প্লাজমা পদাৰ্থৰ তথাকথিত চতুৰ্থ অৱস্থা (কঠিন, তৰল আৰু গেছীয়ৰ পিছৰ অৱস্থা )। ১৯২০ চনত ৰসায়নবিদ আৰভিং লেংমুৰিৰে[1] পোনপ্ৰথমে প্লাজমা শব্দটো আগবঢ়াইছিল।[2] প্লাজমা হৈছে আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান। আন্তঃনাক্ষত্ৰিক স্থানত, গেছ ক্ষৰণ টিউবত, নক্ষত্ৰ'ৰ (আনকি সূৰ্য্যৰ) বাতাবৰন আৰু পৰীক্ষামূলক তাপ-নিউক্লীয় বিক্ৰিয়ক(Thermonuclear reactor)ত প্লাজমা অৱস্থা পোৱা যায়। বৈদ্যুতিকভাবে প্ৰশম থকা সত্ত্বেও প্লাজমাই সহজে বিদ্যুৎ পৰিবহন কৰে। প্লাজমাৰ তাপমাত্ৰা অতি উচ্চ। প্লাজমাৰ কণাবোৰ আয়নিত হোৱা গেছৰ লগত কিছু আচৰণগত পাৰ্থক্য আছে। গৱেষণাগাৰত নিম্নচাপত ৰাখি গেছ এটাক ( গেছীয় কণাবোৰৰ গড় গতিশক্তি গেছীয় অণু বা পৰমাণুসমূহৰ আয়নীকৰণ বিভৱৰ সমান নোহোৱালৈ) উত্তপ্ত কৰি প্লাজমা তৈয়াৰ কৰা হয়। অতি উচ্চ তাপমাত্ৰা (প্ৰায় ৫০০০০ কেলভিন বা তাতোকৈ বেছি) গেছীয় কণাবোৰৰ মাজত সংঘৰ্ষৰ কাৰণে গেছৰ ঝৰ্ণীত আয়নায়ণ(Cascading ionization) ঘটে। তেতিয়া কিছু ক্ষেত্ৰত যেনে- প্ৰতিপ্ৰভ(Fluorescent) চাকি, প্লাজমাকণাবোৰ নিৰন্তৰ ধাৰকৰ বেৰৰ লগত সংঘৰ্ষত লিপ্ত হোৱাৰ পিছত শীতলীকৰণ আৰু পুনৰ্মিলন(Recombination) ঘটে যাৰ ফলত সামগ্ৰিক তাপমাত্ৰা কম হবলৈ ধৰে। এনে ক্ষেত্ৰত সাধাৰনতঃ আংশিক আয়নীকৰণ ঘটে আৰু বিপুল শক্তিৰ যোগান(Input) দৰকাৰ। তাপ-নিউক্লীয় বিক্ৰিয়কত প্লাজমাকণাসমূহক বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ মাধ্যমত ধাৰকৰ বেৰৰ পৰা দূৰত ৰাখা হয় যাতে প্লাজমাৰ তাপমাত্ৰা অতি উচ্চাৰণ হৈ থাকে।

প্লাজমা চাকি

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Goldston, R.J.; Rutherford, P.H. (1995). Introduction to Plasma Physics. Taylor & Francis. পৃষ্ঠা. 1−2. ISBN 978-0-7503-0183-1. 
  2. Morozov, A.I. (2012). Introduction to Plasma Dynamics. CRC Press. পৃষ্ঠা. 17. ISBN 978-1-4398-8132-3.