পুনৰ্জন্ম (বৌদ্ধ ধৰ্ম)
বৌদ্ধ ধৰ্মত পুনৰ্জন্ম হৈছে এই ধাৰণা যে কোনো ব্যক্তিৰ কৰ্মৰ বাবে মৃত্যুৰ পাছত এক নতুন অস্তিত্ব লাভ কৰিব পাৰে। ই এক অন্তহীন চক্ৰত হয়, যাক সংসাৰ বোলা হয়।[1][2] এই চক্ৰ দুঃখ। এই চক্ৰ তেতিয়াহে শেষ হয় যেতিয়া প্ৰজ্ঞা লাভ কৰি আৰু টান শেষ কৰি মোক্ষ লাভ কৰি মোক্ষ প্ৰাপ্তি হয়।[2][3] কৰ্ম, নিৰ্বাণ আৰু মোক্ষৰ লগতে, পুনৰ্জন্ম বৌদ্ধ ধৰ্মৰ মৌলিক তত্ত্বৰ অন্যতম।[4][5][6]
ষড্গতি
সম্পাদনা কৰকপুনৰ্জন্মৰ তত্ত্বৰ মতে, পুনৰ্জন্ম আকৌ মানুহৰ ৰূপতে হ'ব বুলি কোনো নিশ্চিতি নাই। ই অস্তিত্বৰ ৬ গতিৰ যিকোনো এটাত হ'ব পাৰে, যাৰ ভিতৰত স্বৰ্গ, দেৱ, জন্তু, ভূত আৰু নৰকো আছে।[7][8][9] বৌদ্ধ পৰম্পৰাৰ মতে,ৰ্পুনৰ্জন্ম নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। ভাল গতিত জন্মৰ কাৰণ কুশল কৰ্ম, আৰু বেয়া গতিত জন্মৰ কাৰণ অকুশল কৰ্ম।[10] যদিও বৌদ্ধ শিক্ষাৰ সৰ্বোচ্চ উদ্দেশ্য নিৰ্বাণ, বৌদ্ধ কৰ্মৰাজিৰ এক বৃহৎ অংশই পুণ্য অৰ্জন, পুণ্য হস্তান্তৰ আৰু ভাল গতিত জন্ম তথা বেয়া জগতত জন্ম নোহোৱাৰ ওপৰত মনোযোগ দিয়ে।[11][12][13][note 1]
বিভিন্ন বৌদ্ধ পৰম্পৰাত
সম্পাদনা কৰকপুনৰ্জন্মৰ তত্ত্ব প্ৰাচীন কালৰে পৰা বৌদ্ধ ধৰ্ম অধ্যয়নকাৰীৰ মাজত এক গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে। বিশেষকৈ, পুনৰ্জন্মৰ তত্ত্বক কিদৰে অনত্তাৰ তত্ত্বৰ সৈতে সংগতিত ৰাখিব পাৰি, সেই প্ৰশ্ন গুৰুত্বপূৰ্ণ, যিহেতু অনত্তাই আত্মনৰ অস্তিত্বক প্ৰত্যাখ্যান কৰে।[17][18][19] ভিন ভিন বৌদ্ধ পৰম্পৰাৰ মাজত এই কথাক লৈ মতভেদ আছে যে যেতিয়া কোনো ব্যক্তিৰ পুনৰ্জন্ম হয়, সেই ব্যক্তিৰ কি বস্তু আছলতে পুনৰ্জীৱিত হয়, আৰু মৃত্যুৰ পাছত কিমান সোণকালে এই পুনৰ্জন্ম সংঘটিত হয়।[20][21]
কোনো কোনো বৌদ্ধ পৰম্পৰাৰ মতে, বিজ্ঞান এটি ধাৰাবাহিকতা বা ধাৰাত থাকে, আৰু যে এই বিজ্ঞানেই পুনৰ্জন্ম গ্ৰহণ কৰে।[22][23][23] থেৰবাদকে সামৰি কোনো কোনো পৰম্পৰাৰ মতে, পুনৰ্জন্ম তৎক্ষণাত সংঘটিত হয়, আৰু বিজ্ঞানেই হওক বা আন কোনো "বস্তু"ৱেই হওক, এটি জীৱনৰ পৰা আন জীৱনলৈ পুনৰ্জম লভিবলৈ যাত্ৰা নকৰে (পিচে ইয়াতো এটি কাৰণগত সম্পৰ্ক আছে: যিদৰে মমত মোহৰৰ ছাপ দিয়া হয়)। আন বৌদ্ধ পৰম্পৰা, যেনে তিব্বতী বৌদ্ধ ধৰ্মত মৃত্যু আৰু পুনৰ্জমৰ মাজত এটি অন্তৱৰ্তীকালীন অৱস্থা কল্পনা কৰা হয় (অন্তৰাভৱ)। ই ৪৯ দিনলৈকে থাকিব পাৰে। এই বিশ্বাসেৰেই তিব্বতী দেহ সংস্কাসম্বন্ধীয় ৰীতি-নীতি পালন কৰা হয়।[24][25] বৰ্তমানে অস্তিত্বত নথকা পুগ্গলবাদৰ মতে, এটি প্ৰকাশ কৰিব নোৱাৰা ব্যক্তিগত সত্তা (পুগ্গল) এটি জীৱনৰ পৰা আন জীৱনলৈ যায়।[26]
টোকা
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Peter Harvey (2012). An Introduction to Buddhism: Teachings, History and Practices. Cambridge University Press. পৃষ্ঠা. 32–33, 38–39, 46–49. ISBN 978-0-521-85942-4. https://books.google.com/books?id=u0sg9LV_rEgC.
- ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 708–709. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
- ↑ Peter Harvey (2012). An Introduction to Buddhism: Teachings, History and Practices. Cambridge University Press. পৃষ্ঠা. 32–33, 38–39, 46–49. ISBN 978-0-521-85942-4. https://books.google.com/books?id=u0sg9LV_rEgC.
- ↑ Norman C. McClelland (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃষ্ঠা. 226–228. ISBN 978-0-7864-5675-8. https://books.google.com/books?id=S_Leq4U5ihkC.
- ↑ Edward Craig (1998). Routledge Encyclopedia of Philosophy. Routledge. পৃষ্ঠা. 402. ISBN 978-0-415-18715-2. https://books.google.com/books?id=8FWa85vgoTQC.
- ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 708–709. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
- ↑ Obeyesekere, Gananath (2005). Karma and Rebirth: A Cross Cultural Study. Motilal Banarsidass. পৃষ্ঠা. 127. ISBN 978-8120826090.

- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;buswelllopezp708
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;SwatosKivisto1998p66
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Neufeldt1986p123
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 708–709. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
- ↑ Norman C. McClelland (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃষ্ঠা. 226–228. ISBN 978-0-7864-5675-8. https://books.google.com/books?id=S_Leq4U5ihkC.
- ↑ Norman C. McClelland (2010). Encyclopedia of Reincarnation and Karma. McFarland. পৃষ্ঠা. 226–228. ISBN 978-0-7864-5675-8. https://books.google.com/books?id=S_Leq4U5ihkC.
- ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 708–709. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
- ↑ Ronald Wesley Neufeldt (1986). Karma and Rebirth: Post Classical Developments. State University of New York Press. পৃষ্ঠা. 123–131. ISBN 978-0-87395-990-2. https://books.google.com/books?id=iaRWtgXjplQC.
- ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 708–709. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
- ↑ 23.0 23.1 Williams 2002, পৃষ্ঠা. 74-75.
- ↑ Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 708–709. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.
- ↑ Buswell & Lopez 2003, পৃষ্ঠা. 49-50.