পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯

১৪ ফেব্ৰুৱাৰী ২০১৯ত, জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হয়।[1] জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰৰ লেথপুৰ অঞ্চলত এই আক্ৰমণ সংঘটিত হয়, এই আত্মঘাটী আক্ৰমণত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ কৰ্মী নিহত হয়।[2] পাকিস্তানৰ ইছলামী সন্ত্ৰাসবাদী সংগঠন জেশ-এ-মোহম্মদে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে।[3]

পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ ২০১৯
জম্মু আৰু কাশ্মীৰৰ বিদ্ৰোহৰ অংশ
স্থান লেথিপুৰ, অৱন্তিপুৰ, পুলৱামা, ভাৰত
স্থানাংক 33°57′53″N 74°57′52″E / 33.964678°N 74.964519°E / 33.964678; 74.964519 (Attack location)স্থানাংক: 33°57′53″N 74°57′52″E / 33.964678°N 74.964519°E / 33.964678; 74.964519 (Attack location)
তাৰিখ ১৪ ফেব্ৰুৱাৰী ২০১৯
লক্ষ্য সুৰক্ষা কৰ্মী
নিহত ৪০ জন সুৰক্ষাকৰ্মী আৰু এজন আক্ৰমণকাৰী
আহত ৩৫
আক্ৰমণকাৰী জেশ-এ-মোহম্মদ

তথ্য সংগ্ৰহ সম্পাদনা কৰক