পাপ্পাম্মাল (ইংৰাজী: Pappammal, জন্ম: ১৯১৪) এগৰাকী ভাৰতীয় খেতিয়ক। তেওঁ তামিলনাডুত জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰাৰ বাবে বিখ্যাত।[1] ১০৫ বছৰ বয়সতো তেওঁ এতিয়াও সক্ৰিয়ভাৱে কৃষিৰ লগত জড়িত। সেয়ে তেওঁক কৃষি ক্ষেত্ৰৰ লগত জড়িত আটাইতকৈ বয়সস্থ কৃষক বুলি অভিহিত কৰা হয়।[2] তেওঁক জৈৱিক কৃষি ক্ষেত্ৰত অগ্ৰণী হিচাপে গণ্য কৰা হয় আৰু তেওঁ তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সৈতে জড়িত। ১০৫ বছৰ বয়সতো তেওঁ প্ৰতিদিনে তেওঁৰ ২.৫ একৰ ভূমিত কাম কৰে।[3] ভাৰত চৰকাৰে তেওঁক ২০২১ চনত জৈৱিক কৃষিত তেওঁৰ ভূমিকাৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।[4][5][6]

পাপ্পাম্মাল
জন্ম ১৯১৪ (বয়স ১০৯–১১০)
দেৱলপুৰম, কোয়েম্বাটুৰ, তামিলনাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ৰংগাম্মাল
পেচা খেতিয়ক
জনা যায় জৈৱিক কৃষি
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০২১

জীৱনী সম্পাদনা কৰক

১৯১৪ চনত তামিলনাডুৰ কোয়েম্বাটুৰৰ দেৱলপুৰম গাঁৱত এম. পাপ্পাম্মাল ওৰফে ৰংগাম্মালৰ জন্ম হৈছিল। তেওঁৰ মাতৃ ভেলাম্মাল আৰু পিতৃ মাৰুথাচলা মুদালিয়াৰ। অতি কম বয়সতে তেওঁ পিতৃ-মাতৃক হেৰুৱাইছিল আৰু তেওঁ আৰু তেওঁৰ দুই ভনীয়েক তেওঁলোকৰ কোয়েম্বাটুৰৰ তেকমপট্টিত থকা আইতাকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ এখন দোকান উত্তৰাধিকাৰী হিচাপে লাভ কৰিছিল আৰু এটা ভোজনালয় খুলিছিল।[7] এই ব্যৱসায়বোৰৰ পৰা হোৱা লাভৰ পৰা তেওঁ গাওঁখনত প্ৰায় ১০ একৰ মাটি কিনিছিল। তেওঁ নিজৰ ভনীয়েকৰ সন্তানকো ডাঙৰ-দীঘল কৰিছিল।[1] সময়ৰ লগত তেওঁ মাটিৰ এটা মুখ্য অংশ বিক্ৰী কৰিছিল কিন্তু জৈৱিক কৃষি কৰাৰ বাবে নিজৰ বাবে ২.৫ একৰ ৰাখিছিল।

তেওঁৰ তিনিগৰাকী কন্যা, তিনি নাতি-নাতিনী আৰু দুগৰাকী আজু নাতি আছে। তেওঁ ৰাতিপুৱা ৫:৩০ বজাত দিনটো আৰম্ভ কৰে। তেওঁ প্ৰতিদিনে পুৱা ৬ বজাত তেওঁৰ খেতি পথাৰলৈ যায় আৰু দুপৰীয়ালৈকে কাম কৰে। তেওঁৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰে যে তেওঁৰ খাদ্যঅভ্যাস আৰু সক্ৰিয় জীৱনশৈলীয়ে তেওঁক স্বাস্থ্যৱান কৰি ৰাখিছে। তেওঁৰ পৰিয়ালৰ মতে পাপ্পাম্মাল প্ৰিয় খাদ্য হৈছে মটন বিৰিয়ানী আৰু তেওঁৰ খাদ্যৰ সৈতে যথেষ্ট সেউজীয়া শাক-পাচলি খায়। তেওঁ খাদ্য গৰমে গৰমে পাতত খায় আৰু কোনো প্লেট জাতীয় পাত্ৰ ব্যৱহাৰ নকৰে। তেওঁ চাহ বা কফি গ্ৰহণ নকৰে আৰু গৰম পানী পান কৰে।[8] তেওঁ ভৱানী নদীৰ পাৰত অৱস্থিত থেক্কামপট্টিৰ গাৱঁৰ নিজা মাটিত জৈৱ কৃষি পদ্ধতিৰে ডাইল, মাহ জাতীয় শস্য, বাজ্ৰা, ঋতুগত শাক-পাচলিৰ খেতি কৰে।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

১৯৫৯ চনত তেওঁ থেক্কামপট্টি পঞ্চায়তৰ ৱাৰ্ড সদস্য নিৰ্বাচিত হৈছিল। তেওঁ কৰমাদৈ পঞ্চায়ত সংঘৰ কাউঞ্চিলাৰ হিচাপেও নিৰ্বাচিত হৈছিল।[1][9] তেওঁ দ্ৰাবিড় মুনেত্ৰা কাঝাগাম (ডিএমকে)ৰ সদস্য আৰু এম. কৰুণানিধিৰ অনুৰাগী।[1]

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০২১ চনত ভাৰত চৰকাৰে জৈৱিক কৃষিত তেওঁৰ ভূমিকাৰ বাবে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 Arivanantham, R. (2018-09-12). "At 103, hard work is what keeps her going" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/tamil-nadu/at-103-hard-work-is-what-keeps-her-going/article24930146.ece. 
  2. "Rs 2 doc, 105-year-old woman farmer among TN Padma winners" (en ভাষাত). dtNext.in. 2021-01-26. Archived from the original on 2021-02-06. https://web.archive.org/web/20210206103847/https://www.dtnext.in/News/TamilNadu/2021/01/26031655/1272964/Rs-2-doc-105yearold-woman-farmer-among-TN-Padma-winners.vpf। আহৰণ কৰা হৈছে: 2021-01-27. 
  3. Derhgawen, Shubhangi (2021-01-27). "Twitter Celebrates 105-Year-Old Farmer Honoured With Padma Shri" (en ভাষাত). TheQuint. https://www.thequint.com/neon/social-buzz/105-year-old-organic-farmer-awarded-padma-shri। আহৰণ কৰা হৈছে: 2021-01-27. 
  4. "Padma Awards 2021: The heroes of Indian agriculture" (en ভাষাত). Mintlounge. 2021-01-27. https://lifestyle.livemint.com//food/discover/padma-awards-2021-the-heroes-of-indian-agriculture-111611720881041.html। আহৰণ কৰা হৈছে: 2021-01-27. 
  5. "Organic farming pioneer: 105-year-old woman farmer from Coimbatore awarded Padma Shri" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/organic-farming-pioneer-105-year-old-woman-farmer-from-coimbatore-awarded-padma-shri-1762961-2021-01-26. 
  6. Reporter, Staff (2021-01-26). "Ten from T.N. chosen for Padma Shri" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/chennai/ten-from-tn-chosen-for-padma-shri/article33663179.ece. 
  7. Singh, Ankita (2021-01-27). "Tamil Nadu: 105-Year-Old Woman Farmer From Coimbatore Awarded Padma Shri" (en ভাষাত). The Logical Indian. https://thelogicalindian.com/uplifting/105-year-old-woman-farmer-from-coimbatore-awarded-padma-shri-26428। আহৰণ কৰা হৈছে: 2021-01-27. 
  8. "105-year-old organic farmer from Coimbatore is celebrating her Padma Shri award" (en ভাষাত). Hindustan Times. 2021-01-26. https://www.hindustantimes.com/india-news/105yearold-organic-farmer-from-coimbatore-is-celebrating-her-padma-shri-award-101611667462021.html। আহৰণ কৰা হৈছে: 2021-01-27. 
  9. "Meet Padma Shri Rangama, 105-year-old who donned many hats". The New Indian Express. https://www.newindianexpress.com/good-news/2021/jan/27/meet-padma-shri-rangama-105-year-old-who-donned-many-hats-2255477.html। আহৰণ কৰা হৈছে: 2021-01-27.