পোহৰ মন্ত্ৰ

জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু কেগন সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ সংস্কৃত মন্ত্ৰ

পোহৰ মন্ত্ৰ, যাক অমোঘপাশ (অবিফল ৰছী ফান্দ) মন্ত্ৰ বুলিও কোৱা হয়, বৌদ্ধ ধৰ্মৰ শিংগন আৰু কেগন পন্থাৰ এক গুৰুত্বপূৰ্ণ মন্ত্ৰ যদিও বৌদ্ধধৰ্মৰ অন্যান্য বজ্ৰযান পন্থাত ইয়াৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। ইয়াক আমোঘপাশকল্পৰাজ-সূত্ৰ (চীনা অনুবাদ তাইশো ত্ৰিপিটক, সংস্কৰণ সংখ্যা-১০৯২) বা বুদ্ধ বৈৰোচনৰ মহান শুদ্ধিৰ অবিফল ৰছী ফান্দৰ মন্ত্ৰৰ সূত্ৰৰ পৰা লোৱা হৈছে[1] আৰু ইয়াক তলত দিয়া ধৰণে জপ কৰা হৈছে:

পোহৰ মন্ত্ৰ মণ্ডল
ৰোমান লিপিঃ om̐ amogha vairocana mahāmudrā maṇipadma jvāla pravarttaya hūm̐
দেৱনাগৰী: ॐ अमोघ वैरोचन महामुद्रा मणि पद्म ज्वाल प्रवर्त्तय हूँ
অসমীয়া: ওঁ অমোঘ ৱৈৰোচন মহামুদ্ৰা মণি পদ্ম জ্ৱাল প্ৰৱৰ্ত্তয় হূঁ
এই শব্দটোৰ বিষয়ে Sanskrit Pronunciation
  • জাপানীঃ おん あぼきゃ べいろしゃのう まかぼだら まに はんどま じんばら はらばりたや うん Om abogya beiroshanō makabodara mani handoma jinbara harabari tayaun ওম্ অবোগ্য় বেইৰশনো মকবদৰ মনি হন্দম জিন্বৰ হৰবৰি তয়উন্
  • কোৰিয়ানঃ 옴 아모가 바이로차나 마하무드라 마니 파드마 즈바라 프라바릍타야 훔 om amoga bairochana mahamudeura mani padeuma jeubara peurabareutaya hum ওম্ অমোগ বৈৰোচন মহমুদেউৰ মনি পদেউম জেউবৰ পেউৰবৰেউতয় হুম্
  • ভিয়েটনামী: Án (Ông/Úm) A ma cát Hoài lô giai nã Ma cáp mẫu đức la Ma ni bá đức ma Cập phạp la Bát la phạp nhĩ đả nha Hồng
  • কাঞ্জি আৰু চীনা লিপি: 唵 阿謨伽 尾盧左曩 摩訶母捺囉 麽抳 鉢納麽 入嚩攞 鉢囉韈哆野 吽 Ǎn ā mó jiā wěi lú zuǒ nǎng mó hē mǔ nà luō me nǐ bō nà me rù mó luó bō luō wà duō yě hōng
তিব্বতী: ཨོཾ་ཨ་མོ་གྷ་བཻ་རོ་ཙ་ན་མ་ཧཱ་མུ་དྲཱ་མ་ཎི་པདྨ​་ཛྭ་ལ་པྲ་བརྟ་ཡ་ཧཱུྃ༔, ওং অ মো ঘ বৈ ৰো চ ন ম হা মু দ্ৰা ম ণি পদ্ম​ জ্ৱ ল প্ৰ বৰ্ত য় হূঁ।

অধ্যাপক মাৰ্ক উন্নোৰ মতে এই মন্ত্ৰৰ অনুবাদ মোটামুটিভাৱে হ’ল-[1]

মহান মুদ্ৰা [বা বুদ্ধ] ৰ নিৰ্দোষ, সৰ্বব্যাপী আলোকৰ প্ৰশংসা হওক। মোৰ ওচৰলৈ ৰত্ন, পদ্ম আৰু উজ্জ্বল পোহৰ ঘূৰাই দিয়ক।

প্ৰথম অৱস্থাত পূব এছিয়াৰ বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহত এই মন্ত্ৰটোৰ বিষয়ে কম উল্লেখ পোৱা গৈছিল আৰু যদিও কুকাইয়ে নৱম শতিকাত জাপানলৈ এই সূত্ৰটো আনিছিল, তথাপিও তেওঁ ইয়াক তান্ত্ৰিক পদ্ধতিত কেতিয়াও ব্যৱহাৰ কৰিছিল বুলি কোনো তথ্য নাই।[1] ঐতিহাসিক ৰেকৰ্ডসমূহে দেখুৱাইছে যে হেইয়ান যুগত ক্ৰমান্বয়ে ব্যৱহাৰ বৃদ্ধি পাইছিল, ত্ৰয়োদশ শতিকালৈকে যেতিয়া ইয়াক মধ্যযুগীয় জাপানী বৌদ্ধধৰ্মত ম্য়ো'এ জনপ্ৰিয় কৰি তুলিছিল, আৰু পিছলৈ শিংগন সন্ন্যাসী এইচন আৰু নিন্শো'ই তেওঁলোকৰ মন্ত্ৰণালয়ত জনপ্ৰিয় কৰিছিল।[1][2] মন্ত্ৰ আৰু নেম্বুত্ছু(বুদ্ধনামাবৃত্তি) দুয়োটাকে প্ৰায়ে মধ্যযুগীয় বৌদ্ধসকলে কোনোবা এটা সময়ত অন্তৰ্ভুক্ত কৰিছিল, প্ৰায়ে একে সেৱাতে। পোহৰ মন্ত্ৰৰ বাবে এটা সাধাৰণ প্ৰথা আছিল সূত্ৰত ব্যাখ্যা কৰা শিক্ষাৰ ভিত্তিত কোনো মৃত ব্যক্তিৰ শৰীৰত বা তেওঁলোকৰ সমাধিৰ ওপৰত এই মন্ত্ৰেৰে আশীৰ্বাদ দিয়া বিশুদ্ধ বালি ছটিয়াই দিয়া। বিশ্বাস আছিল যে যিজন ব্যক্তিয়ে বহুত বেয়া কৰ্ম জমা কৰিছে, আৰু নৰকত সম্ভাৱ্য পুনৰ্জন্মক তৎক্ষণাত মুক্ত হ’ব আৰু অমিতাভবুদ্ধৰ বিশুদ্ধভূমিত অনুকূল পুনৰ্জন্মৰ অনুমতি দিব। এই প্ৰথাক জাপানী ভাষাত দোশা-কাজি dosha-kaji (土砂加持) বুলি জনা যায়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 Unno, Mark (2004). Shingon Refractions: Myoe and the Mantra of Light. Wisdom Press. পৃষ্ঠা. 1, 26–41. ISBN 0-86171-390-7. 
  2. Tanabe Jr., George (1999). Religions of Japan in Practice. Princeton University Press. পৃষ্ঠা. 92. ISBN 0-231-11286-6.