পাৰ্থ চট্টোপাধ্যায়

বাংলা লেখক আৰু সাংবাদিক

ড॰ পাৰ্থ চট্টোপাধ্যায় (ইংৰাজী: Dr. Partha Chattopadhyay) বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।[1][3]

ড॰ পাৰ্থ চট্টোপাধ্যায়
জন্ম ২৬ অক্টোবৰ, ১৯৩৯ (৮৪ বছৰ)
গোবৰডাঙ্গা, উত্তৰ ২৪ পৰগণা জিলা, পশ্চিমবঙ্গ, ভাৰত[1][2]
পেচা গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, সাংবাদিক, অধ্যাপক
ভাষা বঙালী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
সময় ১৯৩৯-বৰ্তমানলৈ
সাহিত্যিক বিপ্লৱ লাইফ পজিটিভ আন্দোলন


কৰ্মজীৱন সম্পাদনা কৰক

১৯৬০ চনত তেওঁ কমনওৱেলথ্‌ বৃত্তি পাই সাংবাদিকতা পঢ়াৰ কাৰণে ইংলেণ্ডলৈ যায়। ১৯৭৮ চনত জেফাৰছন ফেল’শ্বিপ পাই তেওঁ আমেৰিকাৰ হাৱাই বিশ্ববিদ্যালয়ৰ ইষ্ট-ওৱেষ্ট চেণ্টাৰত গৱেষণা কৰিবলৈ যায়। তেওঁ বিশ্বৰ ৩৫খন দেশত একাধিকবাৰ ভ্ৰমণ কৰিছে। ১৯৮২ চনত ইন্দিৰা গান্ধীৰ লগত তেওঁ বিশ্ব পৰিক্ৰমা কৰে।[1][4][3]

১৯৫৯-১৯৯৮ চনলৈকে ড॰ পাৰ্থ চট্টোপাধ্যায় সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত আছিল। বেছিভাগ সময় তেওঁ অতিবাহিত কৰে আনন্দবাজাৰ পত্ৰিকা গোষ্ঠীৰ লগত। চাৰিবছৰ তেওঁ সাপ্তাহিক পৰিৱৰ্তন পত্ৰিকাৰ সম্পাদক আছিল। ১৯৭৬-১৯৮৭ চনলৈকে তেওঁ কলকাতা বিশ্ববিদ্যালয়ত সাংবাদিকতা পঢ়াইছিল। ১৯৯৮-২০০২ চনলৈকে তেওঁ শিলচৰৰ অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ প্ৰধান অধ্যাপক আছিল।[1][4][3]

ড॰ চট্টোপাধ্যায়ে গল্প, উপন্যাস, ভ্ৰমণ কাহিনী, নাটক, প্ৰবন্ধ মিলাই ৮৫খন কিতাপ লিখিছে। ১৯৮৩ চনৰ পৰা তেওঁ ম’টিভেছনমূলক সাহিত্য লিখিবলৈ আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে এই কিতাপবোৰ বঙালী সাহিত্যত বেষ্ট-ছেলাৰ হৈ উঠে। একে সময়তে তেওঁ যুৱ সমাজৰ মাজত আত্মবিশ্বাস উভোতাই অনাৰ কাৰণে লাইফ পজিটিভ আন্দোলন আৰম্ভ কৰে আৰু বিভিন্ন ঠাইত আত্মবিশ্বাস কৰ্মশালা পৰিচালনা কৰিবলৈ লয়। ড॰ চট্টোপাধ্যায় এতিয়া কলকাতা নিবাসী।[4][3]

পুৰস্কাৰ সম্পাদনা কৰক

সাহিত্য আৰু সাংবাদিকতাৰ কাৰণে তেওঁ বহুবাৰ পুৰস্কৃত আৰু সম্বৰ্ধিত হৈছে।[4][3]

তেখেতৰ সম্পাদিত আলোচনী আৰু কাকত সম্পাদনা কৰক

গ্ৰন্থসমূহ সম্পাদনা কৰক

(অনুবাদিত)

  • আপুনি আৰু আপোনাৰ ব্যক্তিত্ব
  • আহক ভালে থাকোঁ
  • এতিয়াও সময় আছে
  • এতিয়াও সুযোগ আছে
  • কলেজত যি শিকোৱা নহয়
  • কেনেকৈ আত্মবিশ্বাস বঢ়াব
  • কেনেকৈ ইংৰাজী শিকিব
  • কেনেকৈ বাস্তৱবাদী হ’ব
  • কেনেকৈ স্মৃতিশক্তি বঢ়াব
  • জীৱন-পথৰ সাৰথি
  • তত্ত্ব আৰু প্ৰয়োগেৰে গণসংযোগ
  • তোমাৰ স’তে আছোঁ : ছাত্ৰ-ছাত্ৰীৰ নানান সমস্যা আৰু সমাধান
  • নিজক নিজেই সলনি কৰক
  • পাৰিবাৰিক অশান্তি নিৰাময়
  • প্ৰেম আৰু সুখী দাম্পত্য জীৱনৰ সন্ধানত
  • ফ্ৰিলান্স সাংবাদিকতা আৰু লেখা-মেলা
  • বিষয় সাংবাদিকতা
  • মানুহ কেনেকৈ চিনিব পাৰি।
  • যিসকলে ডাঙৰ হ’ব বিচাৰা
  • সফল বিক্ৰেতা হোৱাৰ উপায়
  • স্কুলত যি শিকোৱা নহয়
  • ষ্ট্ৰে’ছ, দুশ্চিন্তা আৰু উদ্বেগৰ পৰা মুক্তিৰ উপায়
  • হতাশাৰ পৰা মুক্তিৰ উপায়

গল্প সংকলন

(অনুবাদিত)

  • ভূতৰ ভয়ংকৰ কাহিনী
  • প্ৰেতাত্মাৰ কাহিনী
  • ভৌতিক ৰহস্য
  • স্বনিৰ্বাচিত সৰস গল্প

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "ড॰ পাৰ্থ চট্টোপাধ্যায়". Rokomari. https://www.rokomari.com/book/author/12747/%E0%A6%A1--%E0%A6%AA%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%A5-%E0%A6%9A%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC। আহৰণ কৰা হৈছে: 10 May 2020. 
  2. "ফেচবুক: পাৰ্থ চট্টোপাধ্যায়". পাৰ্থ চট্টোপাধ্যায়. https://m.facebook.com/story.php?story_fbid=2408355166104636&id=100007905277999। আহৰণ কৰা হৈছে: 10 May 2020. 
  3. 3.0 3.1 3.2 3.3 3.4 অনুবাদক - বৰা দেৱচৌধুৰী, ড॰ বিনীতা (ষষ্ঠ সংস্কৰণ, মাৰ্চ ২০১২). [ড॰ পাৰ্থ চট্টোপাধ্যায় মানুহ কেনেকৈ চিনিব পাৰি]. বীণা লাইব্ৰেৰী. ড॰ পাৰ্থ চট্টোপাধ্যায়. 
  4. 4.0 4.1 4.2 4.3 অনুবাদক - গোস্বামী, ড॰ গোলকেশ্বৰ (দ্বিতীয় সংস্কৰণ, জানুৱাৰী ২০১০). কেনেকৈ স্মৃতিশক্তি বঢ়াব. বীণা লাইব্ৰেৰী. 

বাহ্যিক সংযোজন সম্পাদনা কৰক