ৰ বাবে এই ঠাই বিখ্যাত। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৰ্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰায় ১৪০ জন কৃষক পুলিচৰ নিৰ্বিচাৰ গুলীত নিহত হৈছিল। বহু লোক আহতও হৈছিল। সেইবাবে পাথৰিঘাটক অসমৰ জালিয়নৱালাবাগ বুলি আখ্যা দিয়া হয়।[1][2] ২০০০ চনৰ পৰা প্ৰতিবছৰে ২৯ জানুৱাৰীত সেনাবাহিনীয়ে এই স্থানত সন্মান প্ৰদৰ্শন কৰি আহিছে আৰু ১৪০ জন মৃতকৰ স্মৃতিত শ্বহীদ স্তম্ভ স্থাপন কৰিছে।

শ্বহীদ স্তম্ভ, পাথৰিঘাট

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Patharughat to pay tribute to martyrs of freedom struggle". Times of India. January 29, 2012. Archived from the original on 2013-01-03. https://archive.today/20130103190249/http://articles.timesofindia.indiatimes.com/2012-01-29/guwahati/30675586_1_freedom-struggle-jallianwala-bagh-freedom-movement। আহৰণ কৰা হৈছে: 9 November 2012. 
  2. Barua, Deepali (1994). Urban History of India: (a Case Study). Mittal Publications. পৃষ্ঠা. 149. ISBN 8170995388.