পাৰবো না আমি ছাড়তে তোকে

ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ চলচ্চিত্ৰ

পাৰব না আমি ছাড়তে তোকে (অনু. মই তোক এৰিব নোৱাৰো) হৈছে ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক কমেডী চলচ্চিত্ৰ৷ ছবিখনৰ প্ৰযোজনা কৰিছে শ্ৰী ভেংকটেশ ফিল্মছ আৰু সুৰিন্দৰ ফিল্মছে। এই ছবিখন ২০১৩ চনৰ তেলেগু ছবি উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ।[2] ছবিখনত প্ৰেম কাহিনী আৰু পাৰিবাৰিক নাটকৰ চিত্ৰণ কৰা হৈছে – য’ত বনি সেনগুপ্ত আৰু নৱাগত কৌশানী মুখোপাধ্যায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সংগীত ৰচনা কৰিছে ইন্দ্ৰদীপ দাসগুপ্তই।[3][4]

পাৰব না আমি ছাড়তে তোকে
পৰিচালক ৰাজ চক্ৰৱৰ্তী[1]
ৰচনা এন. কে. সলিল
প্ৰযোজক শ্ৰীকান্ত মোহতা
মহেন্দ্ৰ ছোনি
অভিনয়ত বনি সেনগুপ্ত
কৌশানী মুখোপাধ্যায়
চিত্ৰগ্ৰহণকাৰী সুপ্ৰিয় দত্ত
সম্পাদনা অনিন্দা চট্টোপাধ্যায়
সংগীত পৰিচালক ইন্দ্ৰদীপ দাসগুপ্ত
প্ৰযোজনা
কোম্পানী
শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছ
পৰিবেশক সুৰিন্দৰ ফিল্মছ
মুক্তি
১১ ছেপ্টেম্বৰ ২০১৫ (2015-09-11)
দেশ ভাৰত
ভাষা বাংলা
বাজেট ২.৭ কোটি
সৰ্বমুঠ আয় ১.২ কোটি

কাহিনীভাগ সম্পাদনা কৰক

গোটেই ছবিখনৰ বৰ্ণনা কৰা হৈছে শিবুৰ দ্বাৰা যিয়ে অপুৰ আগত নিজৰ প্ৰেম স্বীকাৰ কৰিবলৈ উভতিছে। শিবু আৰু অপুৰ শৈশৱৰ পৰাই কাজিয়া আৰম্ভ হয়। অপু শিবুৰ দেউতাকৰ বন্ধুৰ কন্যা। অপুৰ পৰিয়াল আৰু তেওঁৰ পিতৃ-মাতৃয়ে এখন অট্টালিকাত থাকে আনহাতে শিবু আৰু তেওঁৰ বিধৱা মাতৃয়ে অট্টালিকাটোৰ ঠিক কাষতে থকা এখন আধুনিক অথচ স্বাভাৱিক দৃশ্যমান গাঁৱৰ সৰু ঘৰ এটাত থাকে।

কলা-কুশলী সম্পাদনা কৰক

  • বনি সেনগুপ্ত - শিবনাথ ওৰফে শিবু
  • কৌশানী মুখোপাধ্যায় - অপৰ্ণা ৰায় ওৰফে অপু
  • স্বস্তিকা দত্ত - অপুৰ বন্ধু
  • খৰাজ মুখোপাধ্যায় - অপুৰ পিতৃ
  • মৈনাক বন্দোপাধ্যায় - অপুৰ ভুৱা প্ৰেমিক
  • তুলিকা বসু - শিবুৰ মাক
  • দেবময় মুখোপাধ্যায় - শিবুৰ বন্ধু
  • মৌচুমী সাহা - অপুৰ মাক
  • পিংকি মল্লিক - অপুৰ গৃহকৰ্মী
  • ছন্দা কাৰঞ্জী - অপুৰ আইতা
  • সৌৰভ চট্টোপাধ্যায় - অপুৰ দৰা

সংগীত সম্পাদনা কৰক

গীতৰ তালিকা
নং শিৰোনামগায়ক-গায়িকাসকল দৈৰ্ঘ্য
1. "অ' ললনা"  বেনী দয়াল, সত্ৰুজিত দাসগুপ্ত ৩:৩৩
2. "পাৰব না আমি ছাড়তে তোকে (টাইটেল ট্ৰেক)"  অৰিজিৎ সিং ৪:৪৬
3. "উড়ে গেছে"  এশ্ব কিং, মোনালী ঠাকুৰ ৪:২৬
4. "তুমি আশে পাশে"  নাকাশ আজিজ, মোনালী ঠাকুৰ ৪:২৮
মুঠ দৈৰ্ঘ্য:
১৬:৪৬

সকলোবোৰ গীতৰ কথা লিখিছে প্ৰসেনে (প্ৰসেনজিৎ মুখোপাধ্যায়) আৰু সকলো সংগীত ৰচনা কৰিছে ইন্দ্ৰদীপ দাসগুপ্তই।

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক