পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা। (আখৰ জোঁটনি গ্ৰন্থত থকাৰ দৰে উল্লেখ কৰা হৈছে। )[1]

পানীন্দ্ৰনাথ গগৈ
জন্ম লখিমপুৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু মৃত্যু সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৮৭১ চনত লখিমপুৰ জিলাত। পিতৃৰ নাম কতীয়া গগৈ। মৃত্যু হয় ১৯০০ চনত।

সাহিত্যৰাজি সম্পাদনা কৰক

  • লৰাশিক্ষা আগছোৱা
  • লৰাশিক্ষা মাজছোৱা
  • লৰাশিক্ষা শেহছোৱা।

অন্যান্য সম্পাদনা কৰক

তেখেতৰ মৃত্যুত পদ্মনাথ গোহাঞি বৰুৱাই কবিতাত লিখিছিল-

বিষাদ ডাৱৰ হিয়া আকাশৰ
বৰষি পাতল হই
শোকৰ উপৰি উপৰিঞ্চিত শোক
ছাতিলা পানীন্দ্ৰ গই

জোনাকী কাকতত পানীন্দ্ৰনাথ গগৈৰ তিনিটা প্ৰবন্ধ প্ৰকাশ পাইছিল-

  • জাতীয় প্ৰেম,
  • আমাৰ উন্নতি নে অৱনতি আৰু
  • তেন্তেনো আমাৰ উপায় কি?

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. প্ৰদীপ বৰুৱা (২০২১). পাহৰণিৰ গৰ্ভত হেৰাই যোৱা সাহিত্যিক পানীন্দ্ৰনাথ গগৈ. প্ৰদীপ বৰুৱা. পৃষ্ঠা. ৩৬.