পাৰঘাট (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (১৯৪৯)
পাৰঘাট (ইংৰাজী: Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত। এই ছবিৰ যোগেদি অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল।[1][2]
পাৰঘাট Parghat | |
---|---|
পৰিচালক | প্ৰবীণ ফুকন |
প্ৰযোজক | প্ৰমথ ৰাম দাস |
সংগীত পৰিচালক | গন্ধৰ্ব |
প্ৰযোজনা কোম্পানীসমূহ |
ইন্দ্ৰপুৰী ষ্টুডিঅ', কলকাতা |
মুক্তি |
৫ আগষ্ট ১৯৪৯ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ছবিখনৰ কাহিনী
সম্পাদনা কৰকছবিখনৰ কাহিনীভাগ ব্ৰিটিছৰ দিনৰ চোৰাং কানি বেপাৰৰ ওপৰত আধাৰিত। এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন আগতীয়া টিকট বুকিঙৰ ব্যৱস্থা থকা চলচ্চিত্ৰ।[3]
অভিনয়
সম্পাদনা কৰক- চন্দ্ৰকান্ত ফুকন
- প্ৰবীণ ফুকন
- সৰ্বেশ্বৰ চক্ৰৱৰ্তী (মৌজাদাৰ)
- যোগেন্দ্ৰনাথ বৰদলৈ (দোকানী)
- ভুৱনেশ্বৰ বুজৰবৰুৱা (লগুৱা)
- যোগেন্দ্ৰনাথ বৰকাকতি (কৃষ্ণ মণ্ডল)
- জ্ঞানদা কাকতি
- মলয়া দাস[1][2]
সঙ্গীত
সম্পাদনা কৰকপুৰুষোত্তম দাসে গন্ধৰ্ব নামেৰে পাৰঘাটৰ সঙ্গীত পৰিচালনা কৰিছিল।[4]
ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
---|---|---|---|
১ | পুৱাৰে মলয়া মন জুৰণীয়া, হিয়া পৰি যায় শাঁত | পুৰুষোত্তম দাস | কমল চৌধুৰী, মলয়া দাস |
২ | সন্মুখত দেখি কলীয়া আন্ধাৰ, ভয় নাই তোৰ ভয় নাই | পুৰুষোত্তম দাস | দিলীপ শৰ্মা |
৩ | কোন দূৰে দূৰে যায় ৰূপ জগতৰ ৰঙীন দিনৰ | সুদক্ষিণা শৰ্মা | |
৪ | তুমি জানো বুজা প্ৰিয় মোৰ হৃদয়ৰ শত বেদনাই | পুণ্য প্ৰসাদ দুৱৰা | জ্ঞানদা কাকতি |
৫ | জেতুকা বোলেৰে বোলাম হাত লাৱণী, কেৰুৰে জিলিকাম কাণ | আনন্দিৰাম দাস | |
৬ | শেৱালিৰ পাহীটিৰে বুকুৰে কথাটি কবলৈ ভাষাটি নাই নাই | সুদক্ষিণা শৰ্মা | |
৭ | কাৰ আকাশৰ ৰামধেনুখনি ক’তে বা লুকাই | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা |
৮ | কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা, পুৰুষোত্তম দাস |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 মঞ্চলেখা, পৃঃ ৩০৯, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী. ১৯৯৫.
- ↑ 2.0 2.1 "Parghat". Archived from the original on 2020-01-12. https://web.archive.org/web/20200112045750/http://www.boxofficeassam.com/movie/parghat/। আহৰণ কৰা হৈছে: 2020-01-17.
- ↑ "অসমীয়া চিনে জগতত প্ৰথমবাৰৰ বাবে "Advance Ticket Booking"ৰ ব্যৱস্থা কৰা চিনেমাখনৰ কথা". 24 May 2020. https://www.facebook.com/186685058626816/posts/592096078085710/। আহৰণ কৰা হৈছে: 24 May 2020.
- ↑ অসমীয়া বোলছবিৰ গীতৰ সংকলন, পৃঃ ১৭ বাবুল দাস, বাণীমন্দিৰ, ডিব্ৰুগড়, ১৯৮৫.