পুৰুষমেধ (বা নৰমেধ) মানৱ বলিৰ এটি শ্ৰৌত বিধি। ৱাজসনেয়িসংহিতা - শতপথ ব্ৰাহ্মণ - কাত্যায়ণ শ্ৰৌত সূত্ৰত (শুক্ল যজুৰ্বেদ) ইয়াৰ বিষয়ে বিস্তৃত আলোচনা পোৱা যায়।[1]

১৮০৫ত ক'লব্ৰুকে আঙুলিওৱাৰ পৰাই এই কথাৰ ওপৰত তৰ্ক চলি আহিছে যে প্ৰকৃততে মানুহক বলি দিয়া হৈছিল নে নাই। ইয়াক এটা চিহ্নগত বিধি বুলি তেওঁ দাবী কৰিছিল।[2] কোনো শিলালিপি আদি পোৱা হোৱা নাই য'ত পুৰুষমেধৰ উল্লেখ আছে, সেয়ে কোনো কোনো বিশেষজ্ঞৰ মতে, এই যজ্ঞৰ উল্লেখ কেৱল সাম্ভাৱ্য যজ্ঞৰ সূচীৰ পূৰ্ণতাৰ বাবেহে কৰা হৈছিল।[1] আস্ক' পাৰ্প'লাৰ মতে, বৈদিক লেখত প্ৰকৃত মানৱ বলিৰ ইংগিত পোৱা যায়, কিন্তু ব্ৰাহ্মণসমূহত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা পোৱা যায়।[note 1] শতপথ ব্ৰাহ্মণত এটি আকাশী মাতে কাৰ্যটো ৰখাই দিয়ে।[1] পাণিনিঅষ্টাধ্যায়ীৰ ধাতুপথত মেধৰ ধাতু সংজ্ঞায়িত কৰা হৈছে এনেদৰে: ঊৰ্জা সমন্বয় কৰা কোনো ফলৰ বাবে।

হিন্দু মহাকাব্যত সম্পাদনা কৰক

ঐতৰেয় ব্ৰাহ্মণত ৰজা হৰিশ্চন্দ্ৰৰ কথা কোৱা হৈছে। সন্তানহীন ৰজাজনে বৰুণক এটি পুত্ৰ বিচাৰিলে, আৰু তাৰ প্ৰতিদানস্বৰূপে, বৰুণে সেই সন্তান তেওঁৰ পৰা বলি হিচাপে বিচাৰিলে। হৰিশ্চন্দ্ৰই পুত্ৰ ৰোহিতৰ বলিত পলম কৰি গৈ থাকিল, আৰু ৰোহিতক ডাঙৰ হ'বলৈ দিলে। পাছলৈ, ৰোহিতে বনলৈ গৈ নিজৰ বিকল্প এটা বিচাৰি পালে। অজীগৰ্ত নামৰ দৰিদ্ৰ ব্ৰাহ্মণ এজনে ৰোহিতক নিজৰ পুত্ৰ শুনঃশেপক বিক্ৰী কৰিলে। শুনঃশেপে কিন্তু মৃত্যুৰ আগতে বিশ্বামিত্ৰই শিকোৱা মন্ত্ৰ উচ্চাৰণ কৰি নিজকে মুক্ত কৰি ল'লে।[3] এই কাহিনী ভাগৱৎ পুৰাণতো পোৱা যায়।[4]

বেদান্ত আৰু পুৰাণত সম্পাদনা কৰক

নৰ বলি আৰু নৰ ভক্ষণক ভাগৱৎ পুৰাণত স্পষ্টভাৱে নিন্দা কৰা হৈছে (৫.২৬.৩১)। ছান্দোগ্য উপনিষদৰ মতে, পুৰুষমেধ জীৱনৰ উপমা। বিভিন্ন উৎচৰ্গ জীৱনৰ বিভিন্ন স্তৰৰ সৈতে তুলনা কৰা হৈছে।

টোকা সম্পাদনা কৰক

  1. "I therefore discuss first a few important textual references and their interpretation, hoping to establish beyond reasonable doubt that Vedic texts do indeed attest to real human sacrifices performed within the memory preserved by the authors, and that by the time of the Brahmana texts, the actual practice of bloody offering had already begun to diminish." Parpola (2007) p. 161

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Knipe 2015, পৃষ্ঠা. 237.
  2. Parpola (2007) p. 159
  3. Parpola (2007) pp. 161–164
  4. Bhagavata Purana, Canto 9, Chapter 7