বাৰ্তা:পাবুনি
ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। ভাৰতবৰ্ষৰ অন্য়ান্য় প্ৰান্তৰ লগতে উত্তৰ-পূৱ প্ৰান্ততো বিভিন্ন জাতি-জনগোষ্ঠীয়ে বাস কৰে। উত্তৰ-পূৱ ভাৰতত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত কোচ জনগোষ্ঠী অন্য়তম। মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভূক্ত কোচসকলৰ স্বকীয় ভাষা সংস্কৃতিয়ে গোষ্ঠীটোৰ সামাজিক ঐতিহ্য়ক বৈচিত্ৰময় আৰু স্বকীয়তা প্ৰদান কৰাৰ লগতে অসমৰ প্ৰেক্ষাপটত এক সন্মিলিত সাংস্কৃতিক ধ্বজাক প্ৰতিনিধিত্ব কৰিছে। ভাৰতবৰ্ষৰ লগতে নেপাল, বাংলাদেশ আদিৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা কোচসকলৰ মাজত সাংস্কৃতিক আগ্ৰাসনো ঘটিছে। তথাপিও পৰম্পৰা আৰু ঐতিহ্য় এতিয়াও বিভিন্ন স্থানত প্ৰৱাহমান হৈ কোচ সংস্কৃতিক জীয়াই ৰাখিছে। অসমৰ কোচসকলে পালন কৰা এটা জাতীয় উৎসৱ হল পাবুনি। এই উৎসৱৰ সময়ছোৱাত বিভিন্ন দেৱ-দেৱতাক আৰাধনা কৰা হয়। এই দেৱ-দেৱীসমূহ হল- পাবুনি, বুৰা বাউছ, শীতুলি, কাটুলি, লখি আমে, চোৰা বুদি, বাৰো ৱায় আদি।
পাবুনি সম্পাদনা কৰক
পাবুনিক প্ৰেম আৰু প্ৰকৃতিৰ দেৱতা বুলি বিশ্বাস কৰা হয়। এজোপা আঁহত গছৰ তলত বাহেৰে সজাই ইয়াক স্থাপন কৰা হয়। কোচসকলে পাবুনিক জোন, বতাহ আৰু অন্য়ান্য় প্ৰাকৃতিক উপাদানৰ উৎস(মানুহৰ মনত প্ৰেমৰ নান্দনিক ভাৱ জাগ্ৰত কৰা) বুলি বিশ্বাস কৰে।
বুৰা বাউছ সম্পাদনা কৰক
বয়সীয়াল দেৱতা , তেওঁ সদায় ঘোঁৰা বা হাতীৰেহে পৰিভ্ৰমণ কৰে বুলি বিশ্বাস কৰা হয়।
শীতুলি সম্পাদনা কৰক
শীতুলি দেৱীয়ে বিভিন্ন বেমাৰ-আজাৰৰ পৰা গাওঁবাসীক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।
কাটুলি সম্পাদনা কৰক
কাটুলিক জ্ঞানৰ দেৱী বুলি বিশ্বাস কৰা হয়।
পাবুনিৰ গীত সম্পাদনা কৰক
ইয়াৰ উপৰিও পাবুনিত লখি আমে, চোৰা বুদি, বাৰো ৱায় আদি পূজা কৰা হয়। পূজাৰ শেষত পূজাৰ প্ৰসাদ গ্ৰহণ কৰি আবেলিলৈ সকলোৱে লগে-ভাগে নৃত্য় কৰে আৰু গীত-মাত গায়। পাবুনিৰ গীতসমূহ সাধাৰণতে প্ৰাৰ্থনামূলক বা প্ৰেমমূলক হয়। পাবুনিৰ গীতসমূহ এনেধৰণৰ
“ | গুলি ভৰা মাছু দং, চাছাং ভৰা মায় নক ভৰা মৰত দং |
” |