কোচসম্পাদনা কৰক

প্ৰকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম - মানুহ। এই প্ৰকৃতিৰ সন্তান বাবেই প্ৰকৃতি-মানুহৰ এক সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে। সেয়ে হয়তো প্ৰকৃতিৰ ভয়াবহ ৰূপ দেখা স্বত্বেও মানুহে প্ৰকৃতিক বেয়া পাব নোৱাৰে যিদৰে মানুহ নিৰ্মমতা দেখিও প্ৰকৃতিয়ে চিঞৰি চিঞৰি কান্দিব নোৱাৰে। জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক অতি সুদৃঢ়। ভাষা-সংস্কৃতিৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক অতিকে নিবিড়। একোটা জাতি-জনগোষ্ঠীৰ আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, জীৱন-শৈলী, দৰ্শন আদিক প্ৰকৃতিয়ে সম্পূৰ্ণভাৱে  প্ৰভাৱিত কৰে। জনজাতীয় জীৱন শৈলীত প্ৰকৃতিৰ ভূমিকা ইমানেই বিস্তাৰিত যে তেওঁলোকে প্ৰকৃতিক তেওঁলোকৰ সমাজ ব্যৱস্থাৰ এক অংশ হিচাপে গ্ৰহণ কৰে। পুৰণি সময়ৰে পৰা, মানুহে সবাতোকৈ প্ৰয়োজনীয় তিনিবিধ উপাদান খাদ্য, বস্ত্ৰ আৰু অন্নৰ বাবে প্ৰকৃতি নিৰ্ভৰ হৈ আহিছে। সেয়েহে জনগোষ্ঠীয় লোক-গীত, মৌখিক গীত মাত আদিত প্ৰকৃতিৰ নান্দনিক বৰ্ণনা পোৱা যায়। প্ৰকৃতিৰ সৈতে মানুহৰ সুপ্ৰাচীন অন্তৰংগতাৰ উপলব্ধিৰ দ্বাৰ মুকলি কৰে। তদুপৰি জনগোষ্ঠীয় লোক-পৰম্পৰাৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক দিশলৈকে মানু্হ প্ৰকৃতি নিৰ্ভৰ হোৱা দেখা যায়।

ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ-পূৱ প্ৰান্ততো বিভিন্ন জাতি-জনগোষ্ঠীয়ে বসবাস কৰে, যাৰ ফলত এক সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্য গঢ় লৈ উঠিছে। উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত কোচ জনগোষ্ঠী অন্যতম। মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত কোচ সকলৰ স্বকীয় ভাষা সংস্কৃতিয়ে গোষ্ঠীটোৰ সামাজিক সাংস্কৃতিক ঐতিহ্যক বৈচিত্ৰ্যময় আৰু স্বকীয়তা প্ৰদান কৰিছে। সময়ৰ লগে লগে কোচ সকলৰ মাজত সাংস্কৃতিক আগ্ৰাসানো ঘটিছে। ভাষা-পৰম্পৰায়ো পট সলাইছে। তথাপিও পৰম্পৰা আৰু ঐতিহ্য এতিয়াও বিভিন্ন স্থানত প্ৰবহমান হৈ কোচ সংস্কৃতিক জীয়াই ৰাখিছে। পৰিৱৰ্তনশীলতাই কোচ-সংস্কৃতিকো চুই গৈছে। সময়ৰ লগে লগে কোচ সকলৰ ভাষা সংস্কৃতিৰো পৰিৱৰ্তন ঘটিছে। ছাৰ এডৱাৰ্ড গেইটে অসম বুৰঞ্জীত কোচ ভাষা সম্পৰ্কে লিখিছে – কোচ সকলৰ ভাষা বৰ্তমান মৃতপ্ৰায়। কিন্তু কোচ ভাষাৰ যি দুই এটা চানেকি পোৱা যায় তাৰ পৰা এই ভাষাৰ সৈতে গাৰো ভাষাৰ মিল দেখা যায়।

বৈশিষ্ট্যসম্পাদনা কৰক

কোচসকলৰ দৈহিক অৱয়ব তথা শাৰীৰিক গঠন সম্পৰ্কে ১৬শ শতিকাত কোচ ৰাজ্য ভ্ৰমণলৈ অহা ৰালফ ফিটছ-এ কৈছিল – ‘ এই লোকসকলৰ কাণবোৰ অতি ডাঙৰ। সৰুকালতে কাণবোৰ ফুটা কৰি ইয়াক বিশেষ উপায়েৰে তেওঁলোকে দীঘল কৰি লৈছিল। ’ অৱশ্যে এইদৰে কাণ দীঘল কৰা ৰীতি কোচ সকলে সম্প্ৰতি এৰিছে। (অসম বুৰঞ্জী, চাৰ এডৱাৰ্ড গেইট, অনু: চেনেহী বেগম, পৃষ্ঠা : ৫৪)।  উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, বিশেষকৈ মেঘালয় আৰু অসম তথা পশ্চিম বংগ, বিহাৰ আদিৰ উপৰিও চুবুৰীয়া নেপাল, বাংলাদেশ আদিৰ বিভিন্ন স্থানত কোচসকল সিঁচৰিত হৈ আছে।  আমাৰ এই লেখাত মেঘালয়ত বসবাস কৰা কোচ সকলৰ সমাজ-সংস্কৃতিৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কে বিষয়েহে আলোচনা কৰিব খোজা হৈছে।

উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য জনগোষ্ঠীৰ দৰেই কোচ সকলৰ মাজতো বসন্তোত্সৱ পালনৰ পৰম্পৰা আছে। কোচ সকলৰ জাতীয় উত্সৱ বা বসন্তোত্সৱৰ নাম হৈছে পাবুনি। এই উত্সৱৰ সময়ছোৱাত বিভিন্ন দেৱ দেৱতাক আৰাধানা কৰা হয়। এই দেৱ দেৱী সমূহ হিন্দু ধৰ্মৰ অন্যান্য দেৱ-দেৱীৰ সৈতে মিল দেখা নাযায়। এই দেৱ দেৱী সমূহ হ’ল –পাবুনি, বুৰা বাউছ,শীতুলি,কাটুলি,লখি আমে, চোৰা বুদি, বাৰো ৱায় আদি।

দেৱ দেৱীসম্পাদনা কৰক

পাবুনি: পাবুনিক প্ৰেম আৰু প্ৰকৃতিৰ দেৱতা বুলি বিশ্বাস কৰা হয়। এজোপা আহত গছৰ তলত বাহেৰে সজাই ইয়াক স্থাপন কৰা হয়। কোচ সকলে পাবুনিক সূ্যোদয়, জোন, বতাহ আৰু অন্যান্য প্ৰাকৃতিক উপাদানৰ উত্স, যিয়ে মানুহৰ মনত প্ৰেমৰ নান্দনিক ভাৱ জাগ্ৰত কৰে বুলি বিশ্বাস কৰে।

বুৰা বাউছ: বয়সিয়াল দেৱতা যিয়ে সদায় ঘোঁৰা বা হাতীৰেহে পৰিভ্ৰমণ কৰে বুলি বিশ্বাস কৰা হয়।

শীতুলি: শীতুলি দেৱীয়ে বিভিন্ন বেমাৰ – আজাৰৰ পৰা গাঁওবাসীক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।

কাটুলি: কাটুলিক জ্ঞানৰ দেৱী বুলি বিশ্বাস কৰা হয়।

ইয়াৰ উপৰিও পাবুনিত লখি আমে, চোৰা বুদি, বাৰো ৱায় আদিৰ পূজা কৰা হয়। পাবুনিৰ সময়ছোৱাত কোনোধৰণৰ ব্ৰাহ্মণৰ সহায় লোৱা নহয়। পূজাৰ বাবে গাঁৱৰ পৰা এজন দেউছি বাচি দিয়া হয় আৰু তেওঁক সহায় কৰিবৰ বাবে  এজন ছাথুং লৌণি আৰু এজন ছেলাকডাৰ বাচি দিয়া হয়। পূজাৰ শেষত পূজাৰ প্ৰসাদ গ্ৰহণ কৰি পূজাৰ শেষত আবেলিলৈ সকলোৱে লগে-ভাগে নৃত্য আৰু গীত-মাত গাই আনন্দ কৰে। পাবুনিৰ গীতসমূহ সাধাৰণতে প্ৰাৰ্থনামূলক বা প্ৰেমমূলক হয়। এই উত্সৱৰ সময়ছোৱাত গোৱা হয় -

গুলি ভৰা মাছু দং, চাছাং ভৰা মায়

নক ভৰা মৰত দং

আমায়নি বলায়।

বাদ্যযন্ত্ৰসম্পাদনা কৰক

পাবুনিত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহৰ ক্ষেত্ৰত প্ৰায় অন্যান্য জনগোষ্ঠীয় বাদ্যযন্ত্ৰৰ সৈতে অলপ-অচৰপ মিল দেখা যায়। পাবুনিত বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। সেইবোৰ হ’ল – ম”চি কাৰং (মহৰ শিঙৰ পেঁপা), বাঁহী আৰু মাতা ধাকি ( ডাঙৰ ঢোল) আদি।

দুদুমাৰি, হেমমাতা বা মাতাঢাকী: ইয়াৰ দৈৰ্ঘ্য তিনি/চাৰিফুট আৰু ব্যাস প্ৰায় চাৰি বা পাঁচ ফুটলৈকে দেখা যায়।

হেমমাতা বজোৱা তাল এইদৰে,

ক) দালায় গুমুদ গুমুদ।

খ) তাকু পাকু তাকু পাকু

     গুগু পাং গুগু পাং।

দুদুমাদুলি-পাখোৱাচ লেখিয়া ঢোল আৰু ইয়াৰ তালমাত্ৰা, তালুং পাকুং কুচিয়া মুক্ৰুং।

সূষিৰ বাদ্য :-

এইবিধ বাদ্যৰ শাৰীত ৱা-খান্দিং অতি অপৰিহাৰ্য।

ইয়াৰ স্বৰলিপি-

গুৰদে গুৰুদে গুৰুলাউ গুৰু

গুৰুলাউ গুৰুলাউ গুৰুলাউ গুৰু।

হালাং বা বিয়া গীতসমূহত বজোৱা সুৰ,

তিলালাউ তিলালাউ

লাউ লাউ লাউ।

কামমাতাৰ "হকো"বছানি বা নৃত্যৰ সময়ত-

দে হে দে।

পবন লূপনিৰ সময়ত,-

তেৰ তেৰ ৰেত

তেৰ তেৰ ৰেত।

পাবুনিৰ সময়ত,-

তিৰিৰি ৰিত তিৰিৰি ৰিত

তিলালাউ তিলালাউ তিলালাউ।

তদুপৰি মুছিকৰং অৰ্থাৎ ম'হৰ শিং(হালাং অনুষ্ঠানত ইয়াৰ প্ৰতিবন্ধকতা দেখা যায়)।