পিয়েৰ অগ'ষ্টিনি

ফৰাছী পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী

পিয়েৰ অগ'ষ্টিনি (ইংৰাজী: Pierre Agostini,ফৰাচী উচ্চাৰণ: [pjɛʁ aɡɔstini]; জন্ম ২৩ জুলাই ১৯৪১) এগৰাকী ফৰাচী পৰীক্ষামূলক পদাৰ্থবিজ্ঞানী আৰু অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিৰ এমেৰিটাছ অধ্যাপক। তেওঁ শক্তিশালী ক্ষেত্ৰ লেজাৰ পদাৰ্থ বিজ্ঞান আৰু এট'ছেকেণ্ড বিজ্ঞানৰ অগ্ৰণী গৱেষণাৰ বাবে বিশেষভাৱে জনাজাত।[1] বিশেষকৈ তেওঁ থ্ৰেছহ'ল্ডৰ ওপৰৰ আয়নীয়কৰণ পৰ্যবেক্ষণ আৰু এট'ছেকেণ্ডৰ পোহৰৰ স্পন্দনৰ বৈশিষ্ট্য নিৰ্ণয়ৰ বাবে দুটা ফ'টন পৰিৱৰ্তনৰ হস্তক্ষেপৰ দ্বাৰা এট'ছেকেণ্ডৰ স্পন্দনৰ পুনৰ্গঠন (RABBITT) কৌশল উদ্ভাৱনৰ বাবে পৰিচিত।[2] ২০২৩ চনত তেওঁ ফেৰেণ্টচ ক্ৰাউচ আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3][4]

পিয়েৰ অগ'ষ্টিনি
জন্ম ২৩ জুলাই, ১৯৪১ (৮২ বছৰ)
টুনিছ, ফ্ৰেন্স টুনিছিয়া
ক্ষেত্ৰ এট’ছেকেণ্ড পদাৰ্থ বিজ্ঞান
কৰ্মস্থান চিইএ চেক্লে
অহাইঅ' ষ্টেট ইউনিভাৰ্চিটি
শিক্ষানুষ্ঠান এক্স-মাৰ্চাইল বিশ্ববিদ্যালয় (বিএড, এমএএছ, পিএইচডি)
জনা যায় থ্ৰেছহ'ল্ডৰ ওপৰত আয়নীয়কৰণ
দুটা ফ'টন পৰিৱৰ্তনৰ হস্তক্ষেপৰ দ্বাৰা এট'ছেকেণ্ডৰ বিটিঙৰ পুনৰ্গঠন চমুকৈ 'RABBITT'
উল্লেখনীয় বঁটা গে-লুছাক–হামবল্ড বঁটা (২০০৩)
উইলিয়াম এফ মেগাৰ্ছ বঁটা (২০০৭)
পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০২৩)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৪১ চনৰ ২৩ জুলাই তাৰিখে ফ্ৰান্সৰ সংৰক্ষিত অঞ্চল টিউনিছত পিয়েৰ অগ'ষ্টিনিৰ জন্ম হৈছিল।[5] ১৯৫৯ চনত ফ্ৰান্সৰ লা ফ্লেচৰ প্ৰাইটেনিয়া নেচনেল মিলিটেয়াৰ স্কুলত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[6]

তেওঁ আইক্স-মাৰ্চাইল বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু তাৰ পিছত তেওঁ ১৯৬১ চনত পদাৰ্থ বিজ্ঞানত বি.এড. ডিগ্ৰী (licence d’enseignement) ডিগ্ৰী লাভ কৰে। ১৯৬৮ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এম.এ.এছ. ডিগ্ৰী লাভ কৰে। তেওঁ অতিবেঙুনীয়া ৰঙৰ বাবে বহুস্তৰীয় ডাইলেক্ট্ৰিক ফিল্টাৰৰ ওপৰত গৱেষণা কৰি পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাপত্ৰ খনৰ নাম হ'ল: Appareillage permettant la réalisation de filtres multidiélectriques UV : Étude des couches Sb2O3.[7][8][9]

কৰ্মজীৱন সম্পাদনা কৰক

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৬৯ চনত তেওঁ চি ই এ চেক্লেত গৱেষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ২০০২ চনলৈকে তেওঁ এই প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।[8][9] এই সময়ছোৱাত আগষ্টিনিয়ে জেৰাৰ্ড মেইনফ্ৰে আৰু ক্ল’ড মানুছৰ পৰীক্ষাগাৰত গৱেষণা কৰিছিল। তেওঁ এই পৰীক্ষাগাৰত থকা শক্তিশালী লেজাৰ ব্যৱহাৰ কৰি মাল্টিফ’টন আয়নীয়কৰণৰ ওপৰত গৱেষণা কৰিছিল। ১৯৭৯ চনত তেওঁ জেনন গেছত থ্ৰেছহ'ল্ডৰ ওপৰৰ আয়নীয়কৰণ প্ৰথমবাৰৰ বাবে অধ্যয়ন কৰিছিল।[10][11][12]

২০০১ চনত অগ'ষ্টিনি আৰু চি ই এ চেক্লেৰ তেওঁৰ দলটোৱে ডাচ ফাউণ্ডেশ্যন ফৰ ফাণ্ডামেণ্টেল ৰিচাৰ্চ অন মেটাৰ (এফ অ’ এম)ৰ হাৰ্ম গেৰ্ট মুলাৰৰ সৈতে লেবৰেটৰী ডি অপটিক এপ্লিকুৱেৰ উন্নত লেজাৰ ব্যৱহাৰ কৰি স্পন্দনৰ শাৰী নিৰ্মাণ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰতিটো স্পন্দনৰ সময়সীমা ২৫০ এট’ছেকেণ্ড আছিল। আল্ট্ৰাশ্বৰ্ট অতিবেঙুনীয়া স্পন্দনবোৰক মূল অতি ৰঙা পোহৰৰ সৈতে পুনৰ সংযুক্ত কৰি তেওঁলোকে এটা হস্তক্ষেপ প্ৰভাৱ সৃষ্টি কৰিছিল। ইয়াৰ ফলত তেওঁলোকে স্পন্দনবোৰৰ দৈৰ্ঘ্য আৰু পুনৰাবৃত্তিৰ হাৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল।[13][14]

২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ আমেৰিকাৰ নিউয়ৰ্ক ৰাজ্যৰ ব্ৰুকহেভেন নেচনেল লেবৰেটৰীৰ এজন অতিথি বিজ্ঞানী আছিল। তেওঁ এই পৰীক্ষাগাৰত লুই এফ ডিমাউৰোৰ গোটত গৱেষণা কৰিছিল।[15] ২০০৫ চনত তেওঁ অহাইঅ' ষ্টেট ইউনিভাৰ্চিটি (অ'এছইউ)ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু লুই এফ ডিমাউৰোৰ সৈতে যৌথভাৱে এটা পৰীক্ষাগাৰ পৰিচালনা কৰে।[16] ২০১৮ চনত এই বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক পদ লাভ কৰে।[17]

বঁটা আৰু সন্মান সম্পাদনা কৰক

১৯৯৫ চনত পিয়েৰ অগ'ষ্টিনিয়ে ফ্ৰান্সৰ বিজ্ঞান একাডেমীৰ পৰা গুস্তাভ ৰিব'ড বঁটা লাভ কৰিছিল।[18] ২০০৩ চনত তেওঁ ডাচ ফাউণ্ডেশ্যন ফৰ ফাণ্ডামেণ্টেল ৰিচাৰ্চ অন মেটাৰ (এফ অ' এম)ৰ পৰা গে-লুছাক-হামবল্ড বঁটা[19] আৰু জুপ লছ ফেল'শ্বিপ লাভ কৰিছিল।[8] তেওঁ ২০০৭ চনত স্পেকট্ৰস্কপিৰ উইলিয়াম এফ মেগাৰ্ছ বঁটাও লাভ কৰিছিল। ২০০৮ চনত তেওঁ “শক্তিশালী ইনফ্ৰাৰেড লেজাৰ পালছৰ ওচৰত জমা দিয়া পৰমাণু আৰু অণুৰ অৰৈখিক প্ৰতিক্ৰিয়াৰ গতিশীলতাৰ বিষয়ে ডাঙৰ অন্তৰ্দৃষ্টি প্ৰদান কৰা উদ্ভাৱনী পৰীক্ষাৰ বিকাশৰ নেতৃত্বৰ বাবে” অপটিকেল ছ'চাইটি অৱ আমেৰিকাৰ (OSA) এজন হামবল্ড ফেলো নিৰ্বাচিত হয়।[8]

২০২৩ চনত তেওঁ ফেৰেণ্টচ ক্ৰাউচ আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4]

তথ্য উৎস সম্পাদনা কৰক

  1. Agostini, Pierre; DiMauro, Louis F (1 June 2004). "The physics of attosecond light pulses". Reports on Progress in Physics খণ্ড 67 (6): 813–855. doi:10.1088/0034-4885/67/6/R01. ISSN 0034-4885. https://iopscience.iop.org/article/10.1088/0034-4885/67/6/R01. 
  2. Garisto, Daniel. "This Year's Physics Nobel Awards Scientists for Slicing Reality into Attoseconds" (en ভাষাত). Scientific American. https://www.scientificamerican.com/article/this-years-physics-nobel-awards-scientists-for-slicing-reality-into-attoseconds/। আহৰণ কৰা হৈছে: 2023-10-04. 
  3. Davis, Nicola (3 October 2023). "Nobel prize in physics awarded to three scientists for work on electrons". The Guardian (London, United Kingdom). ISSN 0261-3077. https://www.theguardian.com/science/2023/oct/03/nobel-prize-in-physics-awarded-to-three-scientists-for-work-on-electrons. 
  4. 4.0 4.1 "Nobel Prize in physics goes to Pierre Agostini, Ferenc Krausz and Anne L'Huillier for research into electrons in flashes of light". CNN. 3 October 2023. https://edition.cnn.com/2023/10/03/europe/nobel-prize-physics-electrons-flashes-light-intl-scn/index.html। আহৰণ কৰা হৈছে: 3 October 2023. 
  5. "Contributors [Back cover"]. IEEE Journal of Quantum Electronics খণ্ড 6 (12). 1970. https://ieeexplore.ieee.org/xpl/tocresult.jsp?isnumber=23203. 
  6. "Prix Nobel de physique 2023 : l'un des lauréats, Pierre Agostini, a obtenu son baccalauréat au Prytanée de La Flèche" (fr-FR ভাষাত). France 3 Pays de la Loire. 3 October 2023. https://france3-regions.francetvinfo.fr/pays-de-la-loire/sarthe/le-mans/prix-nobel-de-physique-2023-l-un-des-laureats-pierre-agostini-a-obtenu-son-baccalaureat-au-prytanee-de-la-fleche-2849696.html। আহৰণ কৰা হৈছে: 3 October 2023. 
  7. Agostini, Pierre (1967). Appareillage permettant la réalisation de filtres multidiélectriques UV : Étude des couches Sb2O3 cryolithe (PhD). Aix-Marseille University. OCLC 491622236. https://catalogue.univ-amu.fr/cgi-bin/koha/opac-detail.pl?biblionumber=633261. 
  8. 8.0 8.1 8.2 8.3 "Pierre Agostini – Professor, Ohio, USA | Optica". www.optica.org. https://www.optica.org/history/biographies/bios/pierre_agostini/। আহৰণ কৰা হৈছে: 3 October 2023. 
  9. 9.0 9.1 "Ohio State University, Department of Physics: P. Agostini Biography". dokumen.tips. https://dokumen.tips/documents/p-agostini-biography-department-of-agostini-biography-pierre-agostini-professor.html। আহৰণ কৰা হৈছে: 2023-10-09. 
  10. Mainfray, G; Manus, C (1 October 1991). "Multiphoton ionization of atoms". Reports on Progress in Physics খণ্ড 54 (10): 1333–1372. doi:10.1088/0034-4885/54/10/002. ISSN 0034-4885. https://iopscience.iop.org/article/10.1088/0034-4885/54/10/002. 
  11. Agostini, P.; Fabre, F.; Mainfray, G.; Petite, G.; Rahman, N. K. (23 April 1979). "Free-Free Transitions Following Six-Photon Ionization of Xenon Atoms". Physical Review Letters খণ্ড 42 (17): 1127–1130. doi:10.1103/PhysRevLett.42.1127. https://link.aps.org/doi/10.1103/PhysRevLett.42.1127. 
  12. D'Oliveira, Pascal; Carré, Bertrand (2010). "Dossier : Les lasers à l'IRAMIS: Les lasers de puissance à Saclay" (fr ভাষাত). IRAMIS. https://iramis.cea.fr/Comm/2010laserIRAMIS/laser_puissance_historique.php। আহৰণ কৰা হৈছে: 3 October 2023. 
  13. "Pierre Agostini, Ferenc Krausz and Anne L'Huillier win 2023 Nobel Prize for Physics" (en-GB ভাষাত). Physics World. 3 October 2023. https://physicsworld.com/pierre-agostini-ferenc-krausz-and-anne-lhuillier-win-2023-nobel-prize-for-physics/। আহৰণ কৰা হৈছে: 3 October 2023. 
  14. Paul, P. M.; Toma, E. S.; Breger, P.; Mullot, G.; Augé, F.; Balcou, Ph.; Muller, H. G.; Agostini, P. (2001). "Observation of a Train of Attosecond Pulses from High Harmonic Generation" (en ভাষাত). Science খণ্ড 292 (5522): 1689–1692. doi:10.1126/science.1059413. ISSN 0036-8075. https://www.science.org/doi/10.1126/science.1059413. 
  15. "Palm International School of Attosecond" (fr ভাষাত). IRAMIS. https://iramis.cea.fr/meetings/PISA/lecturers.php। আহৰণ কৰা হৈছে: 3 October 2023. 
  16. "Pierre Agostini – Emeritus Professor, Ohio, USA | eMedEvents". www.emedevents.com. https://www.emedevents.com/speaker-profile/pierre-agostini। আহৰণ কৰা হৈছে: 3 October 2023. 
  17. Jeremy Pelzer, cleveland com (3 October 2023). "Ohio State University retired professor wins 2023 Nobel Prize in Physics" (en ভাষাত). cleveland. https://www.cleveland.com/news/2023/10/ohio-state-university-retired-professor-wins-2023-nobel-prize-in-physics.html। আহৰণ কৰা হৈছে: 3 October 2023. 
  18. "Prix Gustave Ribaud". Académie des Sciences. 2014. https://www.academie-sciences.fr/archivage_site/activite/prix/laureat_ribaud10.pdf. 
  19. "Liste des lauréats français du prix Gay-Lussac Humboldt". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304084945/http://media.enseignementsup-recherche.gouv.fr/file/2010/22/0/Liste-laureats-francais-prix_Gay-Lussac-Humboldt_136220.pdf। আহৰণ কৰা হৈছে: 2023-10-12. 

বাহ্যিক সংযোগ সম্পাদনা কৰক