ফেৰেণ্টচ ক্ৰাউচ

হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী

ফেৰেণ্টচ ক্ৰাউচ (ইংৰাজী: Ferenc Krausz ; জন্ম: ১৭ মে' ১৯৬২) এগৰাকী হাংগেৰীয়ান-অষ্ট্ৰিয়ান পদাৰ্থবিজ্ঞানী। তেওঁৰ গৱেষণাৰ বিষয় হৈছে এট'ছেকেণ্ড বিজ্ঞান। তেওঁ মেক্স প্লেংক ইনষ্টিটিউট অৱ কোৱাণ্টাম অপটিক্সৰ পৰিচালক আৰু জাৰ্মানীৰ মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ান বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক। তেওঁৰ গৱেষণা দলটোৱে প্ৰথম বাৰৰ বাবে এট'ছেকেণ্ডৰ পোহৰৰ স্পন্দন সৃষ্টি কৰাৰ লগতে ইয়াৰ জোখ-মাখ কৰিছিল। ইয়াক পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ গতি ধৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ ফলত এট'ফিজিক্স নামৰ পদাৰ্থ বিজ্ঞানৰ এক নতুন শাখাৰ জন্ম হৈছে।[2] ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3]

ফেৰেণ্টচ ক্ৰাউচ

জন্ম ১৭ মে', ১৯৬২ (৬১ বছৰ)
মৰ, হাংগেৰী
ক্ষেত্ৰ এট’ছেকেণ্ড পদাৰ্থ বিজ্ঞান
কৰ্মস্থান
  • মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোৱাণ্টাম অপটিক্স
  • লুডৱিগ মেক্সিমিলিয়ান ইউনিভাৰ্চিটি অৱ মিউনিক
শিক্ষানুষ্ঠান
  • অট্‌ভচ লৰেণ্ড বিশ্ববিদ্যালয় (বিএছচি)
  • ভিয়েনা প্ৰযুক্তি বিশ্ববিদ্যালয় (এমএছচি, পিএইচডি, ড° হাবিল.)
ডক্তৰেল পৰামৰ্শদাতা আৰ্নল্ড শ্বমিড‌্ট[1]
উল্লেখনীয় বঁটা
  • পদাৰ্থ বিজ্ঞানত ৱল্ফ বঁটা (২০২২)
  • বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ এৱাৰ্ড (২০২২)
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০২৩)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৬২ চনৰ ১৭ মে' তাৰিখে হাংগেৰীৰ মৰ চহৰত ফেৰেণ্টচ ক্ৰাউচৰ জন্ম হৈছিল। ১৯৮১ চনৰ পৰা ১৯৮৫ চনলৈকে তেওঁ অট্‌ভচ লৰেণ্ড বিশ্ববিদ্যালয়ত তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু হাংগেৰীৰ বুডাপেষ্টৰ কাৰিকৰী বিশ্ববিদ্যালয়ত বৈদ্যুতিক অভিযান্ত্ৰিকী অধ্যয়ন কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ অষ্ট্ৰিয়াৰ ভিয়েনাৰ কাৰিকৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈকে তেওঁ একেখন বিশ্ববিদ্যালয়ত তেওঁ নিজৰ হেবিলিটেচন সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ ভিয়েনা কাৰিকৰী বিশ্ববিদ্যালয় ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ একেটা প্ৰতিষ্ঠানতে বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত থাকে। ২০০৩ চনত তেওঁ গাৰ্চিঙৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোৱাণ্টাম অপটিক্সৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে আৰু ২০০৪ চনত মিউনিকৰ লুডৱিগ মেক্সিমিলিয়ানছ বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান আসন লাভ কৰে। ২০০৬ চনত তেওঁ মিউনিক-চেণ্টাৰ ফৰ এডভান্সড ফটোনিক্স (MAP)ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে ইয়াৰ প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ অন্যতম সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।[4]

গৱেষণা সম্পাদনা কৰক

ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ গৱেষণা দলটোৱে প্ৰথমে এক ফেমট’ছেকেণ্ডতকৈও কম সময়ৰ পোহৰৰ স্পন্দন সৃষ্টি কৰিছিল আৰু ইয়াৰ জোখ-মাখ কৰিছিল। গৱেষকসকলে এই এট’ছেকেণ্ড পোহৰৰ স্পন্দনসমূহ ব্যৱহাৰ কৰি ইলেক্ট্ৰনৰ ভিতৰৰ পৰমাণুৰ গতি বাস্তৱ সময়ত পৰ্যবেক্ষণযোগ্য কৰি তুলিছিল। এই ফলাফলসমূহে এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটায়।[5][6][7][8]

১৯৯০ দশকত এই মাইলৰ খুঁটিস্বৰূপ গৱেষণাৰ ফলাফল ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ দলে[9] ফেমট'ছেকেণ্ড লেজাৰ প্ৰযুক্তিৰ অধিক বিকাশৰ বাবে কৰিছিল। পোহৰৰ স্পন্দনৰ দিশত এই লেজাৰে শক্তি বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ এটা একক দোলনত কঢ়িয়াই লৈ যায়। এনে চুটি পোহৰৰ স্পন্দন সৃষ্টিৰ বাবে এটা অপৰিহাৰ্য পূৰ্বচৰ্ত হ’ল ব্ৰডবেণ্ড (বগা) পোহৰৰ বিভিন্ন ৰঙৰ উপাদানৰ এটা সম্পূৰ্ণ অষ্টকত বিলম্বৰ উচ্চ নিখুঁত নিয়ন্ত্ৰণ কৰা। ফেৰেণ্টচ ক্ৰাউচ আৰু ৰবাৰ্ট শ্বিপ'কছৰ সহযোগিতাৰে নিৰ্মিত এপেৰিয়াডিক বহুস্তৰীয় (চিৰ্পড মিৰ'ৰ)[10] এনে নিয়ন্ত্ৰণ সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান সময়ৰ ফেমট'ছেকেণ্ড লেজাৰ ব্যৱস্থাত ই অপৰিহাৰ্য অংশ।

২০০১ চনত ফেৰেণ্টচ ক্ৰাউচ আৰু তেওঁৰ দলে প্ৰথমবাৰৰ বাবে কেৱল এটাৰ পৰা দুটা তৰংগ চক্ৰৰে গঠিত তীব্ৰ লেজাৰ স্পন্দনৰ দ্বাৰা এট'ছেকেণ্ড পোহৰৰ স্পন্দন (চৰম অতিবেঙুনীয়া পোহৰৰ) সৃষ্টি কৰাই নহয় ইয়াক জুখিবলৈও সক্ষম হয়। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁলোকে উপপৰমাণু স্কেলত ইলেক্ট্ৰনৰ গতি বাস্তৱ সময়ত অনুসন্ধান কৰিবলৈও সক্ষম হয়।[11] ক্ৰাউচ আৰু তেওঁৰ দলে প্ৰদৰ্শন কৰা ফেমট'ছেকেণ্ড স্পন্দনৰ তৰংগ আকৃতিৰ নিয়ন্ত্ৰণ[12] আৰু তাৰ ফলত হোৱা পুনৰোৎপাদনযোগ্য এট'ছেকেণ্ড পালছৰ ফলত আজিৰ পৰীক্ষামূলক এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানৰ প্ৰযুক্তিগত ভিত্তি হিচাপে এট'ছেকেণ্ড জোখা কৌশল[13][14] প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ক্ৰাউচ আৰু তেওঁৰ সহকৰ্মীসকলে এই সঁজুলিসমূহৰ সহায়ত অণুত থকা ইলেক্ট্ৰন নিয়ন্ত্ৰণ কৰিবলৈ সফলতা লাভ কৰিছিল[15] আৰু প্ৰথমবাৰৰ বাবে বাস্তৱ সময়ত বহু সংখ্যক মৌলিক ইলেক্ট্ৰন প্ৰক্ৰিয়া যেনে কোৱাণ্টাম টানেলিং,[16] আধান পৰিবহণ ব্যৱস্থা[17],সুসংহত চৰম অতিবেঙুনী নিৰ্গমন,[18] বিলম্বিত ফট'ইলেক্ট্ৰিক প্ৰভাৱ[19], যোজক ইলেক্ট্ৰনৰ গতি[20][21] আৰু ডাইলেক্ট্ৰিকসমূহৰ আলোকীয় আৰু বৈদ্যুতিক ধৰ্ম নিয়ন্ত্ৰণ নিৰীক্ষণ কৰিবলৈ সক্ষম হয়।[22][23] এই ফলাফলসমূহ জোৱাচিম বাৰ্গড’ৰফাৰ, পল কৰ্কাম, থিয়ডৰ হানচ, মিছা ইভানভ, উলৰিচ হাইঞ্জমেন, ষ্টিফেন লিঅ’ন, ৰবিন চেণ্ট্ৰা, মাৰ্ক ষ্টকমেন আৰু মাৰ্ক ভ্ৰাকিঙৰ দৰে বিজ্ঞানীৰ গোটৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰৰ সম্ভৱ হৈছে।

ক্ৰাউচ আৰু তেওঁৰ এট’ৱৰ্ল্ড-দলে বৰ্তমান বায়'মেডিকেলৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে ইনফ্ৰাৰেড স্পেকট্ৰ’স্কপি অধিক বিকশিত কৰিবলৈ এট’ছেকেণ্ড জোখ-মাখ প্ৰযুক্তিৰ ভিত্তি হিচাপে কাম কৰা ফেমট’ছেকেণ্ড লেজাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। আল্ট্ৰাশ্বৰ্ট ইনফ্ৰাৰেড লেজাৰ পালছৰ দ্বাৰা উত্তেজিত জৈৱিক নমুনাই ইনফ্ৰাৰেড (অৱলোহিত) তৰংগ নিৰ্গত কৰে। এই তৰংগবোৰৰ বৈদ্যুতিক ক্ষেত্ৰ স্কেন কৰি তথাকথিত বৈদ্যুতিক ক্ষেত্ৰ আণৱিক ফিংগাৰ প্ৰিণ্ট (EMF) জুখি অনুসন্ধানৰ অধীনত থকা নমুনাবোৰৰ আণৱিক গঠনৰ ক্ষুদ্ৰ পৰিৱৰ্তন ধৰা পেলাব পাৰি। লেজাৰ পদাৰ্থবিজ্ঞানী, গণিতজ্ঞ, চিকিৎসক আৰু আণৱিক জীৱবিজ্ঞানীৰে গঠিত গৱেষণামূলক সহযোগিতা লেজাৰফৰলাইফ (Lasers4Life)[24] আৰু চেণ্টাৰ ফৰ মলিকিউলাৰ ফিংগাৰপ্ৰিণ্টিঙৰ[25] লক্ষ্য হৈছে তেজৰ নমুনাৰ ইএমএফৰ জোখ-মাখ ব্যৱহাৰ কৰি মানুহৰ স্বাস্থ্যৰ তথ্য অনুসৰণ কৰা আৰু প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পেলোৱা।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০০৬ – ৰয়েল ফটোগ্ৰাফিক ছ'চাইটিৰ প্ৰগ্ৰেছ পদক আৰু সন্মানীয় ফেল'শ্বিপ[26]
  • ২০১৩ – অট্টো হান বঁটা[27]
  • ২০১৫ – পল কৰ্কামৰ সৈতে যুটীয়াভাৱে "এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞানৰ বিকাশত অৱদানৰ বাবে।" পদাৰ্থ বিজ্ঞানত ক্লাৰিভেট চাইটেচন বঁটা[28]
  • ২০১৬ – জাৰ্মান একাডেমী অৱ চাইন্সেছ লিঅ'পল্ডিনাৰ সদস্য।[29]
  • ২০১৯ – ভ্লাডিলেন লেটোখভ পদক[30]
  • ২০২২ – "আল্ট্ৰাফাষ্ট লেজাৰ বিজ্ঞান আৰু এট'ছেকেণ্ড পদাৰ্থবিজ্ঞানলৈ অগ্ৰণী অৱদানৰ বাবে" আন্ লুইলিয়ে আৰু কৰ্কমৰ সৈতে পদাৰ্থ বিজ্ঞানত ৱল্ফ বঁটা[31]
  • ২০২২ – আন্ লুইলিয়ে আৰু কৰ্কামৰ সৈতে বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ এৱাৰ্ড ইন বেচিক চাইন্সেছ[32]
  • ২০২৩ – পিয়েৰ অগ'ষ্টিনি আৰু আন্ লুইলিয়েৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা[33]

তথ্য উৎস সম্পাদনা কৰক

  1. https://www.vienna.at/das-sagt-ferenc-krausz-zum-nobelpreis/8329519
  2. Krausz, Ferenc; Ivanov, Misha (2 February 2009). "Attosecond physics". Reviews of Modern Physics (American Physical Society (APS)) খণ্ড 81 (1): 163–234. doi:10.1103/revmodphys.81.163. ISSN 0034-6861. https://nrc-publications.canada.ca/eng/view/fulltext/?id=1245a958-9c93-4116-bfdb-f447e8a53c48। আহৰণ কৰা হৈছে: 16 December 2021. 
  3. Davis, Nicola (3 October 2023). "Nobel prize in physics awarded to three scientists for work on electrons". The Guardian (London, United Kingdom). ISSN 0261-3077. https://www.theguardian.com/science/2023/oct/03/nobel-prize-in-physics-awarded-to-three-scientists-for-work-on-electrons. 
  4. "Prof. Dr. Ferenc Krausz". https://www.mpg.de/348075/quantenoptik_wissM13. 
  5. Silberberg, Yaron (2001). "Physics at the attosecond frontier". Nature খণ্ড 414 (6863): 494–495. doi:10.1038/35107171. PMID 11734831. 
  6. Lewenstein, M. (2002). "PHYSICS: Resolving Physical Processes on the Attosecond Time Scale". Science খণ্ড 297 (5584): 1131–1132. doi:10.1126/science.1075873. PMID 12183615. https://www.science.org/doi/full/10.1126/science.1075873. 
  7. Dimauro, Louis F. (2002). "Atomic photography". Nature খণ্ড 419 (6909): 789–790. doi:10.1038/419789a. PMID 12397335. 
  8. Bucksbaum, Philip H. (2003). "Ultrafast control". Nature খণ্ড 421 (6923): 593–594. doi:10.1038/421593a. PMID 12571581. https://deepblue.lib.umich.edu/bitstream/2027.42/62570/1/421593a.pdf। আহৰণ কৰা হৈছে: 23 September 2019. 
  9. Brabec, Thomas; Krausz, Ferenc (1 April 2000). "Intense few-cycle laser fields: Frontiers of nonlinear optics". Reviews of Modern Physics (American Physical Society (APS)) খণ্ড 72 (2): 545–591. doi:10.1103/revmodphys.72.545. ISSN 0034-6861. 
  10. Szipöcs, Robert; Spielmann, Christian; Krausz, Ferenc; Ferencz, Kárpát (1 February 1994). "Chirped multilayer coatings for broadband dispersion control in femtosecond lasers". Optics Letters (The Optical Society) খণ্ড 19 (3): 201. doi:10.1364/ol.19.000201. ISSN 0146-9592. PMID 19829591. 
  11. Drescher, M.; Hentschel, M.; Kienberger, R.; Uiberacker, M.; Yakovlev, V.; Scrinzi, A.; Westerwalbesloh, Th.; Kleineberg, U. et al. (2002). "Time-resolved atomic inner-shell spectroscopy". Nature (Springer Science and Business Media LLC) খণ্ড 419 (6909): 803–807. doi:10.1038/nature01143. ISSN 0028-0836. PMID 12397349. https://mediatum.ub.tum.de/doc/1579402/document.pdf. 
  12. Baltuška, A.; Udem, Th.; Uiberacker, M.; Hentschel, M.; Goulielmakis, E.; Gohle, Ch.; Holzwarth, R.; Yakovlev, V. S. et al. (6 February 2003). "Attosecond control of electronic processes by intense light fields". Nature (Springer Science and Business Media LLC) খণ্ড 421 (6923): 611–615. doi:10.1038/nature01414. ISSN 0028-0836. PMID 12571590. 
  13. Kienberger, R.; Goulielmakis, E.; Uiberacker, M.; Baltuska, A.; Yakovlev, V.; Bammer, F.; Scrinzi, A.; Westerwalbesloh, Th. et al. (2004). "Atomic transient recorder". Nature (Springer Science and Business Media LLC) খণ্ড 427 (6977): 817–821. doi:10.1038/nature02277. ISSN 0028-0836. PMID 14985755. 
  14. Goulielmakis, E.; Uiberacker, M.; Kienberger, R.; Baltuska, A.; Yakovlev, V.; Scrinzi, A.; Westerwalbesloh, Th.; Kleineberg, U. et al. (27 August 2004). "Direct Measurement of Light Waves". Science (American Association for the Advancement of Science (AAAS)) খণ্ড 305 (5688): 1267–1269. doi:10.1126/science.1100866. ISSN 0036-8075. PMID 15333834. https://mediatum.ub.tum.de/doc/1579427/document.pdf. 
  15. Kling, M. F.; Siedschlag, Ch.; Verhoef, A. J.; Khan, J. I.; Schultze, M.; Uphues, Th.; Ni, Y.; Uiberacker, M. et al. (14 April 2006). "Control of Electron Localization in Molecular Dissociation". Science (American Association for the Advancement of Science (AAAS)) খণ্ড 312 (5771): 246–248. doi:10.1126/science.1126259. ISSN 0036-8075. PMID 16614216. 
  16. Uiberacker, M.; Uphues, Th.; Schultze, M.; Verhoef, A. J.; Yakovlev, V.; Kling, M. F.; Rauschenberger, J.; Kabachnik, N. M. et al. (2007). "Attosecond real-time observation of electron tunnelling in atoms". Nature (Springer Science and Business Media LLC) খণ্ড 446 (7136): 627–632. doi:10.1038/nature05648. ISSN 0028-0836. PMID 17410167. 
  17. Cavalieri, A. L.; Müller, N.; Uphues, Th.; Yakovlev, V. S.; Baltuška, A.; Horvath, B.; Schmidt, B.; Blümel, L. et al. (2007). "Attosecond spectroscopy in condensed matter". Nature (Springer Science and Business Media LLC) খণ্ড 449 (7165): 1029–1032. doi:10.1038/nature06229. ISSN 0028-0836. PMID 17960239. https://mediatum.ub.tum.de/1579401. 
  18. Goulielmakis, E.; Schultze, M.; Hofstetter, M.; Yakovlev, V. S.; Gagnon, J.; Uiberacker, M.; Aquila, A. L.; Gullikson, E. M. et al. (20 June 2008). "Single-Cycle Nonlinear Optics". Science (American Association for the Advancement of Science (AAAS)) খণ্ড 320 (5883): 1614–1617. doi:10.1126/science.1157846. ISSN 0036-8075. PMID 18566281. https://digital.library.unt.edu/ark:/67531/metadc894519/। আহৰণ কৰা হৈছে: 16 December 2021. 
  19. Schultze, M.; Fieß, M.; Karpowicz, N.; Gagnon, J.; Korbman, M.; Hofstetter, M.; Neppl, S.; Cavalieri, A. L. et al. (25 June 2010). "Delay in Photoemission". Science (American Association for the Advancement of Science (AAAS)) খণ্ড 328 (5986): 1658–1662. doi:10.1126/science.1189401. ISSN 0036-8075. PMID 20576884. https://mediatum.ub.tum.de/doc/1579410/document.pdf. 
  20. Goulielmakis, Eleftherios; Loh, Zhi-Heng; Wirth, Adrian; Santra, Robin; Rohringer, Nina; Yakovlev, Vladislav S.; Zherebtsov, Sergey; Pfeifer, Thomas et al. (2010). "Real-time observation of valence electron motion". Nature (Springer Science and Business Media LLC) খণ্ড 466 (7307): 739–743. doi:10.1038/nature09212. ISSN 0028-0836. PMID 20686571. https://bib-pubdb1.desy.de/search?p=id:%22PHPPUBDB-22195%22. 
  21. Wirth, A.; Hassan, M. Th.; Grguraš, I.; Gagnon, J.; Moulet, A.; Luu, T. T.; Pabst, S.; Santra, R. et al. (14 October 2011). "Synthesized Light Transients". Science (American Association for the Advancement of Science (AAAS)) খণ্ড 334 (6053): 195–200. doi:10.1126/science.1210268. ISSN 0036-8075. PMID 21903778. 
  22. Schiffrin, Agustin; Paasch-Colberg, Tim; Karpowicz, Nicholas; Apalkov, Vadym; Gerster, Daniel; Mühlbrandt, Sascha; Korbman, Michael; Reichert, Joachim et al. (5 December 2012). "Optical-field-induced current in dielectrics". Nature (Springer Science and Business Media LLC) খণ্ড 493 (7430): 70–74. doi:10.1038/nature11567. ISSN 0028-0836. PMID 23222521. 
  23. Schultze, Martin; Bothschafter, Elisabeth M.; Sommer, Annkatrin; Holzner, Simon; Schweinberger, Wolfgang; Fiess, Markus; Hofstetter, Michael; Kienberger, Reinhard et al. (5 December 2012). "Controlling dielectrics with the electric field of light". Nature (Springer Science and Business Media LLC) খণ্ড 493 (7430): 75–78. doi:10.1038/nature11720. ISSN 0028-0836. PMID 23222519. 
  24. "Lasers4Life". Lasers4Life. https://www.lasers4life.de/. 
  25. "Scientific mission". Center for Molecular Fingerprinting. http://www.mukkozpont.hu/index.en.html. 
  26. "Progress Medal". https://rps.org/about/awards/history-and-recipients/progress-medal/. 
  27. "Otto-Hahn-Preis | Gesellschaft Deutscher Chemiker e.V.". https://www.gdch.de/gdch/preise-und-auszeichnungen/gdch-preise/otto-hahn-preis.html. 
  28. "Ferenc 2023 -Nobel Prize in Physics Krausz". German Academy of Sciences Leopoldina. https://www.leopoldina.org/mitgliederverzeichnis/mitglieder/member/Member/show/ferenc-krausz/। আহৰণ কৰা হৈছে: 26 May 2021. 
  29. Reuters, Thomson. "Thomson Reuters Forecasts Nobel Prize Winners" (en ভাষাত). www.prnewswire.com. https://www.prnewswire.com/news-releases/thomson-reuters-forecasts-nobel-prize-winners-300148161.html। আহৰণ কৰা হৈছে: 2023-10-04. 
  30. "The first 2019 Vladilen Letokhov Medal goes to Ferenc Krausz". European Physical Society. https://www.eps.org/blogpost/751263/317740/The-first-2019-Vladilen-Letokhov-Medal-goes-to-Ferenc-Krausz. 
  31. "Wolf Prize in Physics 2022". 8 February 2022. Archived from the original on 8 February 2022. https://web.archive.org/web/20220208175319/https://wolffund.org.il/2022/02/08/ferenc-krausz/। আহৰণ কৰা হৈছে: 9 February 2022. 
  32. BBVA Foundation Frontiers of Knowledge Award 2022
  33. "The Nobel Prize in Physics 2023" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/physics/2023/press-release/। আহৰণ কৰা হৈছে: 3 October 2023. 

বাহ্যিক সংযোগ সম্পাদনা কৰক