পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি

পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি হ'ল চিত্ৰপুথিৰ ভূমি যিয়েই নহক লাগে এই ভূমিসমূহত লিখিবলৈ, আঁকিবলৈ আৰু কোনখিনিৰ পৰা লিখিব, কিমানলৈ লিখিব, আঁকিবৰ বাবে ক্ষেত্ৰ কিমান থাকিব বা ৰাখিব এইবোৰৰ বাবে ব্যৱহৃত কেতবোৰ সঁজুলি। সাঁচিপাতত এখন, তুলাপাত এখনত লিখিব বা আঁকিবৰ বাবে প্ৰস্তুত হৈ হোৱাৰ পিচত, মহী তৈয়াৰ হোৱাৰ পাছত বা প্ৰয়োজনীয় ৰং বৰণৰ ফলিখন সজাই লোৱাৰ পাছত পৰ্যায়ত এই সঁজুলিসমূহৰ প্ৰয়োজন হয়। পুথিখন সাঁচিপাতৰেই হওক বা তুলাপাতৰেই এটা পৃষ্ঠাত কিমান আখৰ থাকিব আৰু চিত্ৰৰ বাবে কিমান ঠাই এৰিব লাগিব সেইবোৰ জুখি-মাখি ঠিক কৰা হয়। এই সকলো জোখ-মাখ, ৰেখাৰ ব্যৱহাৰ, ৰঙৰ বিতৰণ এইবিলাকৰ ওপৰতো নিৰ্ভৰ কৰে। এনেকুৱা জোখ-মাখবিলাক কৰিবৰ বাবে খনিকৰসকলে কেতবোৰ কাঠী নিজেই সাজি লৈছিল আৰু ব্যৱহাৰ কৰিছিল।[1]

এইবিধ বাঁহেৰে তৈয়াৰি কৰি লোৱা এবিধ কাঠী। সাঁচিপাত বা তুলাপাত এখন লিখিবলৈ বা আঁকিবলৈ তৈয়াৰ কৰি লোৱাৰ পাছত চাৰিওফালে কিমান ঠাইত এৰিব সেইটো ঠিক কৰি ল'বলৈ এই কাণ কাঠী ব্যৱহাৰ কৰা হয়। কাণ কাঠী দুই মুৰে এক নিৰ্দিষ্ট জোখত এটা কাণ লোৱা হয়। ভূমিৰ দীঘল-পাতল অনুসৰি বেলেগ বেলেগ জোখৰ কাণ কাঠী তৈয়াৰ কৰি লোৱা হয়। সেইবাবে পুথি অনুসৰি কাণ কাঠীৰ জোখ বেলেগ বেলেগ হয়। কাণ কাঠি কটা অংশত লিখা আৰু অঁকা হয়। কাণ কাঠী জোখা কাঠীক 'শিৰোনামা কাঠী'ও বোলা হয়।

কতলা কাঠী

সম্পাদনা কৰক

এইবিধ কাঠী বাঁহেৰে তৈয়াৰ কৰা হয়। বাঁহৰ কাঠীত এমূৰে দুডাল জোং ভাগিলে যাতে সিটো মূৰৰ জোং ব্যৱহাৰ কৰিব পাৰি সেই ভাবি। ভূমিৰ ভিতৰ ভাগত কিমান শাৰী আখৰ থাকিব আৰু শাৰীবোৰৰ মাজত দূৰত্ব কিমান হ'ব লাগিব, সেই জোখ দিবৰ বাবে এই কাঠী ব্যৱহাৰ কৰা হয়। জোংদুডালেৰে হেঁচা মাৰি ভূমিত দাগ লগোৱা হয় আৰু এই দাগেই শাৰীৰ দূৰত্ব নিৰূপণ কৰে। লিপিকাৰৰ নিজ পৰিকল্পনাৰে শাৰীৰ দূৰত্ব অনুসৰি কতলা কাঠীৰ জোং কটা হয়। কাঠমিস্ত্ৰীসকলে কৰতেৰে কাটিবলৈ বা বটালীৰে খুলিবলৈ কাঠত যি যতনেৰে দাগ দি লয়, থিক সেই যতনৰ দৰেই কতলা কাঠীৰে কাম কৰা হয়।

অঁকিয়া কাঠী

সম্পাদনা কৰক

কতলাত কাঠীৰে দূৰত্ব নিৰূপন বাবে যি দাগ দি লোৱা হয়, সেই দাগবোৰ সৰলৰেখাৰে টানি শাৰীবোৰৰ স্থান স্পষ্ট কৰা হয়। স্পষ্ট কৰিবৰ বাবে সম দূৰত্বৰ বিন্দুবোৰ লগ লগাবলৈ ৰেখাঙ্কন কৰোঁতে যিবিধ সঁজুলিৰ ব্যৱহাৰ কৰা হয় সেই ডালেই 'অঁকিয়া কাঠী' । অঁকিয়া কাঠীও পৈণত বাঁহৰ পৰাই তৈয়াৰ কৰি লোৱা হয়। অঁকিয়া কাঠীৰ দুই বিন্দুৰ মাজত সংযোগ ঘটাবলৈ যি আঁক মৰা হয় সেই আঁক সাৱধানে নামাৰিলে ভূমি ফাটি যাব পাৰে বাবে বৰ সাৱধানেৰে আঁচ টনা হয়। সেই আঁচ বৰ স্পষ্টও হ'ব নালাগে, মাথোঁ চকুৰে মনিব পৰা হ'লেই হয়। কিছুমান খনিকৰে অঁকিয়া কাঠী ব্যৱহাৰ নকৰি বিশেষভাৱে তৈয়াৰ সীহৰ শলাত  ব্যৱহাৰ কৰে । মাটিত লোৰ খান্দি সীহ গলাই সীহৰ শলা প্ৰস্তুত কৰা হয়। অঁকিয়া কাঠীক 'আঁক মাৰি' বুলিও কোৱা হয়।

কাপ ঢেকীয়া

সম্পাদনা কৰক

ঢেকীয়াৰেই এটা জাত এই 'কাপ ঢেকীয়া' বা 'বন ঢেকীয়া'। ভূমি প্ৰস্তুত হোৱাৰ পাছত আৰু আৱশ্যকীয় জোখ-মাখবোৰ বিভিন্ন কাঠীৰে লোৱাৰ পাছত লিখাৰ কথা আহে। লিখিবৰ বাবে কাপ ঢেকীয়া পুৰণি কালত যথেষ্ট ব্যৱহাৰ কৰা হয় হৈছিল।  পৈণত কাপ ঢেকীয়া টান হোৱাৰ লগতে এটা নমনীয় গুণো থাকে। আখৰ লিখোঁতে কলম বেঁকা হৈ নাযায়, আঁহ ফাটি নাযায় আৰু কেইবাটাও আখৰলৈকে মহী নিগৰি যায়। লিখি যাওঁতে আৱশ্যকীয় নমনীয় গুণে লিখাতো সহায় বাদে মৌৰা চৰাইৰ পাখি আৰু বাঁহৰ কলমেৰে আখৰ লিখা হয়।বাঁহৰ কলমৰ সলনি কেতিয়াবা খাগৰি কলমেৰেও লিখা হয়। যোগিনীতন্ত্ৰৰ উত্তৰখণ্ডৰ সপ্তম পটলৰ মতে সোণ, ৰূপ, তাম আৰু কাঁহেৰে কলম প্ৰস্তুত কৰিব পাৰি যদিও অসমত এই কাপ ঢেকীয়া,  পাখি কলম, বাঁহৰ কলম আৰু খাগৰি কলমেৰে আখৰ লিখা হৈছিল।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. দিগন্ত হাজৰিকা. অসমৰ সচিত্ৰ পুথি. গ্ৰন্থ-সংস্কৃতি. পৃষ্ঠা. ৮৫. ISBN 978-81-922765-7-1.