প্যাটথাট্
প্যাটথাট (ইংৰাজী: Pyatthat) শব্দটো সংস্কৃত শব্দ 'প্ৰসাদ'ৰ পৰা উদ্ভৱ হোৱা। ইয়াৰ দ্বাৰা ঘৰৰ বহুস্তৰীয় চালক বুজোৱা হয়। এই স্তৰৰ সংখ্যা অযুগ্ম সংখ্যক (তিনিৰ পৰা সাতলৈ)।[1] সাধাৰণতে বাৰ্মিজ বৌদ্ধ আৰু ৰাজকীয় স্থাপত্য (যেনে, কিয়াং, ৰাজপ্ৰসাদৰ ভৱন, পেগোডা) আৰু বুদ্ধৰ প্ৰতিমূৰ্তি বা অন্যান্য পবিত্ৰ স্থানৰ টিঙৰ ওপৰত টাৱাৰ সদৃশ এই প্যাটথাট্ আকৃতি অন্তৰ্ভুক্ত কৰা হয়।[1]
নিৰ্মাণ
সম্পাদনা কৰকপ্যাটথাটবোৰ অতিমাত্ৰাৰ পিৰামিডৰ আকৃতিৰ একেৰাহে গেবলযুক্ত আয়তাকাৰ চালৰ দ্বাৰা নিৰ্মিত, প্ৰতিখন চালৰ মাজত লেবাউ (လည်ပေါ်) নামৰ এটা বাকচৰ দৰে গঠন থাকে।[1] প্যাটথাটৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি টাইং বু (တိုင်ဖူး) বা কুন বু (ကွန်းဖူး) নামৰ কাঠৰ শিখৰৰ এক মুকুট পিন্ধোৱা হয়, এইটো দেখাত hti ( যিয়ে বাৰ্মিজ পেগোডাৰ টিঙত লগোৱা ছাতিৰ আকৃতিৰ অলংকাৰক বুজাই)ৰ দৰে। প্ৰতিটো স্তৰৰ প্ৰান্তবোৰত ধাতুৰ চাদৰেৰে নিৰ্মিত সোণৰ প্ৰলেপ লগোৱা সজ্জাগত ডিজাইন আৰু চুকবোৰত ডু য়িন (တုရင်) নামৰ সজ্জাগত অলংকাৰ (থাই চোফাহৰ সৈতে মিল থকা) থাকে। প্যায়াটথাৰ তিনিটা প্ৰাথমিক প্ৰকাৰ আছে, তাৰ তাৰতম্য বৌন (ဘုံ) নামৰ স্তৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। তিনিটা, পাঁচটা আৰু সাতটা স্তৰৰ চালক ক্ৰমে ইহমা, থুবা আৰু থুয়াহমা বোলা হয়। .[2]
ইতিহাস
সম্পাদনা কৰকবাৰ্মিজ স্থাপত্যৰ আৰম্ভণিতেই এই প্যাটাথৰ ব্যৱহাৰ আৰম্ভ হৈছিল, ইয়াৰ উদাহৰণ পৌত্তলিক যুগৰ কিছুমান সমলত পোৱা যায়।[3] প্যাটথাটক বৈশিষ্ট্যযুক্ত কৰা এই যুগৰ বিশিষ্ট উদাহৰণবোৰ হ'ল- আনন্দ মন্দিৰ আৰু গাউডাউপলিন মন্দিৰ।
প্ৰাক-ঔপনিৱেশিক বাৰ্মাত ৰাজকীয় অট্টালিকাসমূহত প্যাটথাট থকাটো এক বিশেষ গুৰুত্বৰ বৈশিষ্ট্য হিচাপে বিবেচনা কৰা হৈছিল। এয়া বৌদ্ধ স্বৰ্গ তৱতিমছাৰ প্ৰতীকস্বৰূপ আছিল। ৰাজমহলৰ প্ৰাথমিক দৰ্শক ভৱনৰ মূল সিংহাসনৰ ওপৰত নটা স্তৰৰ প্যাটথাট্ আছিল, যাৰ টিঙ অংশই মেৰু পৰ্বতক (မြင်းမိုရ်) আৰু তলৰ ছটা স্তৰে দেৱতা আৰু মানুহৰ ছটা বাসস্থানক প্ৰতিনিধিত্ব কৰিছিল।[4] তদুপৰি বাৰ্মিজৰ ৰাজধানী চহৰৰ ১২খন দুৱাৰত প্যাটথাট ব্যৱহাৰ হৈছিল, ৰজাঘৰীয়াসকলে ব্যৱহাৰ কৰা ইয়াৰে মূল দুৱাৰবোৰৰ পাঁচটা স্তৰ আৰু বাকীবোৰৰ পাঁচটা স্তৰ আছিল।[5]
প্ৰাক-ঔপনিৱেশিক বাৰ্মাত ছাম্পচুৱেৰী আইনসমূহে প্যাটথাটৰ ব্যৱহাৰ ৰাজকীয় আৰু ধৰ্মীয় অট্টালিকাতেই সীমাবদ্ধ কৰি ৰাখিছিল,[6] ইয়াৰোপৰি চৰকাৰী পদবীৰ প্ৰতিটো গ্ৰেডৰ অনুপাতে প্যাটথাটৰ স্তৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰা হৈছিল,[7] নটা স্তৰৰ প্যাটথাট কেৱল কেন্দ্ৰীয় ৰাজ্যখনৰ বাবে সংৰক্ষিত আছিল, আনহাতে গুৰুত্বপূৰ্ণ উপৰাজ্যসমূত সাতটা স্তৰৰ প্যাটথাট ব্যৱহাৰ হৈছিল।[8]
চিত্ৰ বীথিকা
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 Hla, U Kan (1977). "Pagan: Development and Town Planning". Journal of the Society of Architectural Historians খণ্ড 36 (1): 15–29. doi:10.2307/989143.
- ↑ Scott, James George (1910). The Burman, His Life and Notions. BiblioBazaar. পৃষ্ঠা. 126. ISBN 978-1-115-23195-4.
- ↑ Strachan, Paul (1990). Imperial Pagan: art and architecture of Burma. University of Hawaii Press. ISBN 978-0-8248-1325-3.
- ↑ Ferguson, John (1981). Essays on Burma. Brill Archive. পৃষ্ঠা. 53. ISBN 978-90-04-06323-5.
- ↑ Michael, Aung-Thwin (1986). "Heaven, Earth, and the Supernatural World: Dimensions of the Exemplary Center in Burmese History". Journal of Developing Societies খণ্ড 2. সাঁচ:ProQuest.
- ↑ Fraser-Lu, Sylvia (1994) (en ভাষাত). Burmese Crafts: Past and Present. Oxford University Press. ISBN 9780195886085. https://books.google.com/books?id=Vx3rAAAAMAAJ.
- ↑ Tilly, Henry L. (1903). Wood Carving Of Burma. প্ৰকাশক Burma: Superintendent, Government Printing.
- ↑ Nisbet, John (1901) (en ভাষাত). Burma Under British Rule--and Before. A. Constable. https://archive.org/details/burmaunderbritis01nisb.