দিলীপ শৰ্মা অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী।[1] কলিকতা ৰেডিঅ'ত অসমীয়া গীত গোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া শিল্পী। অসমত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা দিলীপ শৰ্মাই সংগীত নাটক একাডেমী সন্মানো লাভ কৰিছিল। পত্নী সুদক্ষিণা শৰ্মাৰ লগত যৌথভাৱে কেইবাটাও মননশীল গীত পৰিৱেশন কৰি অসমৰ শ্ৰোতামহলৰ পৰা তেওঁলোকে শ্ৰদ্ধা আৰু সমাদৰ লাভ কৰিছিল।[2]

দিলীপ শৰ্মা
জন্ম ২৫ জানুৱাৰী, ১৯২৬
পাঠশালা,বৰপেটা, অসম
মৃত্যু ৭ অক্টোবৰ, ২০০৮ (৮২ বছৰ)
পেচা গীতিকাৰ
সুৰকাৰ
কণ্ঠশিল্পী
সংগীত পৰিচালক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় জ্যোতি সংগীত,ৰবীন্দ্ৰসংগীত,আধুনিক গীত
উল্লেখনীয় কৰ্মৰাজি আজি তোমাক দেখিলো বহু দিনৰ মূৰত
আকাশ মহাকাশ
লুইতৰ পানী যাবি অ' বৈ
উল্লেখযোগ্য বঁটা সংগীত নাটক একাডেমী বঁটা
দাম্পত্যসংগী সুদক্ষিণা শৰ্মা

পৰিয়াল আৰু শিক্ষা সম্পাদনা কৰক

দিলীপ শৰ্মাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৫ জানুৱাৰীত। বৰপেটা জিলাৰ পাঠশালাৰ বামুণকুছিত জন্মলাভ কৰা দিলীপ শৰ্মাৰ দেউতাক আছিল দীননাথ শৰ্মা আৰু মাতৃ আছিল ৰেণু দেৱী। উল্লেখযোগ্য যে, দেউতাক দীননাথ শৰ্মা সুবিখ্যাত অসমীয়া আলোচনী আৱাহনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। দিলীপ শৰ্মাৰ শিক্ষা জীৱন কলিকতাতেই আৰম্ভ হৈছিল। ১৯৪২ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছেইণ্ট জেভিয়াৰ্চ কলেজত নাম লগায়। সেইখন কলেজৰ পৰাই তেওঁ এদিন স্নাতক ডিগ্ৰী লাভ কৰে।[2]

সংগীতৰ প্ৰতি অনুৰাগ সম্পাদনা কৰক

শৈশৱৰ সোণোৱালী দিনতেই দিলীপ শৰ্মাৰ সংগীতৰ লগত পৰিচয় হৈছিল। সাত বছৰ বয়সতে দেউতাক দীননাথ শৰ্মাই তেওঁক ঘৰতে সংগীতৰ শিক্ষা দিবলৈ আৰম্ভ কৰে। সেই সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, কমল নাৰায়ণ চৌধুৰী আদি বৰেণ্য অসমীয়াসকলৰ সান্নিধ্য লাভ কৰে। জ্যোতিপ্ৰসাদৰ পৰা তেওঁ মোৰে ঘন বনতে তই কি বাঁহী বজালি শীৰ্ষক গীতটি শিকিছিল। জ্যোতিপ্ৰসাদৰ পৰা শিকি লোৱা এটা ভজনৰ আৰ্হিৰ গীত গায়েই তেওঁ কলকাতা ৰেডিঅ' কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। ভজনৰ আৰ্হিৰ গীতটো আছিল এনেধৰণৰ-মন ৰাম নাম তই/সোঁৱৰণ কৰি ল/কোনে জানে কালি কি/জগতময় সোণৰ জ্বলে চাকিটি[2]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৪২ চনত এইচ এম ভি কোম্পানীয়ে শিল্পীজনৰ প্ৰথমটো গ্ৰাম'ফ'ন ৰেক'ৰ্ড উলিয়ায়। ১৯৪৪ চনত তেওঁৰ দ্বিতীয়খন ৰেক'ৰ্ড ওলায়। এইখন ৰেকৰ্ডত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মোৰ কবিতাৰ ছন্দ লাগি শীৰ্ষক গীতটো সন্নিৱিষ্ট আছিল। তাৰপিছত যথাক্ৰমে ১৯৪৬ আৰু ১৯৪৭ চনত তেওঁৰ আন দুটা ৰেকৰ্ড ওলায়। আটাইকেইটা গীতেই সেইসময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। সেইসময়ত তেওঁৰ বয়স আছিল মাত্ৰ বিশ বছৰ।

১৯৪৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ দ্বিতীয় সংস্কৰণৰ সংগীতাংশত সহকাৰী সংগীত পৰিচালকৰ দায়িত্ব দিয়ে দিলীপ শৰ্মাক। এই ছবিখনতে দিলীপ শৰ্মাই লুইতৰ পানী যাবি অ' বৈ আৰু মোৰে ভাৰতৰে মোৰে সপোনৰে গীত দুটা ভগ্নী আৰতি শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত পৰিৱেশন কৰিছিল।[2]

১৯৫০ চনত তেওঁ অসমলৈ আহি ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ পৰে। ১৯৫২ চনত মুম্বাইত হোৱা সংঘৰ সৰ্বভাৰতীয় সন্মিলনত দিলীপ শৰ্মাই প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। তাতেই তেওঁ হেমাংগ বিশ্বাসৰ লগত পৰিচয় ঘটে।

১৯৫৪ চনত ভূপেন হাজৰিকাৰ ভগ্নী কুইন হাজৰিকাৰ লগত তেওঁ বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছত কুইন হাজৰিকা সুদক্ষিণা শৰ্মা ৰূপে পৰিচিত হৈ পৰে। দুয়োজনা শিল্পীয়ে বহুকেইটা গীত একেলগে গাই আৰু পৰিৱেশন কৰি অসমৰ সংগীত সমাজত এক বিশিষ্ট শিল্পী-দম্পতীৰূপে জনাজাত হৈ পৰে। ১৯৫৫ চনত গুৱাহাটীত হোৱা গণনাট্য সংঘৰ তৃতীয় ৰাজ্যিক সন্মিলনত তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ আমি অসমীয়া নহওঁ দুখীয়া গীতটি পৰিৱেশন কৰে। সেই বছৰতে পোলেণ্ডত অনুষ্ঠিত পঞ্চম বিশ্ব উৎসৱত যোগদান কৰি তেওঁ অ' মোৰ মলুৱাৰে গীতটো পৰিৱেশন কৰিছিল।

১৯৬০ চনত হোৱা ভাষা আন্দোলনৰ সময়ত ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ সাংস্কৃতিক দলত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰিছিল।[2]

১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য,অমিত সৰকাৰ আদিৰ সৈতে চিত্ৰবন নামৰ আলোচনী এখন প্ৰকাশ কৰিছিল। পাছলৈ কেশৱ মহন্তৰ সৈতে প্ৰবাহ নামৰ অইন এখন আলোচনীও উলিয়ায়। ১৯৮৫ চনৰ পৰা আৱাহন পুনৰ প্ৰকাশৰ প্ৰচেষ্টা হাতত লৈছিল যদিও ধনৰ অভাৱত আলোচনীখন বন্ধ কৰিবলগীয়া হয়। মৃত্যুৰ সময়লৈকে তেওঁ লুইতৰ পৰা টেমছলৈ আলোচনীখনৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বহু বঙালীভাষী লোকে দিলীপ শৰ্মাৰ পৰা ৰবীন্দ্ৰ সংগীতৰ শিক্ষাগ্ৰহণ কৰি পাছলৈ প্ৰতিষ্ঠিত হৈছিল। অসমত ৰবীন্দ্ৰ সংগীতৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি জ্যোতি সংগীতৰ স্বৰলিপি প্ৰস্তুতকৰণ, জ্যোতি সংগীতৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি জ্যোতি সংগীতক জনপ্ৰিয় কৰিবলৈ দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই আন্তৰিক চেষ্টা চলাইছিল। অসম চৰকাৰৰ জ্যোতি সংগীতৰ স্বৰলিপিকৰণৰ গৱেষণা সমিতিৰ তেওঁ এজন সদস্য আছিল।[2]

সৃষ্টিৰাজী সম্পাদনা কৰক

সুদক্ষিণা শৰ্মাৰ লগত
  • ময়ো বন যাওঁ স্বামীহে
  • ৰাতি পুৱাইলৰে কুৰুৱাই পাৰে ৰাও
  • অ' আইকণ তোৰ ঘৰ ইপাৰত
  • ধনপুৰ অ' মনপুৰ অ'
  • কামনা কুঁৱৰী
শ্ৰব্যকেছেট
  • কাৰেঙৰ লিগিৰী
  • জোনাকী বাট
  • গীত গাওঁ একেলগে
  • যাউতিযুগীয়া
  • চিৰ সুন্দৰ সংগীত
কণ্ঠদান কৰা ছবি
সংগীত পৰিচালনা

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ[1]
  • ভাৰতীয় সাংস্কৃতিক দলৰ প্ৰতিনিধি হৈ চীন দেশ ভ্ৰমণ। ভূপেন হাজৰিকাই ৰচনা কৰা 'ঝক্ ঝক্ ৰে'ল চলে' আৰু 'মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ' গীত দুটি পৰিৱেশন
  • ২০০০ চনত পত্নীৰ লগত ইংলেণ্ডত গীত পৰিৱেশন; অসম সাহিত্য সভা,ইংলেণ্ড শাখাৰ আহ্বানক্ৰমে
  • ১৯৫৯-১৯৮৫ লৈকে পল্টন বজাৰ বাঙালী হাইস্কুলত শিক্ষকতা। অসমীয়া বিষয়ৰ বিষয়-শিক্ষক হিচাপে।[3]
  • বাসভৱনত 'জয় জয়ন্তী কলাকেন্দ্ৰ' স্থাপন

মৃত্যু সম্পাদনা কৰক

২০০৮ চনৰ ৭ অক্টোবৰত এইজনা বিশিষ্ট সংগীতশিল্পীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। বিগত দুটা বছৰ ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। [3][2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 মজুমদাৰ, প্ৰয়াস (২০১৮). ককা প্ৰয়াত দিলীপ শৰ্মাৰ স্মৃতিত. মণিকূট. Archived from the original on 2019-02-27. https://web.archive.org/web/20190227102537/http://monikut.com/?p=2263। আহৰণ কৰা হৈছে: 2019-07-20. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 পৰাশৰ, অনুভৱ (২০১৫, ডিচেম্বৰ). কুৰি গৰাকী মহান অসমীয়া শিল্পী. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৪৯-৫৩. 
  3. 3.0 3.1 "Singer Dilip Sarma passes away". assamtimes. http://www.assamtimes.org/node/2075। আহৰণ কৰা হৈছে: 21 July 2019.