পুৱতি নিশাৰ সপোন

অসমীয়া কথাছবি (১৯৫৯)

পুৱতি নিশাৰ সপোন (ইংৰাজী: Puwati Nishar Sapon) ১৯৫৯ত মুক্তি পোৱা এখন অসমীয়া কথাছবিফণী শৰ্মাই ছবিখন পৰিচালনা কৰাৰ উপৰিও কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ৰূপজ্যোতি প্ৰডাকচনৰ বেনাৰত গামা প্ৰসাদ আগৰৱালাই ছবিখন প্ৰযোজনা কৰিছিল। এজন মৌজাদাৰ, এটা চাহ খেতিয়কৰ পৰিয়াল আৰু এজন ভণ্ড তপস্বী মাৰোৱাৰী মহাজনক কেন্দ্ৰ কৰি জাল-জুৱাচুৰি, হত্যা, প্ৰবঞ্চনা আদিৰ মাজেৰে কাহিনীভাগ আগবাঢ়িছে আৰু অৱশেষত পুৱতি নিশাৰ সপোন বাস্তৱায়িত হয়।[1]

পুৱতি নিশাৰ সপোন
Puwati Nishar Sapon
পৰিচালক ফণী শৰ্মা
চিত্ৰনাট্য ফণী শৰ্মা
কাহিনী ফণী শৰ্মা
প্ৰযোজক গামা প্ৰসাদ আগৰৱালা
অভিনয়ত ইভা আচাও
তচদ্দুক ইউচুফ
বিৰাজ দাস
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
১৯৫৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

অভিনয় কৰিছিল ইভা আচাও, জ্ঞানদা কাকতি, তচদ্দুক ইউচুফ, দুৰ্গা গোস্বামী, ফণী শৰ্মা, নিত্য মহন্ত, প্ৰবীন ফুকন, কুলেন গোস্বামী, নবীন গোস্বামী আদিয়ে। মুখত হৰে কৃষ্ণ, হৰে ৰাম নুগুচা এজন কুখ্যাত মাৰোৱাৰী চোৰাং বেপাৰীৰ ভাওত অভিয়ত কৰা বিৰাজ দাসৰ অভিনয় প্ৰশংসনীয় হৈছিল।

ভূপেন হাজৰিকাই ছবিখনৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল। কণ্ঠ দিছিল ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আৰু বিৰজা দাসে।[1][2]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
কঁহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাবতি ভূপেন হাজৰিকা ভূপেন হাজৰিকা
সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গ’ল ভূপেন হাজৰিকা ভূপেন হাজৰিকা
  1. 1.0 1.1 মঞ্চলেখা, পৃষ্ঠা ৩২১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  2. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৭২). বাণী মন্দিৰ, ডিব্ৰুগড়.