পাব্‌ল' পিকাছ'

(পাবলো পিকাছোৰ পৰা পুনঃনিৰ্দেশিত)

পাব্‌ল' ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ' বা চমুকৈ পাব্‌ল' পিকাছ' (২৫ অক্টোবৰ, ১৮৮১- ৮ এপ্ৰিল, ১৯৭৩) আছিল এজন স্পেইনৰ চিত্ৰশিল্পী, নক্সাবিদ আৰু ভাস্কৰ্য্যশিল্পী। তেওঁ জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কটাইছিল। কিউবিজম বিপ্লৱৰ এজন সহ-প্ৰতিষ্ঠাপক হিছাপে আৰু বিভিন্ন শৈলীৰ বিকাশ তথা প্ৰসাৰৰ বাবে তেওঁ জনাজাত।[2][3] তেওঁৰ বিখ্যাত চিত্ৰসমূহৰ ভিতৰত কিউবিজমৰ প্ৰভাৱ থকা লা ডেম’ইচেলেছ ডি এভিগন’ন আৰু গুৱেৰ্নিকা উল্লেখযোগ্য।

পাব্‌ল' পিকাছ'

১৯৬২ চনত পাবলো পিকাছো
নাম পাব্‌ল' ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ'[1]
জন্ম ২৫ অক্টোবৰ, ১৮৮১
মালাগা, স্পেইন
মৃত্যু ৮ এপ্ৰিল, ১৯৭৩
মৌগিন্‌ছ, ফ্ৰান্স
দেশ স্পেনীয়
পেচা চিত্ৰ, নক্সা, ভাস্কৰ্য্য,চেৰামিক্‌ছ
প্ৰশিক্ষণ জ’ছ ৰুইজ ৱাই ব্লাছক’ (পিতৃ),
ৰিয়েল একাডেমীয়া ডে আৰ্টছ ডে ছান ফাৰ্নাণ্ড’
বিপ্লৱ কিউবিজম
কৰ্মৰাজী লা ডেম’ইচেলেছ ডি এভিগন’ন (১৯০৭)
গুৱেৰ্নিকা (১৯৩৭)
দ্য ৱিপিং ৱুমেন (১৯৩৭)

পিকাছ', হেনৰী মেটিশ্ব আৰু মাৰ্চেল দুচাঁক বিংশ শতিকাৰ প্ৰথমভাগত প্লাষ্টিক কলাৰ বৈপ্লৱিক বিকাশ ঘটোৱা তিনিজন শিল্পী বুলি কোৱা হয় যি চিত্ৰশিল্প, ভাস্কৰ্য, প্ৰিণ্টমেকিং আৰু চেৰামিক্‌ছৰ জগতলৈ আমূল পৰিৱৰ্তন আনিছিল।[4][5][6][7]

ডন জ'ছ ৰুইজ ব্লাস্ক' আৰু মাৰিয়া পিকাছ' লোপেজৰ প্ৰথম সন্তান পিকাছ'য়ে সৰুকালৰেপৰাই চিত্ৰকলাৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। প্ৰথম অৱস্থাত বাস্তৱিক ৰূপৰ ছবি অঁকাৰ পিছত বেলেগ বেলেগ তত্ত্ব, কৌশল আৰু ভাৱৰ ফলস্বৰূপে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰাই তেওঁৰ শৈলী সলনি হ’বলৈ ধৰে। চিত্ৰকলা আৰু ভাস্কৰ্য্যশিল্পৰ জগতত তেওঁৰ বৈপ্লৱিক কৃতিত্বৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰে আৰু বিংশ শতিকাৰ এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিছাপে প্ৰতিষ্ঠা লাভ কৰে।

ভাস্কৰ্যশিল্পী আৰু প্ৰিণ্টনিৰ্মাতা হিচাপেও কাম কৰা পিকাছ'ৰ প্ৰধান মাধ্যম আছিল পেইণ্টিং। তেওঁ সাধাৰণতে স্মৃতিৰ সহায়ত ছবি আঁকিছিল আৰু জীৱনজুৰি ভিন ভিন শৈলী চেষ্টা কৰিছিল। অভিব্যক্তিৰ উপাদান হিচাপে ৰং ব্যৱহাৰ কৰা সত্ত্বেও ফৰ্ম আৰু স্পে'ছৰ সৃষ্টিৰ বাবে তেওঁ ৰঙৰ সলনি ৰেখাচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। আৰ্গন ৰাষ্ট্ৰীয় গৱেষণাগাৰৰ বিজ্ঞানীয়ে ২০১২ পিকাছ'ৰ The Red Armchair (১৯৩১) ছবিখনৰ নেন'প্ৰ'ব পৰীক্ষা কৰি চিত্ৰ ইতিহাসবিদসকলৰ এই বিশ্বাসক দৃঢ় কৰে যে পিকাছ'‌ই তেওঁৰ বহু ছবিত সাধাৰণ ঘৰুৱা ৰং ব্যৱহাৰ কৰিছিল।[8]


  1. "On-line Picasso Project". Picasso.shsu.edu. http://picasso.shsu.edu/index.php?view=BioIndex&year=1881&quarter=4। আহৰণ কৰা হৈছে: 26 August 2010. 
  2. "''The Guitar,'' MoMA". Moma.org. http://www.moma.org/collection/browse_results.php?criteria=O%3ATA%3AE%3Aex4620&page_number=3&template_id=1&sort_order=1। আহৰণ কৰা হৈছে: 2012-02-03. 
  3. "Sculpture, Tate". Tate.org.uk. http://www.tate.org.uk/collections/glossary/definition.jsp?entryId=267। আহৰণ কৰা হৈছে: 2012-02-03. 
  4. "Tate Modern: Matisse Picasso". Tate.org.uk. http://www.tate.org.uk/modern/exhibitions/matissepicasso/। আহৰণ কৰা হৈছে: 13 February 2010. 
  5. Adrian Searle (7 May 2002). "A momentous, tremendous exhibition". Guardian (UK). http://www.guardian.co.uk/culture/2002/may/07/artsfeatures। আহৰণ কৰা হৈছে: 13 February 2010. 
  6. "Trachtman, Paul, Matisse & Picasso, Smithsonian, February 2003". Smithsonianmag.com. Archived from the original on 8 May 2010. https://web.archive.org/web/20100508203807/http://www.smithsonianmag.com/arts-culture/matisse.html। আহৰণ কৰা হৈছে: 13 February 2010. 
  7. "Duchamp's urinal tops art survey". news.bbc.co.uk. 1 December 2004. http://news.bbc.co.uk/2/hi/entertainment/4059997.stm। আহৰণ কৰা হৈছে: 10 December 2010. 
  8. Moskowitz, Clara (8 February 2013). "Picasso's Genius Revealed: He Used Common House Paint", Live Science. Retrieved 9 February 2013.

তথ্যসূত্ৰ

সম্পাদনা কৰক

বহিঃ সংযোগ

সম্পাদনা কৰক

সংগ্ৰহালয়

সম্পাদনা কৰক
 
Musée Picasso, Paris, (Hotel Salé, 1659)